ETV Bharat / state

ভিক্ষা নালাগে ! শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি দীঘলী পুখুৰীৰ পাৰত জীৱন যুদ্ধ এজন কিশোৰৰ - Life struggle of a teenager

Life struggle: শাৰীৰিকভাৱে প্ৰতিবন্ধকতাৰ সন্মুখীন হোৱা বহুতকেই আপুনি হয়তো দেখা পায় বাটে-ঘাটে ভিক্ষা মাগি ফুৰা ৷ ৰে’ল ষ্টেশ্যন, বাছ আস্থান আদিত এনে দৃশ্য তেনেই সুলভ ৷ কিন্তু এই প্ৰতিবেদনত আমি এনে এজন কিশোৰৰ সৈতে আপোনালোকক চিনাকী কৰি দিম, যি বিচাৰি পাইছে জীৱন যাত্ৰাৰ নতুন পথ ৷

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 9:37 PM IST

Dighalipukhuri in Guwahati
Life struggle of a teenager (ETV Bharat Assam)

গুৱাহাটী, ২৪ মে’: মুখত এটা হাঁহি লৈ পদপথত এখন সৰু দোকান চলাই থকা এজন কিশোৰ ৷ পানী-আইচক্ৰীম আদি বেচি দুপইচা আৰ্জিছে তেওঁ ৷ মুখত কিন্তু হাঁহিটো সদায়েই থাকে ৷ তেওঁৰ দৰে আন বহু কিশোৰে এই বয়সত পঢ়া-শুনা কৰে, খেল-ধেমালি, টিভি-লেপটপ, ছ’চিয়েল মিডিয়া এইবোৰত ব্যস্ত থাকে ৷ কিন্তু এই কিশোৰগৰাকী ব্যস্ত জীৱিকা অৰ্জনত ৷ এগৰাকী অসহায় কিশোৰৰ জীৱন যুদ্ধৰ কাহিনী ক'বলৈ ওলাইছো এই প্ৰতিবেদনত ।

এজন অসহায় কিশোৰৰ জীৱন যুদ্ধ (ETV Bharat Assam)

কিশোৰজনৰ মুখৰ মাত নাই আৰু আনে কিবা ক’লেও শুনা নাপায় ৷ লগতে সঠিকভাৱে খোজ কাঢ়িবলৈ এখন ভৰিও নাই তেওঁৰ ৷ তথাপিও তেওঁৰ আশা জীয়াই থকাৰ, জীৱনৰ বাটত আগুৱাই যোৱাৰ ৷ তেওঁৰ এই আশাক সজীৱ কৰি ৰাখিছে একাংশ মানৱদৰদী লোকে । '

লগতে পঢ়ক: কোনে কয় মানুহে মানুহৰ বাবে নাভাবে বুলি ? - HELPLESS OLD WOMAN

কিশোৰগৰাকীৰ পৰিচয় আৰু ঠিকনা কোনেও নাজানে । তেওঁৰ ঘৰ ক’ত, পিতৃ-মাতৃ কোন, কেনেকৈ গুৱাহাটী পালেহি, সেয়া কাৰোৰেই জ্ঞাত নহয় ৷ এতিয়া তেওঁৰ জীয়াই থকাৰ আশা ভৰসাৰ থলী হৈছে দীঘলীপুখুৰীৰ পাৰ আৰু সাৰথি হৈছে একাংশ ব্যৱসায়ী । বিগত দুমাহ ধৰি আনুমানিক ১৬-১৭ বছৰীয়া কিশোৰজনে দীঘলী পুখুৰীৰ পাৰে পাৰে ঘূৰি ফুৰিছিল । কোনোবাই কিবা দিলে খাইছিল, নহ'লে তেনেকৈয়ে থাকিছিল । ৰাজপথেই তেওঁৰ আশ্ৰয়স্থল আছিল ।

লগতে পঢ়ক: পুত্ৰ-বোৱাৰীক হেৰুওৱাৰ বেদনাৰে দুই নাতিনীক সাৱটি আইতাৰ জীৱন সংগ্ৰাম - Helpless Old Woman

লগতে পঢ়ক: এয়াই প্ৰকৃত মানৱ সেৱা: দৰিদ্ৰৰ ত্ৰাণকৰ্তাৰ ৰূপত এজন চিকিৎসক - 10 Rupeeswala Doctor

বিশেষভাৱে সক্ষম এই কিশোৰজনে নিজৰ নাম-ঠিকনা ক’ব নোৱৰাত তেওঁ কোন আৰু ক’ৰ পৰা আহিছে সেই বিষয়ে জনাত সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ব্যৱসায়ীসকল । কিশোৰজনক দীঘলী পুখুৰীৰ পাৰত এনেদৰে ঘূৰি ফুৰা দেখি পুলক শৰ্মা নামৰ ব্যৱসায়ীজন আগবাঢ়ি আহিল সহায় কৰিবলৈ ৷ কিশোৰজনে যাতে নিজে কিবা এটা কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি পানীৰ বটল বিক্ৰী কৰাৰ ব্যৱস্থা কৰি দিয়ে ।

‘‘লৰাজনে কথা ক’ব নোৱাৰে, শুনাই নাপায় । লগতে ভৰিখনো নাই । ঘৰ ক’ত, কি নাম একোৱেই ক’ব নোৱাৰে । কোনোবাই তাক ৰেল লাইনত গতিয়াই দিছিল ৷ তাতেই এখন ভৰি ৰে’লে কাটিলে ৷ দুমাহ ধৰি ইয়াতে ঘূৰি ফুৰিছিল যদিও কাকো ভিক্ষাও খোজা নাছিল ৷ তাকে দেখি বেয়া লাগিল । সেয়ে পানীৰ বটল বিক্ৰী কৰিব পৰা ব্যৱস্থা কৰি দিছোঁ । যাতে তাক এটা ভাড়া ৰূম লৈ থাকিবলৈ দিব পাৰো ।’’ পুলক শৰ্মাই কয় ৷

এতিয়া দীঘলী পুখুৰীৰ পাৰত পানীৰ বটল বিক্ৰী কৰি নিজৰ পেটৰ ভাত মুঠি যোগাৰ কৰিছে কিশোৰজনে ৷ আনৰ ওচৰত হাত নপতাকৈ পুলক শৰ্মাৰ সহায়ত তেওঁ আৰম্ভ কৰিছে এক নতুন জীৱন ৷

লগতে পঢ়ক: এনেকৈয়ো জীৱন চলেনে ? সাত বছৰ ধৰি শৌচালয়ত জীৱন নিৰ্বাহ এটা পৰিয়ালৰ - Life in a toilet

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.