ETV Bharat / state

চাকৰি নিয়মীয়াকৰণৰ নামত শিক্ষকসকলক চৰম প্ৰতাৰণা, অন্যায়ৰ‌ অভিযোগ - Assam TET Teachers

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 9:11 PM IST

Teachers permanent appointment : সোমবাৰে সমগ্ৰ শিক্ষাৰ অধীনত ৰাজ্যৰ ২৩,৯৫০ গৰাকী শিক্ষকক স্থায়ী নিযুক্তি-পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । কিন্তু এই নিযুক্তিৰ পিছতে নিযুক্তি প্ৰক্ৰিয়াক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে । আনহাতে, চৰকাৰে শিক্ষক সমাজৰ প্ৰতি চৰম প্ৰতাৰণা কৰাৰ অভিযোগ কৰিছে কেইবাটাও সংগঠনে ।

Teachers Permanent Appointment
চাকৰি নিয়মীয়াকৰণৰ নামত শিক্ষকসকলক চৰম প্ৰতাৰণা, অন্যায়ৰ‌ অভিযোগ (ETV Bharat Assam)

গুৱাহাটী, ৩ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে টে'ট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ নামত শিক্ষকসকলৰ প্ৰতি চৰম প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে খানাপাৰা খেলপথাৰত সমগ্ৰ শিক্ষাৰ অধীনত উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক আৰু ষ্টেট পুলৰ ২৩,৯৫০ গৰাকী শিক্ষকক স্থায়ী নিযুক্তি-পত্ৰ প্ৰদান কৰে ।

শিক্ষক নিযুক্তিত চৰকাৰে ঠগ-প্ৰৱঞ্চনা কৰিছে : ৰাজহুৱা শিক্ষা ৰক্ষা যৌথ সংগ্ৰাম সমিতিৰ অভিযোগ

ৰাজহুৱা শিক্ষা ৰক্ষা যৌথ সংগ্ৰাম সমিতিয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে চাকৰি নিয়মীয়াকৰণৰ নামত শিক্ষকসকলৰ প্ৰতি কৰা চৰম প্ৰতাৰণা আৰু অপমানৰ তীব্ৰ প্ৰতিবাদ জনাইছে । আইছাৰ ৰাজ্যিক সভাপতি তথা ৰাজহুৱা শিক্ষা ৰক্ষা যৌথ সংগ্রাম সমিতিৰ আহ্বায়ক সুব্রত তালুকদাৰে কয়, "২০১২ চনৰ পৰা চৰকাৰী শিক্ষানুষ্ঠানত কৰ্মৰত হৈ সেৱা আগবঢ়োৱা এই শিক্ষকসকলক দৰমহা কৰ্তনেৰে ২০২৪ চনত নতুনকৈ নিযুক্তি দিয়া হৈছে আৰু ইয়াকে নিয়মীয়াকৰণ কৰা আৰু ১ লাখ চাকৰিৰ প্রতিশ্ৰুতি সম্পূর্ণ হোৱা বুলি চৰকাৰখনে ঢোল পিটিছে । ফলত বিগত ১১-১২ বছৰে এই শিক্ষকসকলে আগবঢ়োৱা সেৱা অথলে গ'ল । তেওঁলোকে পাবলগা জ্যেষ্ঠতাভিত্তিক সা-সুবিধা, বৰ্ধিত দৰমহা সকলোৰে পৰা বঞ্চিত কৰি দৰমহা কৰ্তন কৰি চাকৰি নিয়মীয়াকৰণ কৰা হৈছে ।"

