ETV Bharat / state

ধিংকাণ্ডক লৈ চৰকাৰ কঠোৰ হৈছে : মন্ত্ৰী কেশৱ মহন্ত - protest against Dhing Rape case

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 9:59 PM IST

Dhing Rape Case : মানৱতাক লজ্জিত কৰা ধিংকাণ্ডই এতিয়াও জোকাৰি আছে সমগ্ৰ ৰাজ্য । বিভিন্ন প্ৰান্তত এতিয়াও চলি আছে ধিংকাণ্ডৰ প্ৰতিবাদ । সমান্তৰালভাৱে বিভিন্ন পক্ষৰ পৰা আহি আছে প্ৰতিক্ৰিয়া । ধিংকাণ্ড তথা এই ঘটনাৰ আঁৰত থকা দুষ্কৃতিকাৰী সন্দৰ্ভত মন্তব্য আগবঢ়াইছে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া আৰু নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

Dhing Rape Case
ধিংকাণ্ডক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া (ETV Bharat Assam)

নিউজ ডেস্ক, 26 আগষ্ট : শেহতীয়াকৈ ধিঙত সংঘটিত অমানৱীয় ঘটনাক লৈ ৰাজ্যত সৰ্বত্ৰে প্ৰতিবাদ চলি আছে ৷ আনহাতে, এই কাণ্ডক লৈ বিভিন্ন পক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে ৷ এইবাৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই ।

ধিংকাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী কেশৱ মহন্তৰ (ETV Bharat Assam)

মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত কয়, "ধিংকাণ্ডক লৈ চৰকাৰ কঠোৰ হৈছে । কঠোৰৰ পৰা কঠোৰোতম ব্যৱস্থা চৰকাৰে আপোচবিহীনভাৱে গ্ৰহণ কৰিব । ইয়াত ক'তো, কাকো ৰেহাই দিয়া নহ'ব ।" তদুপৰি, মন্ত্ৰী কেশৱ মহন্তই বৰ্তমান ধিং অঞ্চলৰ ড্ৰাগছৰ প্ৰচলনৰ বিষয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

লগতে এনে অপকৰ্ম ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কয়, "ধিং অঞ্চলত বৃদ্ধি পাইছে ড্ৰাগছৰ পয়োভৰ । অপৰাধজনিত ঘটনা আৰু ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ চৰকাৰ বদ্ধপৰিকৰ । সামাজিক অপকৰ্ম ৰোধ কৰিবলৈ আৰক্ষীৰ নিৰাপত্তাৰ লগতে সমাজ হিচাপেও সকলো একেলগ হ'ব লাগিব ।"

এনে পৰিস্থিতিত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ লগতে দল-সংগঠনসমূহৰ সক্ৰিয় ভূমিকাৰ বিশেষ প্ৰয়োজন আছে বুলি মন্ত্ৰীগৰাকীয়ে কয় । এই সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আন আন দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছে বুলিও জনায় ।

  • ধিংকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ

ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে সোমবাৰে পঞ্চম দিনাও প্ৰতিবাদ অব্যাহত আছে । সদৌ অসম ছাত্ৰ সন্থাৰ ধিং আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ধিং আঞ্চলিক নাৰী সুৰক্ষা সমিতি, ধিং বজাৰ ব্যৱসায় সমিতি আৰু ধিংবাসী ৰাইজৰ সহযোগত সোমবাৰে পুৱাৰে পৰা আৰম্ভ হয় ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৷

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত বহুকেইটা মন্তব্য কৰে আলফা নেতা অনুপ চেতিয়াই । তেওঁ কয়, "জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে চৰকাৰে । এক সন্তান নীতি প্ৰৱৰ্তন নকৰাত এটা বিশেষ সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধি হৈ খিলঞ্জীয়া অসমীয়া সংখ্যালঘুত পৰিণত হোৱাৰ উপক্ৰম হৈছে । সেয়ে এক সন্তান নীতি প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক আহ্বান জনালো ।"

লগতে বিশেষ সম্প্ৰদায়টোৰ প্ৰলোভন, চক্ৰান্তৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈও খিলঞ্জীয়া যুৱতীসকলক আহ্বান জনায় প্ৰাক্তন আলফা নেতাগৰাকীয়ে ।

  • অপৰাধীৰ কোনো জাতি-ধৰ্ম নাই : ধিঙৰ প্ৰতিবাদস্থলীত সাংসদ প্ৰদ্যুৎ বৰদলৈ

আনহাতে, ধিংকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদত সোমবাৰে অংশগ্ৰহণ কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । প্ৰতিবাদত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে কয়, "এই জঘন্যকাণ্ডৰ উচিত বিচাৰ হ'ব লাগে । যিদুগৰাকী অভিযুক্ত পলাতক হৈ আছে তেওঁলোকক সোনকালে কৰায়ত্ত কৰাৰ ব্যৱস্থা কৰি কঠোৰৰ পৰা কঠোৰত শাস্তি বিহিব লাগে । এনে ধৰণৰ অপৰাধ কেতিয়াও সহ্য কৰিব নোৱাৰি ।"

অৱশ্যে সাংসদগৰাকীয়ে অপৰাধীৰ জাতি-ধৰ্ম প্ৰসংগত কয়, "অপৰাধীৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই । অপৰাধী অপৰাধীয়েই ।" ইয়াৰ উপৰিও সংবাদ মাধ্যমৰ সন্মুখত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, "অসমত বৰ্তমান নাৰীয়ে নিজৰ সুৰক্ষা বিচাৰি ৰাজপথলৈ ওলাই আহিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক । বৰ্তমান সমগ্ৰ দেশতে এনে এক পৰিবেশ গঢ় লৈ উঠিছে যে চৌদিশে কেৱল ধর্ষণৰ দৰে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ।"

লগতে পঢ়ক :সংবিধানখনত যথেষ্ট সুৰুঙা আছে, সলনি কৰিব লাগে সংবিধানখন : জুবিন গাৰ্গ - Zubeen Garg
লগতে পঢ়ক :ধিংকাণ্ডৰ ভুক্তভোগীগৰাকীৰ উচ্চশিক্ষা পৰ্যন্ত দায়িত্ব ল’বলৈ বিচাৰিছে অখিল গগৈয়ে - Dhing Rape Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.