ETV Bharat / state

অসমতে থকা উত্তৰ-পূবৰ একমাত্ৰ বিশ্বকৰ্মাৰ মন্দিৰটোৰ বিষয়ে জানেনে ? - Vishwakarma Puja 2024

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 5:52 PM IST

Vishwakarma Temple: প্ৰতিবছৰৰ দৰে এইবাৰো অহা 17 ছেপ্টেম্বৰত ৰাজ্যজুৰি পালন কৰা হ’ব বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা ৷ তিথি অনুসৰি প্ৰতিবছৰে ছেপ্টেম্বৰ মাহৰ 17 বা 18 তাৰিখে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয় ৷ ইতিমধ্যে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্নজনে ব্যক্তিগতভাৱেও পূজাৰ আয়োজন কৰিছে ৷ কিন্তু অসমতে আছে উত্তৰ-পূবৰ প্ৰথমটো বিশ্বকৰ্মা মন্দিৰ ৷ আপুনি বাৰু এই কথা জানেনে ? সবিশেষ চাওক-

Vishwakarma Temple
উত্তৰ-পূবৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ (ETV Bharat)

গুৱাহাটী, 16 ছেপ্টেম্বৰ: মঙলবাৰে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা । শিল্প কৰ্ম, নিৰ্মাণ কৰ্মৰ দেৱতা দেৱশিল্পী বিশ্বকৰ্মাৰ বন্দনাৰে মুখৰ হ'ব সমগ্ৰ ৰাজ্য । কল কাৰখানা, কাৰিকৰী প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী পৰিবহন খণ্ডত সমূহীয়া পূজাৰ লগতে ব্যক্তিগতভাৱেও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো পূজাৰ আয়োজন চলিলে । বিশ্বকৰ্মা পূজাৰ প্ৰাক ক্ষণত আমি আপোনালোকক জনাব খুজিছোঁ উত্তৰ-পূবৰ প্ৰথম তথা একমাত্ৰ বিশ্বকৰ্মা মন্দিৰটোৰ বিষয়ে ? ক’ত আছে বাৰু এই মন্দিৰটো ? যদি আপুনি নাজানে তেন্তে পঢ়ক আমাৰ এই প্ৰতিবেদন-

অসমতে থকা উত্তৰ-পূবৰ একমাত্ৰ বিশ্বকৰ্মাৰ মন্দিৰটো (ETV Bharat)

ক’ত আছে উত্তৰ-পূবৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ ?

১৯৬৫ চনৰ কথা । সেই সময়ত নামনি কামাখ্যা তথা কামাখ্যা গেটত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈছিল । এই দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণৰ অৰ্থে কামাখ্যা মন্দিৰৰ পুৰোহিতৰ ভৱকান্ত শৰ্মাই কামাখ্যা গেট তথা কামাখ্যাৰ নামনিত নিজৰ ব্যক্তিগত মাটিত প্ৰতিষ্ঠা কৰিছিল এটা বিশ্বকৰ্মা মন্দিৰ । সঘনাই হৈ থকা পথ দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে বিশ্বকৰ্মা মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল । এইটোৱেই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বিশ্বকৰ্মা মন্দিৰ ৷

মন্দিৰটো প্ৰতিষ্ঠা কৰাৰ পিছত সেই স্থানত পথ দুৰ্ঘটনাৰ সংখ্যা কমি যায় । প্ৰতিষ্ঠাপক ভৱকান্ত শৰ্মাই মন্দিৰটোত পূজা-আৰাধনা আদি কাৰ্যসমূহ পৰিচালনা কৰিছিল । ভৱকান্ত শৰ্মাৰ পিচত তেওঁৰ পুত্ৰ আৰু বৰ্তমান তেওঁৰ নাতি আৰু আজোনাতিয়ে পৰিচালনা কৰি আছে মন্দিৰটো । শেহতীয়াকৈ ২০১১ চনত মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হয় ।

ভৱকান্ত শৰ্মাৰ আজোনাতিয়ে কয়, ‘‘শুনামতে সেইখিনি সময়ত এই স্থানত বহুত পথ দুৰ্ঘটনা হৈছিল ৷ আমাৰ আজোককাই 1965 চনত এই মন্দিৰটো স্থাপন কৰিলে ৷ 2011 চনত আমাৰ মন্দিৰৰ পূৰণি মূৰ্তিটো আঁতৰাই নতুনকৈ মূৰ্তি স্থাপন কৰা হ’ল ৷ ৰাজস্থানৰ পৰা অনা হৈছে এই মূৰ্তি ৷’’

‘‘মন্দিৰটোত মোৰ আজোককা ভৱকান্ত শৰ্মা, তেখেতৰ পিচত মোৰ ককা পদ্মকান্ত শৰ্মা, ককাৰ পিচত মোৰ দেউতা জয়কান্ত শৰ্মা আৰু মই মন্দিৰটোৰ কাম চোৱা-চিতা কৰোঁ ৷ সমগ্ৰ ভাৰতৰ ভিতৰত এইটোৱেই আটাইতকৈ ডাঙৰ বিশ্বকৰ্মা মন্দিৰ ৷ দিল্লীত দুই-তিনিটামান সৰু সৰু বিশ্বকৰ্মা মন্দিৰ আছে ৷ কিন্তু এইটো মন্দিৰেই হৈছে দেশৰ ভিতৰত আটাইতকৈ ডাঙৰ ৷ সেয়ে ইয়াত প্ৰতিবছৰে ধূমধামেৰে বিশ্বকৰ্মা পূজা পালন কৰা হয় ৷’’ তেওঁ লগতে কয় ৷

বিশ্বকৰ্মা পূজাৰ বাবে বিশ্ব খনিকৰৰ মৃণ্ময় মূৰ্তিৰ লগতে পূজাৰ বিভিন্ন উপাচাৰেৰে বজাৰ ভৰি পৰিছে । গুৱাহাটী মহানগৰীত থকা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বিশ্বকৰ্মা মন্দিৰতো দিনজোৰা কাৰ্যসূচীৰে পূজাৰ আয়োজন কৰা হৈছে বুলি মন্দিৰ কৰ্তৃপক্ষই জনাইছে । মন্দিৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, বিশ্বকৰ্মা পূজাৰ দিনটোত বিশ্ব কৰ্মা দেৱতাক আৰধনা কৰিলে বাবা প্ৰসন্ন হয় । সেই দিনটোত মন্দিৰলৈ গৈ বা ঘৰতো পূজা কৰিব পাৰি ৷ বিশ্বকৰ্মা পূজাৰ দিনটোত পূজা কৰিলে ব্যৱসায় বাণিজ্য, যান-বাহন আদিৰ বাবে শুভ হয় বুলি ভক্তই বিশ্বাস কৰে ।

লগতে পঢ়ক: ব্য়স্ততাৰ মাজতো সৃষ্টিৰ তাড়না; মহিলা খনিকৰৰ হাতত প্ৰাণ পালে বিশ্বখনিকৰে - Vishwakarma Puja 2024

থলুৱা মৃৎশিল্পীৰ মুখত নাই উৎসাহ ! সমাদৰ কমিছে কেঁচা মাটিৰ মূৰ্তিৰ - Vishwakarma Puja 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.