তেওঁ লগতে কয়, "এয়া আচলতে ৰাজহুৱা শিক্ষা ব্যৱস্থাটোৰ ওপৰতে আক্ৰমণ । ২০১৬ চনত বিজেপিয়ে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল আৰু সেয়া আজি আঠ বছৰ পাৰ হৈ গ'ল । বিশেষ নিযুক্তি অভিযানৰ (SRD) জৰিয়তে নতুন নিযুক্তিৰ ক্ষেত্ৰত বিচাৰাধীন হৈ থকা বিষয়টো যোৱা 30/8/2024 তাৰিখে মহামান্য উচ্চ ন্যায়ালয়ে স্থগিতাদেশ উঠাই দিয়াৰ লগে লগেই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন তৎপৰ হৈ পৰিল, কিন্তু আজি ইমান বছৰে শিক্ষকসকলৰ ন্যায্য দাবীৰ প্ৰতি কোনো তৎপৰতা দেখুওৱা নহ'ল কিয় ?"

তেওঁৰ লগতে চৰকাৰলৈ প্ৰশ্ন, "শিক্ষকসকলৰ ১১-১২ বছৰীয়া সেৱাক নস্যাৎ কৰি এয়া কেনেধৰণৰ গণতান্ত্ৰিক নিয়ম পদ্ধতিৰ নিয়মীয়াকৰণ । ঠিকাভিত্তিক নিযুক্তি চৰকাৰেই দিছিল, শিক্ষকসকলে ইমান বছৰ স্বেচ্ছামূলক সেৱা আগবঢ়োৱা নাছিল । গতিকে ঠিকাভিত্তিত চাকৰিত যোগদানৰ পৰা তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাটো এখন দায়িত্বশীল চৰকাৰৰ নীতি হোৱা উচিত ।"

তেওঁ লগতে কয়, "২০১২ চনৰ পৰা ঠিকাভিত্তিক হিচাপে কৰ্মৰত এই শিক্ষাগুৰুসকলৰ একাংশই চৰকাৰী ষড়যন্ত্রৰ ফলত জীৱনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি অৱশেষত অনিচ্ছাসত্ত্বেও আছ আৰ ডিৰ জৰিয়তে নতুন নিযুক্তি ল'বলৈ বাধ্য হৈছে যদিও আন একাংশই এতিয়াও নিজৰ ন্যায্য দাবী আগত ৰাখি এছ আৰ ডিৰ জৰিয়তে নতুন নিযুক্তি লোৱা নাই ।"

চৰকাৰলৈ তেওঁৰ আহ্বান, "শীঘ্ৰে চৰকাৰে চাকৰি নিয়মীয়াকৰণৰ নামত চলোৱা এই ঠগ-প্ৰৱঞ্চনাৰ নীতি প্ৰত্যাহাৰ কৰি ঠিকাভিত্তিক শিক্ষকসকলক চাকৰিত যোগদানৰ সময়ৰে পৰা প্ৰযোজ্য হোৱাকৈ বৰ্ধিত দৰমহাসহ নিয়মীয়াকৰণ কৰিবলৈ দাবী জনাইছোঁ । লগতে চৰকাৰৰ এনে শিক্ষক আৰু শিক্ষাবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সকলো অংশৰ শিক্ষক সমাজক ঐক্যবদ্ধ প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ ।"

শিক্ষকসকলক অন্যায়-প্ৰতাৰণা কৰিছে

আনহাতে, ডি ৱাই এফ আই ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে কয়, "ৰাজ্য চৰকাৰে ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি দিয়া ব্যৱস্থাক আমি আদৰণি জনাইছো । কিন্তু বেতন সুৰক্ষা নিদিয়াকৈ শিক্ষকৰ চাকৰি যিধৰণে নিয়মীয়াকৰণ কৰা হ'ল, সেই ব্যৱস্থাক আমি ধিক্কাৰ জনাইছো । শিক্ষকৰ এই চাকৰি নিয়মীয়াকৰণ কৰা ব্যৱস্থাটো পুনৰ বিবেচনা কৰাৰ বাবে চৰকাৰক দাবী জনাইছো ।"

