ETV Bharat / state

আজি শাওণৰ প্ৰথমটো সোমবাৰ : মহাদেৱৰ কৃপা বিচাৰি শুক্ৰেশ্বৰ দেৱালয়ত ভক্তৰ ভিৰ - FIRST MONDAY OF SAWAN MONTH

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 3:46 PM IST

Lord shiva birth month prayers : হিন্দুধৰ্মৰ বিশ্বাস অনুসৰি শাওণ মাহতে জন্মগ্ৰহণ কৰিছিল দেৱাদিদেৱ মহাদেৱে ৷ এই মাহত ভগৱান শিৱক আৰাধনা কৰিলে মনোকামনা পূৰ্ণ হয় বুলি ভক্তসকলে বিশ্বাস কৰে ৷ যাৰ বাবে দেওবাৰে নিশাৰে পৰা ভক্তসকলে ভিৰ কৰেহি মহানগৰীৰ শুক্ৰেশ্বৰ দেৱালয় প্ৰাংগণত ৷

FIRST MONDAY OF SAWAN MONTH
আৰম্ভ হৈছে পবিত্ৰ বোলবোম (ETV Bharat Assam)

গুৱাহাটী, 22 জুলাই: আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ ৷ সেই উপলক্ষে ৰাজ্যৰ শিৱ মন্দিৰসমূহত দেখা গৈছে ভক্তৰ ব্যাপক ভিৰ ৷ গুৱাহাটী মহানগৰীতো একেই অৱস্থা ৷ বিশেষকৈ মহানগৰীৰ পাণবজাৰস্থিত শুক্ৰেশ্বৰ মন্দিৰত নিশাৰ ভাগৰে পৰা ভক্তই ভিৰ কৰা দেখা যায় ৷

আজি শাওণৰ প্ৰথমটো সোমবাৰ (ETV Bharat Assam)

উল্লেখ্য যে, হিন্দুধৰ্মৰ বিশ্বাস অনুসৰি শাওণ মাহতে জন্মগ্ৰহণ কৰিছিল দেৱাদিদেৱ মহাদেৱে ৷ সেইবাবে এই মাহতে শিৱভক্তসকলে পালন কৰে বোলবোমৰ কাৰ্যসূচী ৷ তদুপৰি এই মাহত ভগৱান শিৱক আৰাধনা কৰিলে মনোকামনা পূৰ্ণ হয় বুলি ভক্তসকলে বিশ্বাস কৰে ৷

প্ৰচলিত পৰম্পৰা অনুসৰি, দেওবাৰে শিৱভক্তসকলে মহানগৰীৰ বশিষ্ঠশ্ৰমত থকা সন্ধ্যা-ললিতা-কান্তাৰ মিলনস্থলীৰ পৰা পানী আনি পদব্ৰজে আহি শুক্ৰেশ্বৰ দেৱালয়ৰ শিৱলিংগত ঢালি প্ৰাৰ্থনা কৰে ৷ প্ৰতিবাৰৰ দৰে এইবাৰো মন্দিৰ প্ৰাংগণত যথেষ্ঠসংখ্যক ভক্তৰ ভিৰ আশা কৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷

এই সময়ছোৱাত ভক্তসকলে পানীৰ লগতে আন আন কেইবাবিধো সামগ্ৰী শিৱলিংগত ঢালি নিজৰ লগতে পৰিয়ালৰ হকে প্ৰাৰ্থনা জনায় ৷ তাৰোপৰি সুফল কামনাৰ অৰ্থে শিৱলিংগত ভক্তসকলে ঢালিব পাৰে তিল, মৌ, দৈৰ দৰে সামগ্ৰীসমূহ ৷ যদিহে কোনো লোকে কিবা এটা কামত একেৰাহে লাগি আছে আৰু কামটো সফলতাৰে সম্পন্ন হোৱাটো বিচাৰিছে তেন্তে একেৰাহে তিনিৰ পৰা পাঁচমাহ শিৱলিংগত ঘিউ ঢালিব পাৰে । অৱশ্যে এইসমূহ কথা জ্যোতিষশাস্ত্ৰবিদসকলেহে প্ৰকাশ কৰে ৷

এই সন্দৰ্ভত শুক্ৰেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্যই এই বর্ষত ভক্তসকলৰ বাবে যি সমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেয়া প্ৰশাসনৰ সহযোগত কৰা বুলি সদৰী কৰে ৷ সমান্তৰালকৈ সোমবাৰৰ দিনটোত প্ৰায় 10-15 হাজাৰ ভক্তই শুক্ৰেশ্বৰ মন্দিৰ প্ৰাংগণত ভিৰ কৰিব বুলি মন্দিৰ কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: শিৱলিংগত কি সামগ্ৰী ঢালিলে কি ফল পাব ? - Lord shiva prayer method in sawan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.