ETV Bharat / state

ধৰ্মই কেতিয়াও জাতি নবচায়, জাতি বচায় মাতৃভাষাইহে: মনোজ কুমাৰ গোস্বামী

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 5:27 PM IST

Seminar at DKG College Mirza : মিৰ্জাস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত গ্ৰন্থালাপ অনুষ্ঠান । মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামী । অনুষ্ঠানত সাংবাদিকতাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ।

দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত গ্ৰন্থালাপ অনুষ্ঠান

মিৰ্জা, ২৩ ফেব্ৰুৱাৰী : দক্ষিণ কামৰূপৰ আগশাৰীৰ শিক্ষানুষ্ঠান মিৰ্জাস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হয় গ্ৰন্থালাপ শীৰ্ষক এক অনুষ্ঠান । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক তথা সাহিত্যিক মনোজ কুমাৰ গোস্বামী । দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ উদ্যোগত আয়োজন কৰা হয় গ্ৰন্থালাপ শীৰ্ষক এই বক্তৃতানুষ্ঠান ।

উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থকা বিশিষ্ট সাংবাদিক, সাহিত্যিক মনোজ কুমাৰ গোস্বামীয়ে ইয়াৰ পূৰ্বে এনেধৰণৰ যিকোনো অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছিল বুলি উল্লেখ কৰে । যাৰ বাবে তেওঁ বহু সময়ত অভিজ্ঞতা আহৰণ কৰিব পৰা নাছিল বুলি মন্তব্য কৰি পৰৱৰ্তী সময়ত এনেধৰণৰ আলাপ-আলোচনাত অংশগ্ৰহণ কৰিব বুলিও নিজৰ বক্তব্যত কয় ।

মহাবিদ্যালয়খনৰ ডিজিটেল শ্ৰেণীকোঠাত অনুষ্ঠিত এই গ্ৰন্থালাপ অনুষ্ঠানত মাতৃভাষাৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয় । অনুষ্ঠানত ধৰ্মই কেতিয়াও জাতি নবচায়, জাতি বচায় মাতৃভাষাইহে বুলি মন্তব্য কৰে মনোজ কুমাৰ গোস্বামীয়ে । লগতে মাতৃভাষাৰ ওপৰত গুৰুত্ব নিদিলে সকলো জাতি ধব্বংস হ'ব বুলি উল্লেখ কৰে ।

ইয়াৰ উপৰি কেৱল এটা ভাষা জানিলেই নহ'ব, আন ভাষাৰ ওপৰতো কিছু হ'লেও জ্ঞান থাকিব লাগিব বুলিও নিজৰ বক্তব্যত উল্লেখ কৰে । উল্লেখ্য যে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰটোও পৰিদৰ্শন কৰে । অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে এগৰাকী ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰত সাংবিদকৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভতো ব্যাখ্যা আগবঢ়ায় বিশিষ্ট সাংবাদিকগৰাকীয়ে । বৰ্তমান সময়ত সাংবাদিকসকলৰ অধ্যয়ন আৰু সাম্প্ৰতিক ঘটনাৱলীৰ ওপৰত জ্ঞানৰ অভাৱ বুলিও আক্ষেপ কৰে । বাতৰি এটাৰ বাবে কোনো এগৰাকী ব্যক্তিৰ কেৱল এটা ভাষ্য সংগ্ৰহতে এগৰাকী সাংবাদিকৰ দায়িত্ব শেষ নহয় । উক্ত ভাষ্যৰ ওপৰত বিশ্লেষণ আগবঢ়োৱাটোও সাংবাদিকৰ অন্যতম কৰ্তব্য বুলি তেওঁ উল্লেখ কৰে । আনহাতে, বহু সাংবাদিকে তেওঁলোকে লিখা এটা বাতৰি পঢ়ি চোৱাৰো আগ্ৰহ নাথাকে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :পদ্মশ্ৰী যাদৱ পায়েঙলৈ ভাস্কৰৰত্ন বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.