ETV Bharat / state

পাকাবেতবাৰীত ৰাইজৰ দলৰ বিশেষ সাংগঠনিক সভা, শতাধিক লোকৰ যোগদান - Raijor Dol

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 8:38 PM IST

Raijor Dol Joining Meeting : পাকাবেতবাৰী সমষ্টিৰ দক্ষিণ পাকা গাঁও পঞ্চায়তত ৰাইজৰ দলৰ বিশেষ সাংগঠনিক সভা ৷ সভাত বিভিন্ন দলৰ প্ৰায় শতাধিক নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে ৷

RAIJOR DOL JOINING MEETING
ৰাইজৰ দলত যোগদান (ETV BHARAT ASSAM)

বৰপেটা, 30 জুন : পঞ্চায়ত নিৰ্বাচনক বাবে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে ইতিমধ্যে আৰম্ভ কৰিছে কুচ-কাৱাজ ৷ দলটোৰ ৰাজনৈতিক ভেটি মজবুত কৰিবলৈ নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলত আৰম্ভ কৰিছে সাংগঠনিক কাৰ্যকলাপ ৷

পাকাবেতবাৰীত ৰাইজৰ দলৰ বিশেষ সাংগঠনিক সভা (ETV BHARAT ASSAM)

দেওবাৰে পাকাবেতবাৰী সমষ্টিৰ দক্ষিণ পাকা গাঁও পঞ্চায়তৰ হেলচাস্থিত নিউ মডেল একাডেমীত ৰাইজৰ দলৰ এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হৈ যায় ৷ স্থানীয় মুৰব্বী আবুল কাশেমৰ সভাপতিত্বত অনুষ্ঠিত সাংগঠনিক সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি কাজী নাজিমুল হক উপস্থিত থাকে ৷ প্ৰায় দুই শতাধিক লোক উপস্থিত থকা সভাখনত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানে দলৰ আদৰ্শ, উদ্দেশ্য-লক্ষ্য সম্পৰ্কে ভাষণ প্ৰদান কৰে ৷ ৰাজ্যৰ শাসকীয় বিজেপি দলে সংখ্যালঘু বিৰোধী কাৰ্যকলাপ চলাই আছে বুলি অভিযোগ কৰাৰ লগতে সংখ্যালঘুৱে আপোন বুলি ভবা একাংশ ৰাজনৈতিক দলে স্বাধীনতাৰ পিচৰ পৰাই এই লোকসকলক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি মনিৰুজ জামানে অভিযোগ উত্থাপন কৰে ৷

পাকাবেতবাৰী সমষ্টিত বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত এম জি এনৰেগা, চতুৰ্দশ বিত্তীয় আয়োগ, পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিৰ কামত কোটি কোটি টকাৰ দুৰ্নীতি হৈছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ৷ সাধাৰণ ভোটাৰ ৰাইজক তেওঁ ৰাজনৈতিক পাশাখেলৰ পৰা মুক্ত হ'বলৈ ৰাইজৰ দলত যোগদান কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰি দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰিবলৈ আহ্বান জনায় ৷ আজিৰ সভাত বিভিন্ন দলৰ প্ৰায় শতাধিক নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে ৷ এই সভাত ৰাইজৰ দলৰ বহুতো নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক : যোৰহাটত গৌৰৱ গগৈ জয়ী হোৱাৰ কাৰণ কি ? ভাঙি পাতি ক'লে ৰূপজ্যোতি কুৰ্মীয়ে - MLA Rupjyoti Kurmi Vs Gaurav Gogoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.