ETV Bharat / state

জুবিন গাৰ্গক সাংস্কৃতিক অনুষ্ঠানলৈ নিমন্ত্ৰণ নিদিয়াৰ আহ্বান সত্ৰ মহাসভাৰ - Zubeen Garg Controversy - ZUBEEN GARG CONTROVERSY

মাজুলীৰ যিকোনো সাংস্কৃতিক অনুষ্ঠানলৈ জুবিন গাৰ্গক নিমন্ত্ৰণ দিয়াৰ পৰা বিৰত থকাৰ আহ্বান ৷ "সংগীত সিন্ধু" উপাধি জুবিন গাৰ্গে নিজেই ঘূৰাই দিয়াৰ বাবে প্ৰস্তাৱ গ্ৰহণ ৷ মুখ্যমন্ত্ৰীকো বিষয়টো অৱগত কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ ৷

ZUBEEN GARG IN MAJULI
জুবিন গাৰ্গক সাংস্কৃতিক অনুষ্ঠানলৈ নিমন্ত্ৰণ নিদিয়াৰ আহ্বান সত্ৰ মহাসভাৰ
author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 10:59 PM IST

জুবিন গাৰ্গক সাংস্কৃতিক অনুষ্ঠানলৈ নিমন্ত্ৰণ নিদিয়াৰ আহ্বান সত্ৰ মহাসভাৰ

মাজুলী, 25 এপ্ৰিল: যোৱা ৭, ৮ আৰু ৯ ব’হাগত মাজুলীত অনুষ্ঠত হৈছিল পুবেৰুণ কলা পৰিষদৰ সৌজন্যত ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত উক্ত অনুষ্ঠানতেই জুবিন গাৰ্গক প্ৰদান কৰা হৈছিল "সংগীত সিন্ধু" বঁটা । শিল্পী জুবিন গাৰ্গক উক্ত বঁটা প্ৰদান কৰিছিল গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰে ।

সত্ৰাধিকাৰৰ হাতৰ পৰা বঁটা গ্ৰহণৰ পিচতেই জুবিন গাৰ্গে সত্ৰাধিকাৰসকলক প্ৰভূ ঈশ্বৰ সম্বাধনৰ বিৰোধিতা কৰিছিল ৷ ইয়াৰ পিচতেই বিতর্কত সোমাই পৰিছিল জুবিন গাৰ্গ । সত্ৰাধিকাৰসকলৰ লগতে আন বিভিন্নজনে সমালোচনা কৰিছিল জুবিন গাৰ্গক । সামাজিক মাধ্যমযোগে একাংশই শিল্পীগৰাকীক সমৰ্থন কৰাও পৰিলক্ষিত হৈছিল ৷

প্ৰায়েই বিতৰ্কৰ আওতাত সোমাই শিল্পীগৰাকীৰ নতুন বিতৰ্কটোৰ তিনিদিন পিচত বৃহস্পতিবাৰে সাৰ পালে মাজুলী জিলা সত্ৰ মহাসভাই । বৃহস্পতিবাৰে মাজুলী জিলা সত্ৰ মহাসভাই এখন সভা সম্বোধন কৰি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

সভাত গ্ৰহণ কৰা প্ৰথমটো প্ৰস্তাৱ অনুসৰি জুবিন গাৰ্গক মাজুলীৰ যিকোনো সাংস্কৃতিক অনুষ্ঠানলৈ নিমন্ত্ৰণ দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় । মাজুলীৰ পৰা দিয়া "সংগীত সিন্ধু" উপাধি জুবিন গাৰ্গক নিজে আহি ঘূৰাই দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে । তৃতীয় প্ৰস্তাৱত জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীক গোটেই বিষয়টো অৱগত কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

মন কৰিবলগীয়া যে অহা ২৯ এপ্ৰিলত পূব মাজুলী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে জুবিন গাৰ্গক সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ বাবে নিমন্ত্ৰণ জনাইছে ৷ কিন্তু আজি সত্ৰ মহাসভাই জুবিন গাৰ্গৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰস্তাৱৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে উক্ত বিহু উদযাপন সমিতিখন ।

লগতে পঢ়ক: আকৌ বিতৰ্কত জুবিন; আন এক মন্তব্যৰ বাবে সমালোচিত শিল্পীগৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.