ETV Bharat / state

ডুমডুমাত পোহনীয়া হাতীৰ গণনা : দেহৰ নমুনা সংগ্ৰহ কৰি লগোৱা হৈছে মাইক্ৰ’চিপ - Captive elephants in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 3:46 PM IST

Captive elephant registration : সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে হাতীৰ পঞ্জীয়ন প্ৰক্ৰিয়া । বন্দী হাতীৰ গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে তিনিচুকীয়াতো । লোৱা হৈছে তেজ, শ্বাব আদিৰ নমুনা ৷ লগোৱা হৈছে মাইক্ৰ’চিপ ৷

Captive elephant registration
ডুমডুমাত পোহনীয়া হাতীৰ গণনা (ETV Bharat Assam)

তিনিচুকীয়া, ২ আগষ্ট : সমগ্ৰ দেশতেই আৰম্ভ হৈছে ঘৰচীয়া বা পোহনীয়া হাতীৰ গণনা প্ৰক্ৰিয়া ৷ দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমতো আৰম্ভ কৰা হৈছে ঘৰচীয়া বা পোহনীয়া হাতীৰ তথ্য সংগ্ৰহৰ কাম ৷ ভাৰত চৰকাৰৰ বন মন্ত্ৰণালয়ৰ উদ্যোগত আৰম্ভ কৰা হৈছে এই গণনাকাৰ্য ৷

সমগ্ৰ দেশত কিমানটা হাতী ঘৰচীয়া হৈ আছে তাৰ প্ৰকৃত তথ্য উদ্‌ঘাটন কৰাৰ বাবে ভাৰত চৰকাৰে এই পদক্ষেপ হাতত লৈছে ৷ বন বিভাগৰ মুখ্য গণনা বিষয়া আৰু ঘৰচীয়া হাতীৰ বিশেষজ্ঞ ড৹ গোপাল ছেত্ৰীৰ নেতৃত্বত বন বিভাগৰ এটা দলৰ সহযোগত চলিছে এই গণনাকাৰ্য ৷ এটা ঘৰচীয়া বা পোহনীয়া হাতীৰ জোখ-মাখ, তেজ, শ্বাবৰ নমুনা সংগ্ৰহৰ অন্তত কাণত মাইক্ৰ’চিপ লগাই দিয়া হয় ৷ হাতীৰ উচ্চতা, দৈৰ্ঘ, দাত, নখ আদিৰ বিৱৰণ হাতীৰ গৰাকীৰ নামৰ সৈতে অনলাইনত উপলব্ধ থাকিব ৷

সমগ্ৰ দেশতেই হাতী গণনাৰ কাম সমাপ্ত হোৱাৰ পিচত হাতীৰ গৰাকীক হাতীটোৰ নামত প্ৰদান কৰা হ’ব এখন প্ৰমাণপত্ৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বন সংমণ্ডলৰ অন্তৰ্গত পেঙেৰীৰ খাটাংপানী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ তৰাণি গাঁৱত বন বিভাগৰ এটা দল উপস্থিত হৈ গাঁওখনৰ লোকসকলৰ ঘৰচীয়া হাতীৰ তথ্য সংগ্ৰহ কৰা হয় ৷

এই সন্দৰ্ভত ড৹ গোপাল ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘ ভাৰত চৰকাৰে ঘৰচীয়া হাতীৰ গণনা কৰাৰ ক্ষেত্ৰত এক পদক্ষেপ হাতত লৈছে ৷ ইয়াৰ অংশস্বৰূপে ৰাজ্যৰ বন্যপ্ৰাণী বিভাগে বন বিভাগৰ হাতত আৰু ব্যক্তিগতভাৱে কিমান হাতী আছে তাৰে গণনা কৰিছে ৷ প্ৰতিটো ঘৰচীয়া হাতীৰ সকলো দিশৰ পৰা জোখ-মাখ, শৰীত থকা চিহ্ন, তেজ, শ্বাবৰ নমুনা সংগ্ৰহ কৰা হৈছে ৷ ইয়াৰ দ্বাৰা হাতীটো ক’ৰ পৰা আহিল, তাৰ বংশানুৰূপটো বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সুবিধা হ’ব ৷ সমগ্ৰ ৰাজ্যত থকা ঘৰচীয়া হাতীৰ তথ্য সংগ্ৰহ কৰাৰ অন্তত সকলোখিনি অসম চৰকাৰৰ হৈ ভাৰত চৰকাৰক জমা দিয়া হ’ব ৷’’

তদুপৰি তেওঁ কয়, ‘‘ভাৰতবৰ্ষত বন বিভাগ আৰু ব্যক্তিগতভাৱে কিমান ঘৰচীয়া হাতী আছে তাৰ এক প্ৰকৃত তথ্য পোৱা যাব ৷ ঘৰচীয়া হাতীৰ গণনা আৰু মাইক্ৰ’চিপ লগোৱাৰ সময়ত হাতীটোৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷ ঘৰচীয়া হাতীৰ কাণত মাইক্ৰ’চিপ লগোৱা থাকিলে কোনো ব্যক্তিয়ে হাতীটোক অবৈধভাৱে বিক্ৰী কৰিব নোৱাৰিব ৷"

লগতে পঢ়ক : ঘৰচীয়া হাতীৰ গণনা, লগোৱা হৈছে মাইক্ৰ’চিপ : শোণিতপুৰত ১৪ টা হাতীৰ তথ্য সংগ্রহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.