ETV Bharat / state

পাঁচ বছৰত চাকৰি এৰিলে ১৭৪ গৰাকী চিকিৎসকে: খালী ৭০০ৰো অধিক চিকিৎসকৰ পদ - Assam Govt Doctors

author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 6:40 PM IST

Assam Health Department : চিকিৎসালয়ৰ বিপৰীতে অভাৱ চিকিৎসকৰ । পাঁচ বছৰত ৰাজ্যৰ ১৭৪ গৰাকী চিকিৎসকে ত্যাগ কৰিলে চৰকাৰী চাকৰি। ৯৮ গৰাকী চিকিৎসকে স্বেচ্ছামূলকভাৱে অৱসৰ গ্ৰহণ কৰাৰ বিপৰীতে ৭৬ গৰাকী চিকিৎসকে কৰিছে চাকৰিৰ পৰা পদত্যাগ । খালী হৈ থকা চিকিৎসকৰ সাত শতাধিক পদৰ ভিতৰত প্ৰায় তিনিশ পদেই হৈছে জ্যেষ্ঠ চিকিৎসকৰ।

GOVT DOCTORS QUIT JOBS ASSAM
চিকিৎসালয়ৰ বিপৰীতে অভাৱ চিকিৎসকৰ (ETV BHARAT)

গুৱাহাটী, 13 জুলাই : ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ বাবে চৰকাৰে এটাৰ পাচত আনটোকৈ আঁচনি গ্ৰহণ কৰিছে যদিও চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত চিকিৎসকৰ অভাৱ ঘটা পৰিলক্ষিত হৈছে ৷ ৰাজ্যত এখনৰ পাচত আনখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে ৷ ঘৰৰ ওচৰতে চিকিৎসা সেৱা লাভ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে ৷ কিন্তু তৎসত্বেও সাধাৰণ জনতাই উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হৈ আহিছে ৷

ৰাজ্যখনৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ অভাৱ হোৱা বাবেই সাধাৰণ জনতাই প্ৰয়োজনীয় সেৱা লাভ নকৰাৰ অভিযোগ নতুন নহয় ৷ গুৱাহাটীৰ হেঙেৰাবাৰীস্থ ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালকায়ৰ পৰা লাভ কৰা তথ্য অনুসৰি ৰাজ্যত চিকিৎসকৰ যথেষ্ট অভাৱ আছে ৷ আনহাতে বহু চিকিৎসকে বিভিন্ন কাৰণত চাকৰি ত্যাগ কৰাৰ ফলতো বহু পদ খালী হৈ আছে ৷ লক্ষণীয় বিষয় যে কংগ্ৰেছ চৰকাৰৰ দিনত দীঘলীয়া সময়ৰ বাবে স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত আছিল বৰ্ত্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ তদুপৰি সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনটো হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছিল ৷ দীঘলীয়া সময় স্বাস্থ্য বিভাগ পৰিচালনা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ পুনৰ স্বাস্থ্য বিভাগ নিজৰ অধীনলৈ আনিছে ৷

পাঁচ বছৰত চাকৰি এৰিলে 174 গৰাকী চিকিৎসকে :

বিগত পাঁচ বছৰত ৰাজ্যৰ 174 গৰাকী চিকিৎসকে ত্যাগ কৰিলে চৰকাৰী চাকৰি ৷ ইয়াৰ ভিতৰত 98 গৰাকী চিকিৎসকে স্বেচ্ছামূলকভাৱে অৱসৰ গ্ৰহণ কৰাৰ বিপৰীতে 76 গৰাকী চিকিৎসকে চাকৰিৰ পৰা পদত্যাগ কৰিছে ৷ যি সময়ত ৰাজ্য চৰকাৰখনে এখনৰ পাচত আনখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে সেই সময়ত এনেদৰে চিকিৎসকৰ চাকৰি ত্যাগ কৰাটো উদ্বেগৰ বিষয় ৷

চিকিৎসকৰ পদত্যাগ :

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি 2020 চনত 8 গৰাকী চিকিৎসকে পদত্যাগ কৰাৰ বিপৰীতে 2021 চনত 7 গৰাকী, 2022 চনত 24 গৰাকী, 2023 চনত 31 গৰাকী আৰু চলিত বছৰৰ মে' মাহলৈকে 6 গৰাকী চিকিৎসকে পদত্যাগ কৰিছে ৷ প্ৰতি বছৰে কি কাৰণত ৰাজ্যখনত এনেদৰে চাকৰিৰ পৰা পদত্যাগ কৰা চিকিৎসকৰ সংখ্যা বৃদ্ধি পাইছে সেয়া এক ডাঙৰ প্ৰশ্নৰ বিষয় হৈ পৰিছে ৷

কেৱল অসমৰ মেডিকেল কলেজ সমূহতেই 2021 ৰ পৰা 2023 চনলৈ 64 জন চিকিৎসকে পদত্যাগ কৰিছে । ইয়াৰ ভিতৰত-

