ETV Bharat / state

টিংৰাইত বিকাশ যাত্ৰাৰ ৮১ টা আঁচনিৰ শিলান্যাস-উদ্বোধন মন্ত্ৰী সঞ্জয় কিষাণৰ - Vikas Yatra programme in Assam

Vikas Yatra Assam : টিংৰাই ক্লাব খেলপথাৰত আয়োজন বিকাশ যাত্ৰা আচঁনিৰ অন্তৰ্গত ৮১ টা গুৰুত্বপূৰ্ণ আঁচনিৰ শিলান্যাস আৰু শুভ উদ্বোধন কাৰ্যসূচী ৷ এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী সঞ্জয় কিষাণ ।

Bikas yatra in Tingrai
টিংৰাই ক্লাব খেলপথাৰ
author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 9:48 AM IST

Updated : Mar 11, 2024, 10:34 AM IST

টিংৰাই ক্লাব খেলপথাৰ

তিনিচুকীয়া, ১১ মাৰ্চ : তিনিচুকীয়া জিলাৰ টিংৰাই ক্লাব খেলপথাৰত দেওবাৰে বিকাশ যাত্ৰা আঁচনিৰ অধীনত ৮১ টা উন্নয়নমূলক আঁচনিৰ আনুষ্ঠানিকভাৱে শিলান্যাস আৰু শুভ উদ্বোধন কৰা হয় ৷ প্ৰায় ২৫৮ কোটি টকাৰো অধিক আঁচনিৰ শিলান্যাস আৰু শুভ উদ্বোধন কৰা হয় । এই আঁচনিৰ অধীনতে জিলা আয়ুক্তৰ তিনিচুকীয়া আৱৰ্ত ভৱন নিৰ্মাণৰ পৰা আদি কৰি জল জীৱন মিছনৰ অধীনত পানীৰ টেপ সংযোগ আৰু বৈধ আৰ্ৱজনাৰ নিষ্পত্তিৰ বাবেও নতুন কলৰ নিৰ্মাণ কৰা হ'ব ।

এই অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মন্তব্য কৰে যে চাহ বাগিচাৰ লোকসকলৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন আচঁনি ৰূপায়ণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ পুনৰ কয় যে এসময়ত বহু ৰাস্তা, পদূলি পথ বিনাশগ্ৰস্ত অৱস্থাত আছিল আৰু আজিৰ তাৰিখত চাহ বাগিচাৰ ৰাস্তা, পদূলি, পথ বহু উন্নত হৈছে ।

চাহ বাগিচা এলেকাত মহাপ্ৰভু জগন্নাথ সম্প্ৰদায়ৰ কেন্দ্ৰ স্থাপন কৰিবলৈ বহু আচঁনিৰ আজি শিলান্যাস কৰা হৈছে বুলিও তেওঁ কয় । মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মঞ্চৰ পৰাই বাগানৰ সকলো প্ৰবন্ধক আপত্তি বিহীন প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে জল জীৱন আদি কৰি বিভিন্ন আচঁনি উল্লেখ কৰি পাইপ লাইন গেছৰ সুবিধা বাগানৰ সদৰ ঠাইত ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে ।

চাহ জনজাতি আৰু আদিবাসী কল্যাণ আৰু শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে উল্লেখ কৰে যে চৰকাৰে ৫ খন উৎকৃষ্ট ৰাজ্যৰ ভিতৰত অসমক এটা স্থানৰ গৰাকী হ'বলৈ অহৰহ প্ৰচেষ্টা আগবঢ়ায় আহিছে । বিশেষকৈ চাহ বাগিচাৰ বাসিন্দাসকলৰ কাৰণে এটাৰ পৰা আন এটা লৈকে বিভিন্ন আঁচনি ৰূপায়ণ কৰাত অবিৰাম কষ্ট, চেষ্টাৰ লগতে বহুতো প্ৰত্যাহ্বান নেওচি পদক্ষেপ গ্ৰহণ কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলাৰ বিভিন্ন আঁচনি আৰু অনুমোদিত ধনৰ বিষয়ে উল্লেখ কৰে ৷

উল্লেখ্য যে, দেওবাৰে বিকাশ যাত্ৰাৰ অধীনত গৃহ আৰু নগৰ পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী, লোক নিৰ্মাণ, নগৰ পৰিকল্পনা, শিক্ষা, মহিলা আৰু শিশু উন্নয়ন আৰু পশু চিকিৎসা বিভাগৰ সৰ্বমুঠ ৮১ টা উন্নয়নমূলক আঁচনি শিলন্যাস আৰু শুভ উদ্বোধন কৰা হয় । তিনিচুকীয়া জিলাৰ ৮১ টা আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ২৫৮.৯৮ কোটি টকা ব্যয় সাপেক্ষে অনুমোদিত হৈছে ।

তিনিচুকীয়া সমষ্টিৰ সৰ্বমুঠ ৩৬টা প্ৰকল্পৰ মুঠ অনুমোদিত খৰচ হ'ল ১৩৮.৩৪ কোটি টকা,ডিগবৈ ১৮ টা আচঁনিৰ ৪১.২৬ কোটি, মাকুম সমষ্টিৰ ৭টা প্ৰকল্পৰ বাবে ১১.৭ কোটি আৰু মাৰ্ঘেৰিটা সমষ্টিৰ বাবে ১৯টা আচঁনি ৰূপায়নৰ ক্ষেত্ৰত অনুমোদিত খৰচ হ'ল ৬৭.৬৫ কোটি টকা । ডিগবৈ সমষ্টিৰ বাবে ২৭.০৮ কোটি টকা মুঠ অনুমোদিত হৈছে ।

ইয়াৰ উপৰিও চাহ বাগিচাৰ বাবে ৯১ টা ৰোগী পৰিবহণ বাহনৰ ভিতৰত আনুষ্ঠানিকভাৱে আজি ১০ খন এম্বুলেন্স ৰাইজৰ সেৱাৰ বাবে উচ্চৰ্গা কৰা হয় । ইপিনে, ডিগবৈ সমষ্টিত চাহ বাগিচা আৰু সাধাৰণ এলেকাত বহুতো বিদ্যালয় নিৰ্মাণ কৰা হৈছে আৰু লগতে মহাপ্ৰভু জগন্নাথ সম্প্ৰদায় কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব । এই কথা উল্লেখ কৰে মন্ত্ৰী সঞ্জয় কিষাণে ৷

দেওবাৰে অনুষ্ঠিত উক্ত কাৰ্যসূচীত উপস্থিত জিলা থাকে আয়ুক্ত স্বপ্নীল পাল, অসম বিদ্যুৎ উৎপাদনৰ সভাপতি ভৱেন শৰ্মা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, তিনিচুকীয়াৰ পৌৰপতি পবিত্ৰ গগৈ, মাকুমৰ পৌৰপতি বিপাশা বড়া, মাৰ্ঘেৰিটাৰ পৌৰপতি আনন্দ শৰ্মা, সঞ্জয় সিং, কুশকান্ত বড়াৰ লগতে আন বহু লোক ।

লগতে পঢ়ক:লাহোৱালত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিকাশ যাত্ৰা কাৰ্যসূচী

Last Updated : Mar 11, 2024, 10:34 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.