ETV Bharat / state

কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ অসম বিধানসভাৰ বিধায়ক - Illegal coal mines in Margherita - ILLEGAL COAL MINES IN MARGHERITA

Raid Conducted In Margherita : অবৈধ কয়লা খনন আৰু সৰবৰাহৰ বিৰুদ্ধে সৰৱ অসম বিধানসভাৰ বিধায়কৰ এটা দল ৷ মাৰ্ঘেৰিটাৰ টিকক কলিয়ৰী আৰু চোৰাং কয়লাৰ বাবে জনাজাত বিভিন্ন স্থান পৰিদৰ্শন বিধায়কৰ দলটোৰ ৷

illegal coal mining sites of margherita inspected by the Assam Assembly delegations
কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ অসম বিধানসভাৰ বিধায়ক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 1:33 PM IST

তিনিচুকীয়া, 23 জুন : উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত টিপং কলিয়ৰীত শুকুৰবাৰে অতৰ্কিতে উপস্থিত হয় অসম বিধানসভাৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে গঠিত বিধায়কৰ এটা দল । লিডুৰ বৈধ টিকক ৱেষ্ট মাইনিং আৰু অবৈধভাবে গঢ়ি উঠা টিৰাপ কলিয়ৰী, টিপং ফায়াৰিং ৰেঞ্জত চলি থকা কয়লাৰ অবৈধ খননস্থলীত জমা কৰি ৰখা বৃহৎ কয়লা ভাণ্ডাৰ দেখি হচকিত হৈ পৰে বিধায়কৰ দলটোৱে ।

কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ অসম বিধানসভাৰ বিধায়ক (ETV Bharat Assam)

উক্ত বিধায়কৰ দলটোত আছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ৰেকিবুদ্দিন আহমেদ, তেৰছ গোৱালা, সুৰেণ ফুকন, সুমন হৰিপ্ৰিয়া, শিৱামণি বৰা, ৰফিকুল ইছলাম, প্ৰদীপ হাজৰিকাৰ লগতে জিলা আয়ুক্ত স্বপ্নীল পাল, আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপ আৰু বিভাগীয় বিষয়াসকল ।

দলটোৱে অবৈধভাৱে গঢ়ি তোলা কয়লাখনিত প্ৰৱেশ কৰে আৰু চৰজমিন তদন্ত চলায় । পৰৱৰ্তী সময়ত বিধায়কৰ দলটোৱে লিডু ক্লাৱত ক'ল ইণ্ডিয়াৰ উচ্চ পদস্থ বিষয়া, প্ৰশাসনৰ মূৰব্বীৰ সৈতে নিশা পৰ্যন্ত এক আলোচনাত মিলিত হয় আৰু অবৈধ কয়লাৰ খনন আৰু আৱাসিক অঞ্চলত অবৈধভাৱে মজুত ৰখা কয়লাৰ সন্দৰ্ভত এক তদন্ত চলাই সাতদিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: অবৈধ কয়লাখনিত জীৱন্তে ভূগৰ্ভস্থ আৰু দুই শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ - Ledo illegal coal mine

উল্লেখ্য যে, মাৰ্ঘেৰিটাত অবৈধ কয়লাৰ খনন আৰু মজুত ৰখাটো কোনো নতুন কথা নহয় ৷ বিভিন্ন সময়ত বিভিন্নজনে অভিযোগ উত্থাপন কৰাৰ উপৰিও বহু অবৈধ কয়লাখনিত কৰ্মৰত শ্ৰমিকৰ মৃত্যুৰ ঘটনাই সেয়া সঁচা বুলি প্ৰমাণিত কৰি আহিছে ৷ কিন্তু দুৰ্ভাগ্যজনকভাবে আজি পৰ্যন্ত আৰক্ষীয়ে কোনো এগৰাকী শক্তিশালী কয়লা মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই, তদন্তৰ নামত মাত্ৰ একাংশ নিম্ন পৰ্যায়ৰ লোকক আটক কৰিয়েই দায়িত্বৰ সামৰণি মাৰে ৷ গতিকে বিধায়কৰ দলটোৱে সাতদিনত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া তদন্তই কি ৰূপ লয় সেয়া পৰৱৰ্তী সময়ত হ’ব এক লক্ষণীয় বিষয় ৷

লগতে পঢ়ক: চাৰিদিন পৰ্যন্ত সন্ধান নাই কয়লা খনিত আৱদ্ধ তিনি শ্ৰমিকৰ - laborers trapped IN COAL MINES

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.