ETV Bharat / state

বিজেপি চৰকাৰে মথাউৰিৰ সংবৰ্দ্ধন-সংৰক্ষণৰ দায়িত্ব পালন কৰিছেনে ? প্ৰশ্ন সাংসদ বৰদলৈৰ - Assam flood 2024 - ASSAM FLOOD 2024

Assam Politics : ৰাজীৱ ভৱনত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল । কংগ্ৰেছে কেৱল মথাউৰিয়েই নিৰ্মাণ কৰা নাছিল, কংগ্ৰেছে গোটেই দেশখনেই নিৰ্মাণ কৰিছিল । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ বৰদলৈৰ তিনিটা প্ৰস্তাৱ ।

ASSAM FLOOD 2024
ৰাজীৱ ভৱনত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 5:12 PM IST

গুৱাহাটী, 13 জুলাই : মথাউৰি ভঙাৰ সকলো দোষ কংগ্ৰেছৰ ওপৰত জাপি দিয়াক লৈ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ মথাউৰিৰ সংবৰ্দ্ধন আৰু সংৰক্ষণৰ দায়িত্ব চৰকাৰৰ আৰু বিজেপি চৰকাৰৰ দিনত এই কাম কৰা হৈছিল নেকি বুলি প্ৰশ্ন কৰে সাংসদগৰাকীয়ে ৷ শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি সাংসদ বৰদলৈয়ে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল (ETV BHARAT ASSAM)

তেওঁ কয় যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ পাচত হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ 10 মে'ত প্ৰথমখন সংবাদমেল সম্বোধন কৰি ৰাজ্যক বান-খহনীয়াৰ পৰা মুক্ত কৰাৰ বাবে অহৰহ কাম কৰাৰ কথা কৈছিল ৷ কিন্তু বাস্তৱত একো নকৰিলে ৷ মথাউৰি ভঙাৰ ক্ষেত্ৰত কংগ্ৰেছৰ ওপৰত দোষ জাপি দিয়া সন্দৰ্ভত তেওঁ কয় যে কংগ্ৰেছে কেৱল মথাউৰিয়েই নিৰ্মাণ কৰা নাছিল, কংগ্ৰেছে গোটেই দেশখনেই নিৰ্মাণ কৰিছিল ৷ কংগ্ৰেছে অসমত 50ৰ দশকৰ পৰাই মথাউৰি নিৰ্মাণ কৰিছিল ৷ 1950 চনৰ বৰভূঁইকঁপৰ পিচত হবলৈ ধৰা বানপানীয়ে জুৰুলা কৰা অসমত প্ৰতিবছৰে ধাননী পথাৰসমূহৰ সমুদায় ধান ধ্বংস প্ৰতিৰোধ কৰিবলৈ 1954 চনৰ পৰা অসমত ঘাইকৈ বানপানী অধ্যুষিত নদীপাৰত মথাউৰি নিৰ্মাণ কৰিবলৈ লোৱা হ'ল ৷ পিচলৈ এই মথাউৰিসমূহ 60ৰ দশকৰ পৰা ক্ৰমে সম্প্ৰসাৰিত কৰা হ'ল ৷ অসমত প্ৰায় প্ৰতিবছৰে হোৱা বানৰ বিভীষিকা নতুন কথা নহয় ৷ বিগত 7টা দশকৰ ভিতৰত 1951, 1968, 1972, 1987, 1988, 1998, 2004, 2008, 2012, 2019, 2022 আৰু এই বছৰ অসমে আটাইতকৈ বেছি ডাঙৰ বানৰ ধ্বংসলীলা দেখিলে ৷ অসমৰ মুঠ মাটিকালিৰ প্ৰায় 40 শতাংশ অঞ্চল অৰ্থাৎ 32 লাখ হেক্টৰ মাটিত সাধাৰণতে বানৰ প্ৰকোপ দেখা পোৱা যায় ৷

