নগাঁও, 8 আগষ্ট: বুধবাৰে এক গোচৰৰ শুনানিৰ বাবে নগাঁও আদালতত উপস্থিত হৈ বহুকেইটা বিষয়ত মন্তব্য প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ৷ কংগ্ৰেছৰ সৈতে বিৰোধী ঐক্যমঞ্চৰ পৰা গুৱাহাটীৰ বান সমস্যা, কাজিৰঙাত প্ৰস্তাৱিত হোটেল নিৰ্মাণলৈকে কেবাটাও মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ৷
বিগত লোকসভা নিৰ্বাচনত ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি কেইবাটাও আঞ্চলিক দলৰ সৈতে গঠিত বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পাছত এতিয়া কংগ্ৰেছ দলক বিৰোধী ঐক্য প্ৰসংগত সকীয়নি দিবলগীয়া হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷
কংগ্ৰেছক কি সকীয়নি অখিল গগৈৰ ?
বিগত লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যৰ নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পাছত কংগ্ৰেছে আগন্তুক উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত অকলে নিৰ্বাচন খেলাৰ কথা দুই-এক নেতাই ঘোষণা কৰাক লৈ নাৰাজ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷
লগতে পঢ়ক: '26 ৰ পিছত বশিষ্ঠৰ বিজেপিৰ কাৰ্যালয় বিবাহ ভৱনলৈ পৰ্যবসিত হ’ব: অখিল গগৈ - PRESS MEET OF AKHIL GOGOI
বুধবাৰে নগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ জৰিয়তে কংগ্ৰেছক একপ্ৰকাৰ সকীয়নি দিলে বিধায়ক গগৈয়ে ৷ কংগ্ৰেছে বেয়া দিনত আঞ্চলিক দলক ব্যৱহাৰ কৰি ভাল দিনত আঁতৰাই ৰাখিলে কংগ্ৰেছৰ লগত ভৱিষ্যতে নথকাৰ কথা ঘোষণা কৰে বিধায়কগৰাকীয়ে ৷ এই প্ৰসংগক লৈ বৃহস্পতিবাৰে কংগ্ৰেছৰ সৈতে বৈঠক অনুষ্ঠিত হোৱাৰ কথাও উল্লেখ কৰে বিধায়ক গগৈয়ে ৷
গুৱাহাটীৰ বান সমস্যাক লৈ কি কলে অখিল গগৈয়ে ?
এজাক বৰষুণতে গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীকে বিশেষকৈ জগৰীয়া কৰিলে বিধায়ক অখিল গগৈয়ে ৷ কংগ্ৰেছৰ শাসনকালতো দীর্ঘসময় নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰীত্বৰ দায়িত্বত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আছিল বুলি উল্লেখ কৰি গুৱাহাটীৰ বান সমস্যা সমাধানৰ বাবে আজিপৰ্যন্ত কোনো সু-ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ৷
লগতে পঢ়ক: উপ-নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে ভূপেন বৰাই - APCC president Bhupen Bora
লগতে বৰ্তমানৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলো এইক্ষেত্ৰত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি মন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী কৰে ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে ৷
হিন্দু-মুছলমানৰ মাজত ভূমি ক্ৰয়-বিক্ৰয়ক লৈ কি ক’লে অখিল গগৈয়ে ?
অসমত হিন্দু-মুছলমানৰ মাজত ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত নতুন আইন প্ৰণয়নৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ঘোষণা কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰিলে বিধায়ক গগৈয়ে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বছৰৰ 11 মাহেই হিন্দু-মুছলমানৰ কথা কৈ মাত্ৰ এমাহ বান পৰিস্থিতিৰ কথা কৈ ৰাজনীতি কৰি অহা বুলিও কটাক্ষ কৰে অখিল গগৈয়ে ৷
কাজিৰঙাত প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল নিৰ্মাণক লৈ কি ক’লে অখিল গগৈয়ে ?
বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল নিৰ্মাণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে ৷ হোটেল নিৰ্মাণৰ পূৰ্বে কাজিৰঙাবাসীৰ ৰাজহুৱা শুনানি গ্ৰহণৰ আহ্বান জনাই বিধায়ক গগৈয়ে ৷
লগতে পঢ়ক: বিজেপিৰ মানুহেই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট কোম্পানীটোক সমৰ্থন নকৰে : অখিল গগৈ - Akhil Gogoi
আনকি হোটেল নিৰ্মাণৰ উদ্দেশ্যে কাজিৰঙাৰ একাংশ জনজাতীয় লোকক উচ্ছেদ কৰা কাৰ্যৰো বিৰোধিতা কৰে বিধায়কগৰাকীয়ে ৷ উচ্ছেদিত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈও দাবী জনাই বিধায়কগৰাকীয়ে ৷
উল্লেখযোগ্য যে, বৃহস্পতিবাৰে কংগ্ৰেছৰ সৈতে অনুষ্ঠিত হ’বলগীয়া ৰাইজৰ দলৰ লগতে আন আঞ্চলিক দলৰ বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া হ’ব অতিকৈ লক্ষণীয় ৷