লখিমপুৰ, 20 আগষ্ট: লখিমপুৰত পুনৰ উদ্ধাৰ হ’ল জালনোট । মঙলবাৰৰ নিচেই পুৱাতে আৰক্ষীয়ে চলাইছিল অভিযান ৷ এই অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় চাৰি লক্ষাধিক জালনোট । জানিব পৰা মতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে ।
হাছিনাৰ সহযোগীৰ ঘৰত অভিযান
উল্লেখ্য যে, লখিমপুৰৰ বিতৰ্কিত মহিলা হাছিনা বেগমৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ মঙলবাৰে আৰক্ষীয়ে ধৃত হাছিনা বেগমৰ স্বীকাৰোক্তিৰ ভিত্তিত হাছিনাৰ এগৰাকী সহযোগীৰ ঘৰত অভিযান চলায় । আৰক্ষীয়ে ম'হঘূলিৰ ৰহিম উদ্দিনৰ ঘৰত অভিযান চলাইছিল বুলি জানিব পৰা গৈছে ৷ এই অভিযানকালত আৰক্ষীয়ে জব্দ কৰে চাৰি লক্ষাধিক জালনোট ৷
জিলাখনৰ নাওবৈচা, বিহপুৰীয়া, বঙালমৰা আৰু খেলমাটিত আৰক্ষীৰ দলে এই অভিযান চলাইছিল বুলি জানিব পৰা গৈছে ।
প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ বিতৰ্কিত হাছিনা
উল্লেখযোগ্য যে, বিগত 10 আগষ্টৰ দিনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল হাছিনা বেগমক । বিহপুৰীয়া থানাৰ অন্তৰ্গত এজন লোকে হাছিনা বেগমৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰো ৰুজু কৰে ৷ এজাহাৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে গুৱাহাটীৰ এখন হোটেলৰ পৰা হাছিনাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । হাছিনাৰ লগতে একেখন হোটেলৰ পৰা ফকৰুদ্দিন নামৰ এজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে হাছিনাক পুনৰ দুদিনৰ বাবে জিম্মাত লৈ চলাইছিল অভিযান ।
আৰক্ষীৰে সোধা-পোছাত হাছিনাই প্ৰকাশ কৰিছে বহু জালনোট আৰু নকল সোণ বেপাৰীৰ নাম ।
জানিব পৰা মতে আজি হাছিনাক আদালতত হাজিৰ কৰোৱাই পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব । এসময়ত নকল সোণ, জালনোট আদিৰ বিৰুদ্ধে যুঁজ দি অহা বুলি সততে প্ৰচাৰ কৰি অহা হাছিনাৰ ঘৰত অথবা হাছিনাৰ সহযোগীৰ ঘৰত এতিয়া এনেদৰে জালনোট, নকল সোণ উদ্ধাৰ হোৱা ঘটনাবোৰে ৰাইজক আচৰিত কৰি তুলিছে ।