কলিয়াবৰ : "খেতি কৰি খা, খেতি কৰি খা ।
খেতি কৰি খাবৰ হ'লে কলিয়াবৰলৈ যা ।।"
এয়া অতীতৰ কথা ৷ এসময়ত উৰ্বৰা, শস্য-শ্যামলা কলিয়াবৰৰ পথাৰে আন ঠাইৰ লোকক হাত বাউল দি মাতিছিল ৷ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল তেতিয়াৰ কলিয়াবৰ । কিন্তু আধুনিকতাৰ ধামখুমীয়াত সেয়া অতীত হ’ল ৷ বৰ্তমান কলিয়াবৰৰ খেতিয়ে হেৰুৱাইছে সেই ঐতিহ্য ।
শস্য-মৎস্যৰে ভৰা কলিয়াবৰৰ তেতিয়াৰ ৰূপ আৰু এতিয়া নাই । চৰকাৰী বিভিন্ন আঁচনিৰ কৰাল গ্ৰাসত পৰি শ্ৰমজীৱি অসমীয়াই খেতি-পথাৰলৈ পিঠি দিয়াৰ ফলত কলিয়াবৰতো বিঘাই-বিঘাই খেতি-পথাৰ চন পৰি ৰৈছে । তথাপিও তাৰ মাজতে আঘোণীয়া পথাৰত একাংশ কৃষকৰ কষ্টসাধ্য সাধনা, দুচকুৰ সোণ গুটিৰে সমৃদ্ধ ভঁৰালত বাসনা । কৰ্মবিমুখতাৰ কাৰণেই হওক বা চৰকাৰী আঁচনিৰ কৰাৰ গ্ৰাসতেই হওক চন পৰি ৰৈছে বহু বিঘা উৰ্বৰ মাটি ।
এচামে আক্ষেপ কৰিয়েই খেতি বাদ দিছে । বোলে বছৰৰ খেতিটোৰে খেতিৰ খৰচেই নোলাই । কথাটো মিছাও নহয় । আগতে ঘৰৰে হালোৱা, আলি দিয়া, কঠীয়া তোলা, ৰোৱনী-দাৱনী, ঘৰৰ কণমানিকেইটাও এই কামৰ লগৰী । নিজে নোৱাৰিলে চুবুৰীয়াৰে সমিল-মিলেৰে বছৰৰ খেতিটো সামৰিব পৰা হৈছিল । পিছে এতিয়া সেই দিন নাই । এক অস্বাভাৱিক পৰিৱেশে বিৰাজ কৰিছে অসমৰ খেতি-পথাৰত ।
সেউজীয়াৰ পৰা সোণোৱালী হোৱা পথাৰখনৰ প্ৰতিটো কামেই এতিয়া আনৰ ওপৰত নিৰ্ভৰশীল । সৌ সিদিনা কাতি বিহুৰ দিনা ৰবাব টেঙা খাবলৈ ডেকা-গাভৰু, বুঢ়া-মেথাৰে উভৈনদী হোৱা পথাৰখনত ধান দাবলৈ এজনো অসমীয়া নাই বুলিব পাৰি । কলিয়াবৰৰ দুই-এঠাইত নতুন কাৰিকৰী সঁজুলিৰে ধান কাটি, ঠাইতে মাৰি ঘৰলৈ অনাৰ ব্যৱস্থা কৰিছে ।
কৃষি বিভাগে ধান খেতিয়কসকলৰ বাবে ধান ক্ৰয় কেন্দ্ৰও মুকলি কৰিছে । কিন্তু ধান ক্ৰয় কেন্দ্ৰলৈ পৰিবহনৰ লগতে অনান্য খা-খৰচৰ লগতে বিভাগীয় কিছু নিয়মৰ বাবে সাধাৰণ খেতিয়ক এই ব্যৱস্থাটোৰ প্ৰতি আকৰ্ষিত নহয় ।
