ETV Bharat / state

কংগ্ৰেছ দল যিফালে গৈছে সেইফালেই মানুহে দৰ্জা বন্ধ কৰি দিছে: জয়ন্ত মল্ল বৰুৱা

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 7:06 PM IST

Updated : Jan 23, 2024, 10:32 AM IST

Jayanta Mallabaruah on Rahul Gandhi : ‘‘ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ সংবাদ মাধ্যমহে আলোচনা হৈ আছে ৷ এই যাত্ৰাত আমি মানুহ দেখা নাই ৷ কংগ্ৰেছ দলক ৰাইজে প্ৰত্যাখ্যান কৰিছে ৷’’ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক সমালোচনা কৰি বৰপেটাত এই মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

Bharat Jodo Nyay Yatra
ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক সমালোচনা জয়ন্ত মল্ল বৰুৱাৰ

বৰপেটা, ২১ জানুৱাৰী : ‘‘কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব ৷ সেয়ে আজি মই চেঙালৈ আহিছো ৷ চেঙাত এটা ৰাম মন্দিৰ আছে ৷ এই মন্দিৰটো পৰিষ্কাৰ পৰিছন্ন কৰি থৈ যাওঁ ৷ ভালকৈ ৰাম মন্দিৰত সেৱা কৰি যাওঁ, যাতে ৰামৰ কৃপাত আমি সকলোৱে ভালে-কুশলে থাকিব পাৰো ৷’’ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

ৰাহুল গান্ধীৰ প্ৰসংগত তেওঁ কয়, ‘‘ৰাহুল গান্ধীৰ ন্যায়-অন্যায় যাত্ৰাক লৈ সংবাদ মাধ্যমত দুই এটা আলোচনা হৈ আছে ৷ কিন্তু ক’তো আমি মানুহ দেখা নাই ৷ তেওঁলোকে এতিয়া স্থান বিচাৰি বিচাৰি আহিব লগা হৈছে ৷ কোন ঠাইত বাংলাদেশী মিঞা পোৱা যায় ৷ আহি আছে তেওঁলোক, আহি থাকিব ৷ কিন্তু সেই ঠাইবোৰতে আমি আকৌ ৰেচন কাৰ্ড বিলাই আছো’’ ৷

লগতে তেওঁ কয়, ‘‘গান্ধী পৰিয়ালে ভাবে যে তেওঁলোকৰ একান্ত অনুগতহে প্ৰধানমন্ত্ৰী হ’ব লাগে ৷ সেয়াই তেওঁলোকৰ ন্যায় বুলি ভাবে ৷ সেই ন্যায় নোপোৱা বাবে তেওঁলোকে চিঞয়-বাখৰ কৰি আছে ৷ আমাৰ ন্যায় হৈছে সৰ্বসাধাৰণ ৰাইজৰ হাতত ৰেচন কাৰ্ড তুলি দিয়া ৷ সেই সকলে আমাক ভোট দিয়ক বা নিদিয়কে, দুখীয়া লোকৰ হাতত ৰেচন কাৰ্ড তুলি দিয়াটোৱেই হৈছে আমাৰ ন্যায়’’ ৷

মন্ত্ৰী বৰুৱাই আৰু কয়, ‘‘যি দলে অসমীয়া খীলঞ্জীয়া মানুহৰ পক্ষত থিয় দিব নোৱাৰে, তেনে দলক ৰাইজে প্ৰত্যাখ্যান কৰাটো স্বাভাৱিক ৷ সেয়ে যিফালে এই দল গৈছে সেইফালেই মানুহে দৰ্জা বন্ধ কৰি দিছে ৷ কংগ্ৰেছ দল উজনি অসমৰ যিফালেই গৈছে সেইফালেই বন্ধ ঘোষণা কৰিছে ৷ নেতা আহিলে মানুহে চাবলৈ আহে, কিন্তু এই কংগ্ৰেছ দলৰ নেতা অহাৰ লগে লগে মানুহে দোকান পৰ্যন্ত বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে’’ ৷

উল্লেখ্য যে, দেওবাৰে বৰপেটাৰ চেঙাৰ গোমা-ফুলবাৰীত আয়োজন কৰা হয় ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান ৷ এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ এই অনুষ্ঠানতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৬৫৩০ খন ৰেচন কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কৰে ।

লগতে পঢ়ক : স্থিতিত অটল অসম চৰকাৰ, মহানগৰীৰ মাজেৰে যাব নোৱাৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা

Last Updated : Jan 23, 2024, 10:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.