তেওঁ কয় যে বিশেষজ্ঞসকলে আগতেই কৈছিল যে নিয়মিতভাৱে ৰক্ষণাবেক্ষণ, সংবৰ্দ্ধন আৰু আপদাল নকৰিলে যি কোনো মথাউৰিৰে সাধাৰণ জীৱনকাল 25 বছৰ মানহে হয় ৷ অসমত বানপানী সাধাৰণতে বছৰত তিনিবাৰ পৰ্যন্ত হয় যদিও গোটেই বছৰ ধৰি চলি থাকে নদীৰ গৰাখহনীয়াৰ প্ৰকোপ ৷ অসমত নদীৰ গৰাখহনীয়াৰ বাবেই বছৰি প্ৰায় 8 হেজাৰ হেক্টৰ মাটিত থকা খেতি পথাৰ, মানুহৰ ঘৰ-বাৰী, মন্দিৰ-মছজিদ আদি নদীত জাহ গৈ আহিছে ৷ ঠায়ে ঠায়ে ব্ৰহ্মপুত্ৰখন ক্ৰমে বহল, বহুধাবিভক্ত আৰু বাম হৈ আহি আছে আৰু ফলত বান দুয়োপাৰে আৰু বেছিকৈ হ’বলৈ আৰম্ভ কৰিছে ৷ বিজেপি চৰকাৰে মথাউৰিৰ ৰক্ষণাবেক্ষণ, সংবৰ্দ্ধনৰ বাবে কোনো কাম কৰা নাই বুলি অভিযোগ কৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ দৰে কংগ্ৰেছ দলে নিজৰ হেমাহিৰ বাবে আনক দোষাৰোপ কৰাৰ সলনি অসমৰ স্বাৰ্থত গঠনমূলকভাবে কাম কৰিব বিচাৰে ৷ এইবাৰ লোকসভাত অসমৰ দীৰ্ঘদিনীয়া বান আৰু গৰাখহনীয়াৰ সমস্যাক বিজ্ঞানসন্মতভাৱে প্ৰৱন্ধন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ ওচৰত দাবী জনোৱাৰ কথা তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক : 'দাদা ব্ৰিগেড'ৰ অত্যাচাৰত কোন ক্ষুব্ধ ? ক'লে বৰদলৈয়ে - Internal Conflict In Assam’s BJP

সাংসদগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ ওচৰত তিনিটা প্ৰস্তাৱ দাঙি ধৰে ৷ তেওঁ কয় যে বান আৰু খহনীয়াৰ বিষয়টোক ৰাজ্যৰ বিষয় বুলি কেন্দ্ৰই সদায় গুৰুত্বহীন কৰি আহিছে ৷ যাৰ বাবে অসমৰ বান আৰু নদীৰ গৰা খহনীয়াৰ বিষয়কেইটা সংবিধানৰ সমৱৰ্তি সূচীলৈ (Concurrent List) অনা হওক আৰু বানপানী তথা গৰাখহনীয়া প্ৰৱন্ধন বিষয়ক সংবিধানৰ সপ্তম সূচীত অংকিত কৰা হওক ৷ যাতে এই সমস্যাকেইটা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সদায় অংশীদাৰ হ'ব পাৰে ৷ সেইদৰে নদী উপত্যকাত জলসম্পদৰ বহুখলপীয়া ব্যৱহাৰ সুনিশ্চিত কৰিবলৈ অৰুণাচলকো সামৰি বহু চৰ্চিত Brahmaputra River Valley Authority গঠন কৰাৰ দাবী তেওঁ উত্থাপন কৰে ৷ এইক্ষেত্ৰত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশেষ ভূমিকা লোৱাৰ বাবে আহ্বান জনায় ৷ আনহাতে অসমৰ জলসম্পদ বিভাগৰ আয়ত্বাধীন অনুষ্ঠান হিচাবে অসমত এক Riverine Erosion & Embankment Management Authority গঠন কৰাৰ তেওঁ দাবী উত্থাপন কৰে ৷ যাতে এই অথৰিটিয়ে সদায় একাণপতীয়াকৈ মথাউৰিসমূহৰ ৰক্ষণাবেক্ষন, সংবৰ্দ্ধন আৰু আপদাল কৰাৰ লগতে বছৰজুৰি চলি থকা নদী গৰাখহনীয়া প্ৰতিৰোধৰ বিজ্ঞানসুলভ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ৷ এই তিনিটা প্ৰস্তাৱ তেওঁ এইবাৰৰ সংসদৰ অধিৱেশনত উত্থাপন কৰাৰ কথা সদৰী কৰে সাংসদ বৰদলৈয়ে ৷

লগতে পঢ়ক : ৰাজ্যৰ ২৪ জিলা এতিয়াও বানৰ কবলত; বানত মৃত্যুৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি - Assam Flood 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.