পৰিৱৰ্তন স্বাভাৱিকতে হৈছে, হোৱাৰে কথা । কিন্তু এই পৰিৱৰ্তন দেশৰ উন্নত ৰাজ্যসমূহৰ খেতি-পথাৰতো হৈছে । খেতিৰ জৰিয়তে সমৃদ্ধিশালী হৈছে । সেই খেতিয়কৰ কিমান সাহস, তাৰ প্ৰমাণ কৃষক আইন বিৰোধী আন্দোলনত দেশৰ সকলোৱে দেখিলে । কিন্তু তাৰ বিপৰীতে দেশৰ উত্তৰ-পূব প্ৰান্তত এক দুখলগা ছবি । কাৰণ যিয়েই নহওক, এনে পৰিৱেশ সলনি কৰাৰ ক্ষেত্ৰত সকলোৱে হাত উজান দিবৰ হ'ব । নহ'লে "পথাৰো আমাৰ, বজাৰো আমাৰ" এক বিলাসী শ্ল'গান হৈয়ে থাকিব ।
আনহাতে, কলিয়াবৰৰ বৃহৎ জলসিঞ্চন আঁচনিয়ে বাস্তৱ ক্ষেত্ৰত অতি নগণ্য সংখ্যক খেতিয়ককহে ঢুকি পাইছে । পূৰ্বৰ যিসমূহ গাঁৱৰ কৃষিভূমিত কলং উত্তোলিত জলসিঞ্চন আঁচনিয়ে ঢুকি পাইছিল, সি যোৱা ২০১৭ চনৰ আগষ্ট মাহৰ বানত ক্ষতি হোৱা নলা এতিয়াও মেৰামতি নোহোৱাত বঞ্চিত হৈ আছে ।
লগতে পঢ়ক : চাহ খেতিৰে ২ লাখ টকা উপাৰ্জন কৰা এখন মহাবিদ্যালয় |
ইতিমধ্যে, জলসিঞ্চন বিভাগে এছিয়াৰ দ্বিতীয় বৃহত্তম উত্তোলিত জলসিঞ্চন আঁচনিক সক্ৰিয় কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । শেহতীয়াকৈ, এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ কলং উত্তোলিত আঁচনি সক্ৰিয় কৰাৰ বাবে বিশেষজ্ঞ দলৰ দ্বাৰা নিৰীক্ষণৰ ব্যৱস্থা কৰিছে বিভাগটোৱে । হাতীমূৰাস্থিত কলং উত্তোলন জলসিঞ্চন আঁচনিটো পুনৰ মেৰামতি কৰি সক্ৰিয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বিভাগে । এই আঁচনিটোৰ পুৰণি যন্ত্ৰাংশসমূহ মেৰামতিৰ লগতে আনুষংগিক কাম-কাজৰ প্ৰাক্কলন কৰা হৈছে ।
অৱশ্যে, খৰালি নদীৰ বালিচৰে বেৰাজখন আৱৰি ধৰে, যাৰ বাবে প্ৰাকৃতিক কাৰণত পানী যোগানত অসুবিধাৰ সন্মুখীন হৈছে বিভাগটো । সেই সন্দৰ্ভত তেজপুৰৰ নেৰিৱালম, ৰাষ্ট্ৰীয় জল আয়োগৰ বিশেষজ্ঞই হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা খৰালিতো পানী উত্তোলন কৰি কিদৰে কলং উত্তোলিত জলসিঞ্চন আঁচনি সক্ৰিয় কৰি তুলিব পাৰি তাৰ জৰীপ চলাই আছে বুলি কাৰ্যবাহী অভিযন্তা নীলম প্ৰসাদ বৰাই জনাইছে ।
তদুপৰি, জলসিঞ্চনৰ নলাসমূহৰ মেৰামতি, পৰিষ্কাৰকৰণৰ কামো আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হৈছে । কলিয়াবৰৰ জলসিঞ্চনৰ বিভিন্ন আঁনিসমূহ যাতে সুচল হয় তাৰ বাবে বিভাগীয়ভাৱে কৰা ব্যৱস্থাসমূহৰ সুফল কলিয়াবৰৰ কৃষক ৰাইজে অতি সোনকালে লাভ কৰিব বুলি আশা প্ৰকাশ কৰে কাৰ্যবাহী অভিযন্তাগৰাকীয়ে ।