ETV Bharat / state

বানৰ সময়ত কেন্দ্ৰীয় মন্ত্রীৰ বিলাসিতা অসমীয়া জাতিৰ প্ৰতি অপমান: অখিল গগৈ - ASSAM FLOOD 2024

MLA Akhil Gogoi: কেন্দ্ৰীয় শক্তি আৰু নগৰ পৰিক্ৰমা মন্ত্ৰীৰ অসম ভ্ৰমণক ধিক্কাৰ বিধায়ক অখিল গগৈৰ । সামাজিক মাধ্য়মত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ উজাৰিলে ক্ষোভ ।

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 8:40 AM IST

Akhil Gogoi on social media
সামাজিক মাধ্যমত অখিল গগৈ (ETV BHARAT ASSAM)

গুৱাহাটী, ১০ জুলাই : ‘‘ৰাজ্যবাসী বানত ককবকাই থকাৰ সময়তে কেন্দ্ৰীয় শক্তি আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ আৰু মাছক দানা খুৱাই কৰা বিলাসিতা অসমীয়া জাতিৰ প্ৰতি অপমান ।’’ এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ । মঙলবাৰে সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় শক্তি আৰু নগৰ পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ কৰা সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লগতে কয়, ‘‘গুৱাহাটী মহানগৰৰ নৰ্দমাত ৮ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰৰ ক্ষণত কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালৰ বিলাস ভ্ৰমণ কেন্দ্ৰীয় চৰকাৰৰ ঔপনিৱেশিক মানসিকতাৰ পৰিচয় । আমি ৰাইজৰ দলে বিজেপি চৰকাৰৰ এই মানসিকতাক ধিক্কাৰ দিছো ।’’

উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্রী মনোহৰ লালে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে কয়, ‘‘৩০ খন জিলাৰ ২৪ লাখ মানুহ বানপানীৰ কৱলত আছে । ৭৮ গৰাকী লোকৰ বানত মৃত্যু হৈছে । গুৱাহাটীত কৃত্রিম বানত পৰি এটি শিশুৰ মৃত্যু হৈছে । সেই সময়ত বানৰ বুজ লোৱাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিছে । এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা ।’’

লগতে পঢ়ক: সাধাৰণ জনতাৰ অজ্ঞতাৰ সুযোগ লৈ চৰকাৰে ৰাইজক ৰাম ঠগন দি আছে : অখিল গগৈ - Assam Flood 2024

বিধায়কগৰাকীয়ে লগতে কয়, ‘‘দুদিনমান পূৰ্বে মন্ত্রী অশোক সিংহালে গুৱাহাটীত শিশুটিৰ মৃত্যু ঘটা সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ইভিনিং ৱাক কৰি আছিল । বিজেপি চৰকাৰত ঔপনিৱেশিক মানসিকতা দেখিবলৈ পোৱা গৈছে ।’’ অখিল গগৈয়ে চৰকাৰৰ বিৰুদ্ধে বান সমস্যা সমাধান সন্দৰ্ভত পুনৰ সৰৱ হৈ কয়, ‘‘বিজেপি দলে আৰু চৰকাৰে অসমৰ বানপানীৰ সমস্যাটোক অলপো গুৰুত্ব দিয়া নাই ।’’

লগতে পঢ়ক:নগৰ উন্নয়ন মন্ত্ৰীক অস্তিত্বহীন আখ্যা বিধায়ক অখিল গগৈৰ - MLA Akhil Gogoi

গৃহমন্ত্ৰীয়ে অসমবাসীক চৰম অপমান কৰিছে : অখিল গগৈ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.