তেওঁ লগতে কয়, "বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ নকৰাৰ ফলত শিক্ষকসকল‌ সাংঘাটিক লোকচানৰ‌ সন্মুখীন হ'ব । ১০-১৫ হাজাৰ টকা কমকৈ‌‌ বেতন‌ পাব । এয়া অন্যায় আৰু প্ৰতাৰণা । এয়া চৰকাৰে বন্ধ কৰা উচিত । ভাৰতৰ ইতিহাসত এনেকৈ দুবাৰকৈ শিক্ষকক নিযুক্তি প্ৰথমবাৰৰ বাবে হৈছে । এয়া নাভূত-নাশ্ৰুত কথা ।"

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভূমিকা

ইফালে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান‌ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয়, "২০১২ চনৰ‌ পৰা ঠিকাভিত্তিক টে'ট শিক্ষকৰ নিযুক্তি হৈ আহিছে । ২০১৩, ২০১৭, ২০১৯ আৰু ২০২১ চনত ঠিকাভিত্তিক টে'ট শিক্ষকৰ নিযুক্তি হৈ আহিছে । ২০১২ চনতে চাকৰি আৰম্ভ কৰা শিক্ষকগৰাকীয়ে এতিয়া স্থায়ী নিযুক্তি পোৱাৰ পিছত একে গাঁথনিতে দৰমহা পাব লাগিছিল । চৰকাৰে এই ক্ষেত্ৰত ‌খেলিমেলি কৰিছে ।"

তেওঁ আৰু কয়, "এনেধৰণৰ শিক্ষক নিযুক্তি আগতেও‌ হৈছে । এয়া প্ৰথম নহয় । কিন্তু এয়া সঁচা যে ২০১২ চনৰ পৰা চাকৰি কৰা শিক্ষকগৰাকীয়ে এতিয়া ১২-১৩ হাজাৰ টকা কমকৈ দৰমহা পাব ।"

সংগঠনৰ ভূমিকা সন্দৰ্ভত তেওঁ কয়, "শিক্ষক সংগঠন হিচাপে আমাৰ ক'বলগা কথাটো হ'ল, চৰকাৰে বিকল্প ৰাখিছে । যিসকল শিক্ষকে নিজ ইচ্ছাৰে এই ব্যৱস্থালৈ যাব বিচাৰিছে তাত আমি বাধা দিয়া‌ নাই । কিন্তু যিসকল শিক্ষকে এই ব্যৱস্থালৈ যাব বিচৰা নাই তেওঁলোকৰ বাবে চৰকাৰে সুবিধা কৰি দিব লাগে । এইটোৱে আমাৰ দাবী ।"

এই সন্দৰ্ভত তেওঁ পুনৰ কয়, "৩৫,০০০ শিক্ষক আছিল । ইয়াৰে প্ৰায় ২৪ হাজাৰে চৰকাৰৰ এই সুবিধা লৈছে । বাকী ১১ হাজাৰৰ‌ ভিতৰত ৫ হাজাৰ ২০২১ চনত চাকৰি যোগদান কৰাৰ বাবে এই ব্যৱস্থাত আবেদন কৰিব পৰা নাই । বাকী প্ৰায় ৬ হাজাৰ শিক্ষক নিজৰ ইচ্ছা অনুসৰি চৰকাৰৰ এই ব্যৱস্থাত আবেদন‌ কৰা নাই । চৰকাৰে এই শিক্ষকসকলৰ বাবে সুবিধাৰ ব্যৱস্থা কৰিব লাগে ।"

লগতে পঢ়ক :কংগ্ৰেছৰ শাসনত টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত কি হৈছিল ? দিল্লীৰ পৰা কোনে বাধা দিছিল টেট শিক্ষক নিযুক্তিত ? - Appointment letter distribution
লগতে পঢ়ক :অনলাইন ট্ৰেডিঙৰ বিপদ : ধন বিনিয়োগকাৰীক মুখ্যমন্ত্ৰীয়ে ক’লে "আৰু এনেকুৱা নকৰিব" - online trading fraud

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.