ETV Bharat / state

শোণিতপুৰত প্ৰেমলাল গঞ্জুক প্ৰাৰ্থিত্ব প্ৰদানত আনন্দিত কংগ্ৰেছ কৰ্মী

Congress Candidate in Sonitpur LS : কংগ্ৰেছে ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা । এইবাৰ শোণিতপুৰ লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে প্ৰেমলাল গঞ্জুক ।

শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 7:08 AM IST

শোণিতপুৰত প্ৰেমলাল গঞ্জুক প্ৰাৰ্থিত্ব প্ৰদানত আনন্দিত কংগ্ৰেছ কৰ্মী

বিশ্বনাথ, ১৩ মাৰ্চ : মঙলবাৰে নতুন দিল্লীত কংগ্ৰেছ নেতৃবৰ্গই ঘোষণা কৰে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা । এই তালিকা অনুসৰি লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ।

মঙলবাৰে ঘোষণা কৰা দ্বিতীয়খন প্ৰাৰ্থী তালিকাত মুঠ ৪৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে । এই ৪৩ গৰাকীৰ ভিতৰত আছে অসম, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ কংগ্ৰেছ প্ৰাৰ্থীসকল ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৮ মাৰ্চত কংগ্ৰেছে ঘোষণা কৰিছিল প্ৰথমখন প্ৰাৰ্থী তালিকা । এই তালিকাত মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল । অৱশ্যে উক্ত তালিকাত অসমৰ প্ৰাৰ্থীৰ নাম নাছিল । মঙলবাৰে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত অসমৰ ১৪ খন আসনৰ ভিতৰত ১২ খন আসনৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে ।

ডিব্ৰুগড়ৰ আসনখন দলটোৱে অসম জাতীয় পৰিষদক এৰি দিছে । আনহাতে, লখিমপুৰ আসনখনৰ বাবে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম । একেদৰে বহু চৰ্চিত নগাওঁ লোকসভা আসনখনত বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । নৱ গঠিত কাজিৰঙা লোকসভা সমষ্টিত পূৰ্বৰ বিধায়িকী ৰ’জলিনা তিৰ্কীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

ইফালে শিলচৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে সূৰ্যকান্ত সৰকাৰক । সেইদৰে কৰিমগঞ্জ সমষ্টিত হাফিজ ৰছিদ আহমেদ চৌধুৰী, বৰপেটা সমষ্টিত দ্বীপ বায়ন, গুৱাহাটী সমষ্টিত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, ধুবুৰী সমষ্টিত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

আনহাতে, শোণিতপুৰ লোকসভা আসনৰ বাবে বিহালী সমষ্টিৰ বৰগাঙৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰেমলাল গুঞ্জুক প্ৰাৰ্থিত্ব কংগ্ৰেছ দলে‌ প্ৰদান কৰিছে । ইয়াৰ লগতে দৰং-ওদালগুৰি সমষ্টিত মাধৱ ৰাজবংশী, ডিফু সমষ্টিত জয়ৰাম ইংলেং আৰু কোকৰাঝাৰ সমষ্টিত গর্জন মুছাহাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে ।

উল্লেখ্য যে শোণিতপুৰ লোকসভা সমষ্টিত প্ৰেমলাল গঞ্জুক প্ৰাৰ্থিত্ব প্ৰদানত কংগ্ৰেছ কৰ্মীসকলৰ মাজত দেখা গৈছে এক আনন্দ উল্লাস ।

লগতে পঢ়ক :অসমত কংগ্ৰেছে কাক কাক দিলে প্ৰাৰ্থিত্ব ? ৰাজ্যৰ ১২ খন আসনৰ প্ৰাৰ্থী ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.