ETV Bharat / state

লোকসভা নিৰ্বাচনৰ পাচতে আৰম্ভ হ'ব বসুন্ধৰা 3.0 - মন্ত্ৰী পীযুষ হাজৰীকা

Land pattas distribution: ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰৰ দিনটোত প্ৰদান কৰা হয় ভূমি পট্টা ৷ প্ৰতিগৰাকী যোগ্য লোকে ভূমিৰ পট্টা পাবলৈ সক্ষম হৈছে আৰু যিসকল বঞ্চিত হয় তেওঁলোকে মিছন বসুন্ধৰা 3.0 ত পুনৰ আবেদন কৰিব পাৰিব বুলি জনায় অসম চৰকাৰৰ মন্ত্ৰীসকলে ৷ লোকসভা নিৰ্বাচনৰ পাচতে মিছন বসুন্ধৰা 3.0 আৰম্ভ হ'ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীসকলে ৷

Land pattas distribution in different parts of Assam on 24 th February
লোকসভা নিৰ্বাচনৰ পাছতে আৰম্ভ হ'ব বসুন্ধৰা 3.0
author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 7:50 AM IST

লোকসভা নিৰ্বাচনৰ পাছতে আৰম্ভ হ'ব বসুন্ধৰা 3.0

নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ মৰাণৰ সমীপৱৰ্তী ডবা তিনিআলিত শনিবাৰে অসম চৰকাৰৰ মিছন বসুন্ধৰা ২.০ ৰ জৰিয়তে মাহমৰা সমষ্টি ভিত্তিক ভূমিপট্টা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত মাহমৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ মুঠ 1882 গৰাকী ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰা হয় ৷

এই অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন উপস্থিত থাকি আনুষ্ঠানিকভাৱে ভূমি পট্টা বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে । ভূমিপট্টা প্ৰদান কৰি মন্ত্ৰী যোগেন মহনে প্ৰতিগৰাকী যোগ্য লোকে ভূমিৰ পট্টা পাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে ৷

তেওঁ কয় যে যিসকল বঞ্চিত হয় তেওঁলোকে মিছন বসুন্ধৰা 3.0 ত পুনৰ আবেদন কৰিব পাৰিব ৷ লোকসভা নিৰ্বাচনৰ পাচতে মিছন বসুন্ধৰা 3.0 আৰম্ভ হ'ব বুলিও জনায় মন্ত্ৰীজনে

Land pattas distribution in different parts of Assam on 24 th February
লোকসভা নিৰ্বাচনৰ পাছতে আৰম্ভ হ'ব বসুন্ধৰা 3.0

বিহালী বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ বাবে বৰগাঙত আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ বাবে বিশ্বনাথ চাৰিআলিত সমষ্টি ভিত্তিত পৃথকে পৃথকে অনুষ্ঠিত হোৱা দুখন বিশেষ সভাত এই ভূমি পট্টা বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ লগতে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই ।

বৰগাংস্থিত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত দিনৰ 11.30 বজাত আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ বাবে বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজত বিয়লি 1 বজাত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ ৷ বিহালী বিধানসভা সমষ্টিত 2634 গৰাকী আৰু বিশ্বনাথ সমষ্টিত 3313 গৰাকী হিতাধিকাৰীক ভূমি পট্টা প্ৰদান কৰা হয় ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শনিবাৰে দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয় আৰু পূব মঙলদৈ ৰাজহ চক্ৰৰ অধীনত মিছন বসুন্ধৰা 2.0 ৰ জৰিয়তে নিৰ্বাচিত হিতাধিকাৰীক ভূমি পট্টা প্ৰদান কৰা হয় ৷ এই অনুষ্ঠানত বৃহত্তৰ দলগাঁও আৰু পূৱ মঙলদৈ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অধীনৰ সৰ্বমুঠ 442 গৰাকী হিতাধিকাৰীক ভূমি পট্টা প্ৰদান কৰা হয় ৷ ভূমি পট্টা অনুষ্ঠানত দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমান আৰু দৰং জিলা আয়ুক্ত উপস্থিত থাকে ৷

লামডিং বিধানসভা সমষ্টিৰ মুঠ 1767 গৰাকী হিতাধিকাৰীক মিছন বসুন্ধৰা 2.0 ৰ অধীনত আনুষ্ঠানিকভাৱে ভূমি পট্টা বিতৰণ কৰে মন্ত্ৰী পৰিমল শুল্কবৈদ্যই । লামডিং বিধানসভা সমষ্টিৰ শংকৰপুৰ কাকী 3 নং চাৰিআলি এল. পি. স্কুলৰ প্ৰাংগণত অনুষ্ঠিত হোৱা অনুষ্ঠানত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, জিলা উপায়ুক্ত লাচিত কুমাৰ দাসৰ উপৰিও হোজাই জিলাৰ চৰকাৰী বিষয়াসকল উপস্থিত থাকে ।

আনহাতে, মন্ত্ৰী অজন্তা নেওগে তিতাবৰৰ অসম নাগালেণ্ড সীমান্তৰ বেকাজানত 830 জন হিতাধিকাৰীক প্ৰদান কৰে ভূমিপট্টা । স্বাধীনতাৰ 75 বছৰ অতিক্ৰম কৰাৰ পাচত মিছন বসুন্ধৰা 2.0 ৰ জৰিয়তে সীমান্তবাসী অঞ্চলত বসবাস কৰা ভূমিপুত্ৰসকলে ভূমি অধিকাৰ লাভ কৰি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে ।

মিছন বসুন্ধৰা 2.0 ত ভূমি পট্টা লাভ নকৰা সকলে বসুন্ধৰা 3.0 ৰ জৰিয়তে লাভ কৰিব বুলি মন্তব্য প্ৰকাশ মন্ত্ৰী অজন্তা নেওগৰ । অহা ছমাহৰ ভিতৰত চৰকাৰে 100% লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰিব বুলি ঘোষণা কৰিলে মন্ত্ৰী অজন্তা নেওগে ।

  • " class="align-text-top noRightClick twitterSection" data="">

নৱগঠিত 57 নং কলিয়াবৰ বিধানসভা এলেকাৰ ভূমিহীন পৰিয়ালক কেবিনেট মন্ত্ৰী কেশৱ মহন্তই প্ৰদান কৰে মাটিৰ পট্টা । কলিয়াবৰ ৰাজহ চক্ৰ আৰু চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ 212 জন খিলঞ্জীয়া-চাহ বাগিচা অঞ্চলৰ ভূমিহীন পৰিয়ালক প্ৰদান কৰা হয় ভূমিৰ পট্টা । শনিবাৰে চামগুৰি ৰাজহ চক্ৰৰ 22 আৰু কলিয়াবৰৰ 190 জন হিতাধিকাৰীক ভূমি পট্টা বিতৰণ কৰা হয় ।

লগতে পঢ়ক: লখিমপুৰত দুটাকৈ সমষ্টিত ভূমি পট্টা বিতৰণ মন্ত্রী ৰণোজ পেগুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.