ETV Bharat / state

কোৱাৰ্টাৰ ফাইনেলত বজ্ৰকন্যা : লাভলীনাৰ সফলতাত উৎফুল্লিত পিতৃ আৰু আদিগুৰু - Paris Olympics 2024 - PARIS OLYMPICS 2024

Lovlina Borgohain : পেৰিছ অলিম্পিকত 75 কেজি শাখাত লাভলীনা বৰগোহাঁয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁই আৰু প্ৰথম প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসে ৷ কন্যাৰ সফলতাত উৎফুল্লিত পিতৃ টিকেন বৰগোহাঁয়ে সংবাদ মাধ্যমৰ আগত খেলৰ পূৰ্বে তেওঁৰ সৈতে ফোনযোগে লাভলীনাই বাৰ্তালাপ কৰিছিল বুলি মন্তব্য কৰে ৷

LOVLINA BORGOHAIN
বিজয়েৰে অভিযান আৰম্ভ অসম কন্যা লাভলীনাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 9:31 PM IST

সৰুপথাৰ, 31 জুলাই : পেৰিছ অলিম্পিক 2024ত বিজয়েৰে অভিযান আৰম্ভ কৰিলে অসম কন্যা লাভলীনাই ৷ আজিৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল মেচখনত ন’ৰৱেৰ প্ৰতিদ্বন্দ্বীগৰাকীক 5-0 ৰব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে লাভলীনা বৰগোহাঁয়ে ৷ এই সাফল্যৰ পিচতে সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁই আৰু খেলুৱৈগৰাকীৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাসে ৷

লাভলীনাৰ পিতৃ আৰু আদি গুৰুৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

কন্যাৰ এই সফলতাত উৎফুল্লিত পিতৃ টিকেন বৰগোহাঁয়ে সংবাদ মাধ্যমৰ আগত কয় যে, খেলৰ পূৰ্বে তেওঁৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিছিল লাভলীনাই ৷ তেওঁ কয়, "ইয়াৰ পৰৱৰ্তী ৰাউণ্ডত লাভলীনাৰ প্ৰতিদ্বন্দ্বীগৰাকী যথেষ্ঠ শক্তিশালী ৷ গতিকে যথেষ্ঠ প্ৰত্যাহ্বান আহিব ৷ এই প্ৰত্যাহ্বান নেওচি তেওঁ আগুৱাই যাব লাগিব ৷" তদুপৰি পিতৃয়ে সাংবাদিকৰ আগত সদৰী কৰিলে লাভলীনাৰ খাদ্যাভাসৰ লগতে আন কিছু কথা ৷ পিতৃয়ে কয়- "লাভলীনাই শাওন মাহত নিৰামিষ আহাৰ গ্ৰহণ কৰে ৷ লগতে নিৰ্দিষ্ট বাৰত লাভলীনাই ব্ৰত ৰাখে ৷ তাই কিছু ধৰ্মীয় ৰীতি-নীতিও কিছু মানি চলে ৷" ইফালে যিসকল লোকে লাভলীনাৰ সফলতাৰ বাবে পূজা-অৰ্চনা কৰিছিল, শুভেচ্ছা তথা উৎসাহ জনাইছিল সকলোকে পিতৃ টিকেন বৰগোহাঁয়ে সংবাদ মাধ্যমযোগে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক : কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ : বৰপথাৰত আতচবাজীৰে বিজয় উল্লাস - Paris Olympics 2024

আনহাতে লাভলীনাৰ এই সফলতাৰ বাবে খেলুৱৈগৰাকীক শুভেচ্ছা তথা আশীৰ্বাদ দিলে তেওঁৰ প্ৰথমজন প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসে ৷ লাভলীনাই ইয়াৰ পৰৱৰ্তী ৰাউণ্ডত অধিক উন্নত প্ৰদৰ্শনেৰে বৃহৎ ব্যৱধানত জয়লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ লগতে লাভলীনাই পেৰিছ অলিম্পিকত সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে প্ৰশান্ত কুমাৰ দাসে ৷ আনহাতে লাভলীনাৰ সফলতাৰ বাবে শুভকামনা জনোৱাৰ লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা বুলিও উল্লেখ কৰে প্ৰশিক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক : পেৰিছ অলিম্পিকত লাভলীনাৰ জয়যাত্ৰা আৰম্ভ : কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে বৰপথাৰৰ বজ্ৰকন্যাই - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.