ETV Bharat / state

বান বিভীষিকা: ব্যৰ্থ অসম চৰকাৰ ! সৰ্বদলীয় বৈঠক আহ্বান কৰাৰ দাবী বিৰোধী দলপতিৰ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 9:37 PM IST

সামাজিক মাধ্যমত ৰাজ্য তথা কেন্দ্ৰ চৰকাৰক তীব্ৰ সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখন বান পৰিস্থিতিৰে মোকাবিলা কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ শইকীয়াৰ । প্ৰধানমন্ত্ৰী-অমিত শ্বাহক ক্ষুৰধাৰ সমালোচনাৰে থকা-সৰকা কৰে বিৰোধী দলপতিগৰাকীয়ে ।

Leader of Opposition Debabrata Saikia demands convening of all-party meeting
সৰ্বদলীয় বৈঠক আহ্বান কৰাৰ দাবী বিৰোধীৰ দলপতিৰ (ETV Bharat Assam)

গুৱাহাটী,৯ জুলাই: বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ অসমৰ্থ হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখন । সেয়ে ৰাজ্যৰ বানপানীৰ পৰিস্থিতি আৰু ৰাজ্য-কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ভূমিকাক লৈ সৰৱ হৈ পৰিছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া ৷ বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ কেন্দ্ৰক সমূহীয়া প্ৰস্তাৱ আগবঢ়োৱাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰলৈ সৰ্বদলীয় বৈঠক আহ্বানৰ দাবী দেৱব্ৰত শইকীয়াৰ । প্ৰয়োজনত ৰাজ্য চৰকাৰৰ সৈতে সৰ্বদলীয় প্ৰতিনিধিৰ দল গৈ কেন্দ্ৰীয় চৰকাৰক বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ দাবী জনোৱাৰ পোষকতা জ্যেষ্ঠ কংগ্ৰেছী নেতাজনৰ ।

প্ৰধানমন্ত্ৰী-অমিত শ্বাহক কঠোৰ সমালোচনা :

নৰেন্দ্ৰ মোদীৰ বান বিধ্বস্ত অসমৰ খবৰ ল’বলৈ আহৰি নোহোৱাৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে পুখুৰী খান্দি বানপানী নাইকীয়া কৰিব বুলি কৰা মন্তব্যলৈকে মঙলবাৰে এক ভিডিঅ’ বাৰ্তাযোগে সমালোচনাত মুখৰ হৈ উঠে দেৱব্ৰত শইকীয়া । দেৱব্ৰত শইকীয়াই কয়, "ৰাজ্যৰ শেহতীয়া বানত চৰকাৰৰ তথ্য অনুসৰি এতিয়ালৈকে ৭৮জন লোকৰ মৃত্যু হৈছে আৰু ২৯খন জিলাৰ ৩,৫৩২ খন গাঁৱৰ ২৯,৩৪,২৯৪ খন লোক বানত আক্ৰান্ত হৈছে ।

লগতে তেওঁ কয়, "নিৰ্বাচনৰ সময়ত "A for Assam" বুলি কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিন্তু এতিয়া দুৰ্যোগৰ সময়ত কোনো কাণসাৰ নাই । বৃহৎ নদী বান্ধ নালাগে বুলি কোৱাৰ পৰা, অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ওকালতি কৰা বিজেপিয়ে এতিয়া U-Turn মাৰিছে । ৫০ টা পুখুৰী খান্দি অসমৰ বান ৰক্ষা কৰাৰ যি যুক্তি অমিত শ্বাহে দিছে সেয়া অত্যন্ত হাস্যকৰ আৰু তেখেতে 'X'ত প্ৰকাশ কৰা উক্তিত 'অসমত "বান সদৃশ" পৰিস্থিতি হোৱা বুলি কৈ অসমৰ জনতাক উপলুঙা কৰিছে ।" কিয়নো এইবাৰ আগৰ বৰ্ষসমূহৰ তুলনাত আৰু অধিক বিস্তৰ ক্ষতিসাধন হৈছে বুলি লগতে মন্তব্য কৰে বিৰোধীৰ দলপতি গৰাকীয়ে ।

বান বিভীষিকাক লৈ সৰ্বদলীয় বৈঠক আহ্বান কৰাৰ দাবী:

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দিনৰ মথাউৰি ভঙা বুলি কৈ বোকা চটিওৱাৰ ৰাজনীতি কৰাৰ অভিযোগ তুলিছে কংগ্ৰেছে । বানাক্ৰান্ত অঞ্চলসমূহত ৰাষ্ট্ৰীয় আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা নীতি অনুসৰি যিধৰণে সাহাৰ্য বিতৰণ কৰিব লাগিছিল, সেয়া কৰাত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে দেৱব্ৰত শইকীয়াই ৷ এই বিভীষিকাময় পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰক এখন সৰ্বদলীয় বৈঠক আহ্বান কৰাৰ দাবী দেৱব্ৰত শইকীয়াৰ ।

অসম বিজেপিৰ ৫ ষ্টাৰ কাৰ্যালয় বনাম নদী গৱেষণা কেন্দ্ৰ:

ব্ৰহ্মপুত্ৰৰ নৈৰ গতিবিধি তথা নৈসমূহৰ ওপৰত গৱেষণা কৰিবলৈ জল-সম্পদ বিভাগে নিৰ্মাণ কৰিবলগীয়া গৱেষণা কেন্দ্ৰৰ মাটি বিজেপিয়ে কাঢ়ি লৈ তেওঁলোকে পঞ্চতাৰকা হোটেল সদৃশ পাৰ্টি কাৰ্যালয় স্থাপন কৰিলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নদী গৱেষণা কেন্দ্ৰৰ বাবে ১০০ কোটি টকা দিয়া বুলি কৈছিল, তেন্তে সেই টকা কি হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে দেৱব্ৰত শইকীয়াই ।

কলিয়াবৰৰ হাতীমূৰা বান্ধক লৈ তদন্তৰ দাবী

বাঢ়নী পানীয়ে কলিয়াবৰ হাতীমূৰাৰ কলংমুখৰ মথাউৰি ভাঙি, নৈ-পৰীয়া বহুকেইখন গাঁও প্লাৱিত কৰিলে । এই মথাউৰি নিৰ্মাণৰ কাম WAPCOS নামৰ এটা চৰকাৰী কোম্পানীক দিছিল অসম চৰকাৰে । প্ৰায় ১৩৫ কোটি টকা এই প্ৰকল্পৰ নামত অসম চৰকাৰে ব্যয় কৰিছিল । এতিয়া ইয়াৰ ওপৰত চৰকাৰে তদন্ত ঘোষণা কৰক বুলিও দাবী বিৰোধীৰ দলপতিগৰাকীৰ ৷

লগতে পঢ়ক: কলিয়াবৰত বানৰ প্ৰলয় : ঔষধৰ টোপোলা লৈ শিবিৰে শিবিৰে চিকিৎসাকৰ্মীৰ দল - Assam Flood 2024

বিজেপিয়ে আজিলৈকে এটাও মথাউৰি বনোৱা নাই : এতোৱা মুণ্ডা - Assam Flood 2024

পানীয়ে উটালে বালিয়ে পুতিলে ধান খেতি; দিশহাৰা কৃষক - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.