ETV Bharat / state

সোণাৰাম খেলপথাৰত নতুন ভৱন ! মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ - Sonaram play ground - SONARAM PLAY GROUND

Sonaram play ground: সোণাৰাম খেলপথাৰত নতুন ভৱন নিৰ্মাণৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ অঞ্চলবাসী । শিক্ষা বিভাগৰ এই সিদ্ধান্ত বাতিল কৰি খেলপথাৰখনক খেলপথাৰ হিচাপে সংৰক্ষণ কৰাৰ দাবী সচেতন ৰাইজৰ । এই সিদ্ধান্তৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ।

MLA Ramendra Narayan Kalita sends memorandum to CM
মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 6:35 PM IST

গুৱাহাটী,৯ জুলাই: গুৱাহাটীত ভৰলুমুখস্থিত শিক্ষা প্ৰতিষ্ঠান সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনত শিক্ষা বিভাগে শেহতীয়াকৈ বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি খবৰ বিয়পি পৰাৰ পাচতেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনকি খেলপথাৰ এখন ধ্বংস কৰি তাত ভৱন নিৰ্মাণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ লগতে প্ৰাক্তন ছাত্ৰ সন্মিলনেও ।

MLA Ramendra Narayan Kalita sends memorandum to CM
মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ (ETV Bharat Assam)

ইয়াৰ মাজতে খেলপথাৰ ধ্বংস কৰি তাত যাতে কোনো ধৰণৰ ভৱন নিৰ্মাণ কৰা নহয় তাৰ বাবে দাবী জনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৮ জুলাইত সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । মুখ্যমন্ত্ৰীক প্ৰদান কৰা পত্ৰত বিধায়কগৰাকীয়ে সোণাৰাম খেলপথাৰত নতুন ভৱন নিৰ্মাণ কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় । মুখ্যমন্ত্ৰীক প্ৰদান কৰা পত্ৰখনত বিধায়কগৰাকীয়ে উল্লেখ কৰা অনুসৰি ভৰলুমুখৰ পৰা মালিগাঁৱলৈ এই বৃহৎ অঞ্চলত এখনেই খেলপথাৰ আছে । সেই খেলপথাৰখন হ'ল সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ ।

সোণাৰাম খেলপথাৰত নতুন ভৱন নিৰ্মাণৰ সিদ্ধান্ত (ETV Bharat Assam)

উক্ত খেল পথাৰত ক্ৰীড়াৰ অনুশীলন, বিভিন্ন সভা-সমিতি, প্রদর্শনী আদি গোটেই বছৰটোতেই অনুষ্ঠিত হৈ থাকে । বর্তমান শিক্ষা বিভাগে উক্ত খেলপথাৰখনতেই সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনটো নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে । উক্ত সিদ্ধান্তৰ প্রতি উক্ত বৃহৎ অঞ্চলৰ ৰাইজৰ লগতে বিদ্যালয় পৰিচালনা সমিতি আৰু প্ৰাক্তন ছাত্ৰ গোটৰো সম্পূর্ণ বিৰোধিতা আছে ।

বিধায়ক হিচাপে কলিতায়ো এই সিদ্ধান্তৰ বিৰোধিতা কৰা বুলি জনায় । তেওঁ কয়, "মই ভাবো-বর্তমানৰ বিদ্যালয়ৰ কাষতেই নতুন ভৱনটো নিৰ্মাণ কৰিব পৰা যাব । গতিকে মই আপোনাৰ হস্তক্ষেপ বিচাৰিছো আৰু শিক্ষা বিভাগে লোৱা সিদ্ধান্তটো বাতিল কৰি আপুনি এইক্ষেত্ৰত এটা সুস্থিৰ সিদ্ধান্ত দিব বুলি আশা কৰিলো ।" উল্লেখ্য যে বৰ্তমান বিদ্যালয়ত গ্ৰীষ্ম বন্ধ চলি আছে । বন্ধ খোলাৰ পাচত ছাত্ৰ সমাজেও খেলপথাৰত নতুন ভৱন নিৰ্মাণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক: ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু হ’ল গোৱালপাৰাৰ যুৱক - Religion change

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.