ETV Bharat / state

দুকুৰিৰো অধিক মুগা পালকৰ পানীত হাঁহ নচৰা অৱস্থা - Muga Farmers Condition

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 1:58 PM IST

Muga Silk Farming : সোণালী সূতাৰ দেশত মুগা পালকৰ হাহাঁকাৰ । ডিব্ৰুগড়ৰ নাহৰণিত দুকুৰিৰো অধিক মুগা পালকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা । অচিন ৰোগত আক্ৰান্ত হৈ শ শ মুগা পলুৰ মৃত্যু । ৰেচম বিভাগৰ বিৰুদ্ধে ক্ষোভ মুগা পালকৰ ।

Hundreds of Muga silkworm dies of unknown disease in Dibrugarh
দুকুৰিৰো অধিক মুগা পালকৰ পানীত হাঁহ নচৰা অৱস্থা (ETV Bharat Assam)

ডিব্ৰুগড়, ১৪ জুন : সোণালী সূতা উৎপাদনকাৰী মুগা অসমৰ একচেতীয়া সম্পদ । মুগাৰ চাহিদা বৰ্তমান বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰা পৰিলক্ষিত হৈছে । অসমত উৎপাদিত মুগা সোণালী সূতা বিশ্বৰ ক'তোৱেই উৎপাদন কৰিব পৰা নাই আজি পৰ্যন্ত । তেনে অৱস্থাত ৰাজ্য চৰকাৰৰ উদাসীনতাৰ বাবেই ৰাজ্যৰ বৃহৎ মুগা খেতি বৰ্তমান ধ্বংসৰ দিশে গতি কৰিছে ।

সোণালী সূতাৰ দেশতে এতিয়া মুগা পালকৰ হাহাঁকাৰ পৰিৱেশ সৃষ্টি হৈছে । কিয়নো মুগা পালনেৰে স্বাৱলম্বী হৈ অহা ডিব্ৰুগড়ৰ জিলাৰ মৰাণৰ ১ নং নাহৰণি গাঁৱৰ দুকুৰিৰো অধিক মুগা পালক সন্মুখীন হৈছে গভীৰ সংকটৰ ৷ গাঁওখনৰ অধিকাংশ চোমনিত অচিনাক্ত ৰোগত আক্ৰান্ত হৈছে মুগা পলু ৷ চোম গছত পাত খাই থকা অৱস্থাতে শ শ মুগা পলু এতিয়া মৃত্যু মুখত পৰাত উপায়হীন হৈ পৰিছে মুগা পালকসকল ৷

প্ৰতিবছৰে তিনি/চাৰি বাৰকৈ মুগা পুহি স্বাৱলম্বিতাৰ বাট মুকলি কৰা নাহৰণি গাঁৱৰ মুগাপালকসকলে এতিয়া গভীৰ সমস্যাৰ সন্মুখীন হৈছে ৷ সোণালী সূতাৰে দেশৰ লগতে বিদেশতো নাম জিলিকাই অহা এই মুগা পালকসকলৰ উন্নয়নৰ বাবে কোনো ব্যৱস্থাই আজি পৰ্যন্ত গ্ৰহণ নকৰিলে বিয়াগোম ৰেচম বিভাগটোৱে ৷

মুগা পালকসকলৰ অভিযোগ, ৰেচম বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে তেওঁলোকৰ চোমনিসমূহলৈ মাজে সময়ে আহি ফটো সংগ্ৰহ কৰি যায় যদিও আজিলৈকে কোনোধৰণৰ সাহায্য প্ৰদান নকৰিলে ৷ শেহতীয়াকৈ দেখা দিয়া অচিন ৰোগত এই মুগা পালকসকল সৰ্বস্বান্ত হোৱাৰ আশংকাই দেখা দিছে ৷ এই ক্ষেত্ৰত ৰেচম বিভাগক শীঘ্ৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ক্ষতিগ্ৰস্ত মুগা পালকসকলে ৷

লগতে পঢ়ক: ৰুষ্ট প্ৰকৃতিয়ে দিশহাৰা কৰিছে মুগাপালকক - Muga Farmers Condition

আপুনি বজাৰলৈ গৈ শুৱালকুছিৰ পাট-মুগাৰ কাপোৰ কেনেকৈ চিনাক্ত কৰিব ? - Sualkuchi Silk Weaving

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.