নগাঁও, ২১ জানুৱাৰী: দেওবাৰে সন্ধিয়া নগাঁৱৰ ৰূপহীহাটত উপস্থিত হ'ব কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা । কিন্তু ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা উপস্থিত হোৱাৰ প্ৰকমুহূৰ্তত ৰূপহীহাটত দেখা গ'ল অন্য এক পৰিবেশ । দেওবাৰৰ দিনটোতো খোলা থাকিল গাঁও পঞ্চায়ত কাৰ্যালয় । কেৱল পঞ্চায়ত কাৰ্যালয় খোলা ৰখাই নহয় পঞ্চায়ত ইয়াত পৰিলক্ষিত হ'ল মহিলাৰ অভাৱনীয় ভিৰ ।
ৰূপহীহাট সমষ্টিৰ ৰূপহীহাট, জিউমাৰী, জুৰীয়া আদি পঞ্চায়তত ভিৰ কৰিলে শ শ মহিলাই । কিন্তু ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰকমুহূৰ্তত এইসকল মহিলাই গাঁও পঞ্চায়ত কাৰ্যালয়ত কিয় ভিৰ কৰিলে তাৰ বাবেহে চৰ্চা হৈছে ।
লাখপতিৰ বাবে গাঁও পঞ্চায়ত কাৰ্যালয়ত এইদৰে ভিৰ কৰিলে মহিলাসকলে । লাখপতি মানে ৰাজ্য চৰকাৰৰ লাখপতি বাইদেউ আঁচনিৰ বাবে । আচলতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৰূপহীহাটত উপস্থিত হোৱাৰ প্ৰকমুহূৰ্তত পঞ্চায়ত কাৰ্যালয়ত প্ৰদান কৰা হৈছে লাখপতি বাইদেউ আঁচনিৰ প্র-পত্ৰ । এই খবৰ বিয়পি পৰাৰ লগে লগে হিল দল ভাঙি পঞ্চায়ত কাৰ্যালয়ে কাৰ্যালয়ে উপস্থিত হ'ল ৰূপহীহাট সমষ্টিৰ হাজাৰ হাজাৰ মহিলা ।
পুৱাৰে পৰা অপেক্ষা কৰি অৱশেষত লাখপতি বাইদেউ আঁচনিৰ প্ৰ-পত্ৰ লাভ কৰি উৎফুল্লিত হৈ পৰা মহিলাসকলে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ নকৰে বুলি স্পষ্ট কৰে । লগতে মহিলাসকলৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদো জ্ঞাপন কৰিলো মহিলাসকলে ।
ইপিনে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰকমুহূৰ্তত দেওবাৰে হঠাৎ চৰকাৰী আঁচনিৰ প্র-পত্ৰ প্ৰদান কৰা বিষয়টোক লৈ চলিছে ব্যাপক চৰ্চা । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ব্যৰ্থ কৰাৰ উদ্দেশ্যেই দেওবাৰে আঁচনিৰ প্ৰ-পত্ৰ প্ৰদান কৰা বুলি চর্চা চলিছে ৰূপহীহাটৰ কংগ্ৰেছ মহলত ।
লগতে পঢ়ক:ৰাম মন্দিৰৰ অভিষেকৰ দিনা ৰাহুল গান্ধীক বিয়লি বটদ্ৰৱা সত্ৰ দৰ্শনৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