ETV Bharat / state

ভয়াবহ যান-জঁট;দেওবৰীয়া অৱসৰ বিনোদনতেই ব্যস্ত আৰক্ষীৰ - ADRE 2024

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 9:26 PM IST

Massive traffic jam : যান-জঁটত পথাচাৰী ত্ৰস্তমান । ৰাইজৰ সমস্য়া দেখি যান-জঁট নিয়ন্ত্ৰণ কৰিলে সচেতন যুৱকে । ইয়াৰ পিচতো গা নলৰিল আৰক্ষীৰ ।

Massive traffic jam
ভয়াবহ যান-জঁট (ETV Bharat Assam)

কলিয়াবৰ, ১৫ ছেপ্টেম্বৰ: আজি অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ বাবে ভয়াবহ যান-জঁট দেখিবলৈ পোৱা গ'ল ৰাজ্যৰ ভিন্ন স্থানত । কলিয়াবৰৰ সদাব্যস্ত তিনিআলিৰ নিৰ্মীয়মান উৰণ সেতুৰ তিনিও দিশে ভয়াবহ যান-জঁটৰ সমস্যাৰ উদ্ভৱ হয় ।

ভয়াবহ যান-জঁট (ETV Bharat Assam)

দেওবাৰে পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হৈ ১:৩০ বজাত সামৰণি পৰে অসমৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা । এই প্ৰাৰ্থীসকলৰ একাংশ বাচনি পৰীক্ষা সমাপ্ত কৰি যোৰহাট-তেজপুৰ আৰু নগাঁৱৰ পৰা আহি কলিয়াবৰ তিনিআলিয়েদি নিজ-নিজ গৃহাভিমুখী হৈছিল । কিন্তু তাতে লাগিল কেনা । পুৱা দেওবাৰৰ হোৱা বাবে যান-জঁটৰ সমস্যা হোৱা নাছিল যদিও পিছবেলা আন সাধাৰণ বাহনৰ লগতে পৰীক্ষাৰ্থীৰ বাহনৰ ভিৰ দেখিবলৈ পোৱা যায় ।

  • মহকুমা প্ৰশাসনে দেওবৰীয়া অৱসৰ বিনোদনতেই ব্যস্ত

পিছে কলিয়াবৰ মহকুমা প্ৰশাসনে দেওবৰীয়া অৱসৰ বিনোদনতেই ব্যস্ত থাকিল । কিয়নো কলিয়াবৰ মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ এই সাম্ভাব্য যান-জঁট নিয়ন্ত্ৰণৰ কোনো পূৰ্ব পৰিকল্পনা নথকাৰ প্ৰমাণ বাৰুকৈয়ে চকুত পৰে । যাৰ বাবে বহু সময় ধৰি চলা যান-জঁটৰ বাবে পথাচাৰীয়ে তীব্ৰ সমস্যাত ভোগে । সেইসময়ত আৰক্ষী তথা যান-বাহন আৰক্ষীৰ লোক বা কলিয়াবৰ মহকুমা প্ৰশাসনৰ বিষয়াক দেখিবলৈ পোৱা নগ'ল। সেয়েহে কেইবাজনো সচেতন যুৱকে যান-বাহনৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্নপৰ হয় ।

অৱশেষত নগাঁৱৰ পৰা বিশেষ দল উপস্থিত হৈ যান-বাহন নিয়ন্ত্ৰণ কৰে । নগাঁও জিলা পৰিবহণ বিষয়া শোণিত বৰা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ তদাৰক কৰে । বিষয়াগৰাকীয়ে কয়,"তেজপুৰৰ দিশৰ পৰা অহা যান-বাহনসমূহক বিশেষভাৱে নিয়ন্ত্ৰণ কৰি পাৰ কৰোৱা হৈছে ।" আনহাতে, এই স্থানত সততে যান-জঁট উদ্ভৱ হোৱাৰ ক্ষেত্ৰত কয়," উৰণ সেতুৰ নিৰ্মাণ চলি থকাৰ বাবে যান-বাহনৰ বাবে জঁট লাগে । যান-জঁট নিয়ন্ত্ৰণৰ বাবে এটা দল কলিয়াবৰত কৰ্মৰত হৈ আছে । এটা দলে কলিয়াবৰ তিনিআলিৰ যান-বাহন নিয়ন্ত্ৰণ কৰে । আজি যান-বাহনসমূহ একে সময়তে গোট খোৱাৰ বাবে কিছু সমস্যা হৈছে ।"

  • পূৰ্ব পৰিকল্পনাৰ অভাৱ

আনহাতে, কলিয়াবৰ মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কোনোধৰণৰ পূৰ্ব পৰিকল্পনা নোহোৱাৰ ফলত যান-জঁটৰ সমস্যাৰ উদ্ভৱ হোৱাত মহকুমা প্ৰশাসনক দোষাৰোপ কৰে পথাচাৰীয়ে। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা আজি ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫ টা কেন্দ্ৰত অনুষ্ঠিত হয়। প্ৰায় ১১,২৩,২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে এই পৰীক্ষাত৷ ৰাজ্যত বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা । গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থাও ৷

লগতে পঢ়ক:বহু চৰ্চিত নিবনুৱা সমস্যাৰ মাজতে অসমত সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা; এটা পদৰ বিপৰীতে অৱতীৰ্ণ গড়ে ৩৬০ গৰাকী প্ৰাৰ্থী - ADRE 2024

অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা; চাৰে তিনিঘণ্টাৰ বাবে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা - ADRE 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.