1. গুৱাহাটী চিকিৎসা মহাবিদ্যালয়: 16 গৰাকী চিকিৎসকৰ পদত্যাগ

2. যোৰহাট চিকিৎসা মহাবিদ্যালয় : 13 গৰাকী চিকিৎসকৰ পদত্যাগ

3. অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল : 11 গৰাকী চিকিৎসকৰ পদত্যাগ

চিকিৎসকে পদত্যাগ কৰাৰ তালিকাত আছে শিলচৰ, নলবাৰী, কোকৰাঝাৰ, তেজপুৰ, ডিফু চিকিৎসা মহাবিদ্যালয়ৰো নাম । মন কৰিবলগীয়া সকলো চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰিলেও স্বাস্থ্য বিভাগে GMCH আৰু AMCH ৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ তথ্য পোৱা গৈছে ৷ ধুবুৰীৰ পেথ’লজী, GMCH ৰ ৰেডিঅ'লজী আৰু AMCH ৰ নিউৰ’লজীৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক : অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা : ক্ৰয় কৰিব নোৱাৰিলে লক্ষ্যৰ ৫০ শতাংশ ধানো - Assam Paddy Procurement

স্বেচ্ছামূলক অৱসৰ :

স্বেচ্ছামূলক অৱসৰ লোৱা চিকিৎসকৰ ভিতৰত প্ৰায়সংখ্যক চিকিৎসকেই হৈছে জ্যেষ্ঠ চিকিৎসক ৷ স্বাস্থ্য বিভাগৰ তথ্য মতে ৰাজ্যখনত 2019 চনত 21 গৰাকী, 2020 চনত 9 গৰাকী, 2021 চনত 34 গৰাকী, 2022 চনত 15 গৰাকী আৰু 2023 চনৰ জানুৱাৰী মাহৰ পৰা চলিত বৰ্ষৰ মে' মাহলৈকে 19 গৰাকী চিকিৎসকে স্বেচ্ছামূলক অৱসৰ লৈছে ৷

ৰাজ্যত খালী হৈ আছে চিকিৎসকৰ পদ :

অসম মেডিকেল সেৱা সংস্থাৰ (এ এম এছ এ) তথ্য অনুসৰি বৰ্তমান সময়ত ৰাজ্যৰ চৰকাৰী চিকিৎসালয় সমূহত চিকিৎসকৰ সাত শতাধিক পদ খালী হৈ আছে ৷ ইয়াৰ ভিতৰত প্ৰায় তিনিশ পদেই হৈছে জ্যেষ্ঠ চিকিৎসকৰ পদ ৷

চিকিৎসকে কিয় ত্যাগ কৰে চাকৰি :

ৰাজ্যখনত লক্ষণীয়ভাৱে চৰকাৰী চাকৰিৰ পৰা পদত্যাগ কৰা চিকিৎসকৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাবলৈ ধৰিছে ৷ এই সন্দৰ্ভত নাম প্ৰকাশত অনিচ্ছুক এগৰাকী জ্যেষ্ঠ চিকিৎসকে জনাই যে চৰকাৰী চিকিৎসালয়সমূহত কামৰ হেঁচাৰ বিপৰীতে দৰমহা তথা আন সা-সুবিধা যথেষ্ট কম ৷ আনহাতে চৰকাৰে বিভিন্ন স্থানত মেডিকেল কলেজসমূহ প্ৰতিষ্ঠা কৰিছে যদিও সেই অনুপাতে চিকিৎসকৰ অভাৱ ৷ যাৰ বাবে নতুনকৈ স্থাপন কৰা উক্ত চিকিৎসালয়সমূহলৈ আন স্থানৰ পৰা জ্যেষ্ঠ চিকিৎসকসকলক বদলি কৰাৰ বাবেও বহু চিকিৎসকে চাকৰি ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে ৷

আনহাতে চৰকাৰী চিকিৎসালয়ৰ তুলনাত ব্যক্তিগত চিকিৎসালয়ত দৰমহাকে ধৰি আন আন সা-সুবিধাসমূহ যথেষ্ট আকৰ্ষণীয় হোৱাৰ বাবেও বহু চিকিৎসকে চৰকাৰী চাকৰি এৰি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কাম কৰিছে বুলি অৱগত কৰে জ্যেষ্ঠ চিকিৎসগৰাকীয়ে ৷ তদুপৰি চৰকাৰে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনা সমূহৰ বাবেও বহু চিকিৎসকে চৰকাৰী চিকিৎসালয়ত কাম কৰিব নিবিচাৰে ৷ এনে পৰিস্থিতিত আগন্তুক দিনত চৰকাৰী চাকৰি এৰা চিকিৎসকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে প্ৰকাশ কৰে ৷

লগতে পঢ়ক : তিনিটা দশকৰ অন্তত চামগুৰিবাসীয়ে লাভ কৰিলে চিকিৎসালয় - Samaguri model hospital

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.