ETV Bharat / state

মিচিং শিক্ষকৰ বাবে বিশেষ টে'ট অনুষ্ঠিত কৰাৰ দাবী: মাজুলীত পকুৰ সন্থাৰ শিক্ষা মন্ত্ৰীক তীব্ৰ সমালোচনা - CM Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 10:44 PM IST

Mising POKUR Demands : নতুন শিক্ষা নীতি, ২০২০ৰ অধীনত মিচিং শিক্ষকৰ বাবে 'বিশেষ টে'ট' অনুষ্ঠিত কৰি মিচিং মাধ্যমৰ শিক্ষক পদ সৃষ্টি কৰাৰ বাবে সংবাদমেলৰ জৰিয়তে চৰকাৰলৈ আহ্বান ।

Mising POKUR Demands
মিচিং শিক্ষকৰ বাবে বিশেষ টে'ট অনুষ্ঠিত কৰাৰ দাবী (ETV Bharat Assam)

মাজুলী, ১৯ আগষ্ট : কেন্দ্ৰীয় মিচিং ভাষাৰ পকুৰ সন্থাই মাজুলী গড়মূৰ চিতাদাৰচুকত এক সংবাদমেল সম্বোধন কৰি মিচিং সম্প্ৰদায়ৰ লোকসকলক চৰকাৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে । আনহাতে, সন্থাটোৱে জনাই অহা কেইবাটাও দাবী শীঘ্ৰে পূৰণ কৰিবলৈও চৰকাৰক আহ্বান জনায় ।

মিচিং পকুৰ সন্থাৰ মাজুলীত সংবাদমেল (ETV Bharat Assam)

ইয়াৰ ভিতৰত নতুন শিক্ষা নীতি, ২০২০ৰ অধীনত মিচিং শিক্ষকৰ বাবে 'বিশেষ টে'ট' অনুষ্ঠিত কৰি মিচিং মাধ্যমৰ শিক্ষক পদ সৃষ্টি কৰাৰ বাবে সংবাদমেলৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনায় ।

সংবাদমেলত কেন্দ্ৰীয় পকুৰ সন্থাৰ সভাপতি মেঘৰাম পায়েং আৰু সাধাৰণ সম্পাদক ব্ৰজেন মিলিয়ে কয়, "অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুক ৰাজনৈতিক ক্ষমতা দিয়াৰ পিচতো তেওঁ মিচিংসকলক পাহৰি গৈছে । শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিনতে 'মেডিয়াম অব ইনষ্ট্ৰাকচন' ঘোষণা কৰিব লাগিব । যদিহে ঘোষণা নকৰে তেন্তে পৰৱৰ্তী সময়ত সমগ্ৰ অসমত জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব । তাৰবাবে দায়বদ্ধ হ'ব লাগিব অসম চৰকাৰ ।

শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি সংগঠনটোৰ বিষয়ববীয়াই কয়, "ডাঃ ৰণোজ পেগুক আমি জাতীয় নেতা হিচাপে শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ । ডাঃ ৰণোজ পেগুৱে এসময়ত কৈছিল সমাজৰ উন্নতি সাধনৰ বাবে ৰাজনৈতিক ক্ষমতা লাগে । তাৰ বাবে মোক ৰাইজে সহায় সহযোগিতা কৰিব লাগিব । কিন্তু ৰণোজ পেগুক ৰাজনৈতিক ক্ষমতা দিয়াৰ পিচতো তেওঁ মিচিংসকলক পাহৰি গ'ল ।"

উল্লেখ্য যে সংবাদমেলত পকুৰ সন্থাৰ বিষয়ববীয়াই উল্লেখ কৰে যে সমগ্ৰ অসমতে মিচিং পকুৰ সন্থা একত্ৰিত হৈ আছে আৰু তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে তেওঁলোকে যুঁজ দি যাব ।

লগতে পঢ়ক :স্মাৰ্ট মিটাৰ আৰু বৰ্ধিত বিদ্যুৎ মাচুলৰ আতিশয্য : টীয়কত ৰাইজৰ প্ৰতিবাদ - Protest in Teok
লগতে পঢ়ক :নাৰীক সুৰক্ষা প্ৰদানৰ দাবীত হাফলঙত শিক্ষাৰ্থীৰ প্ৰতিবাদী সমদল - Kolkata rape murder case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.