ETV Bharat / state

আৰক্ষীৰ অভিযানৰ পূৰ্বেই পলায়ণ অসাধু ব্যৱসায়ীৰ: বৃহৎ পৰিমাণৰ লালিগুৰ জব্দ - Smuggling of Laligur in Assam

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 2:06 PM IST

Laligur smuggling: লালিগুৰ সৰবৰাহৰ বিষয়ে আৰক্ষী আৰু আবকাৰী বিভাগক খবৰ দিয়াৰ পাচতো নচলাই অভিযান । আটাছু, টাই আহোম যুৱ পৰিষদ, আটছাৰ অভিযোগৰ পিচতহে সাৰ পালে আৰক্ষীয়ে ।

Laligur smuggling
অবৈধ লালিগুৰ জব্দ (ETV BHARAT ASSAM)

আমগুৰি, ১ জুলাই : শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জৰাধৰা গাঁৱত সোমবাৰে এটা অসাধু ব্য়ৱসায়ীৰ বাসগৃহত বৃহৎ পৰিমাণৰ চুলাই প্ৰস্তুত কৰা অবৈধ লালিগুৰ আৰক্ষীয়ে জব্দ কৰে । আমগুৰিৰ তিনিটাকৈ জাতীয় সংগঠনৰ তথ্যৰ ভিত্তিত গৌৰীসাগৰ আৰক্ষীয়ে জৰাধৰা গাঁৱৰ কুশ বৰুৱা নামৰ ব্যৱসায়ীটোৰ ভঁৰালঘৰৰ কাষত লুকুৱাই থোৱা অৱস্থাত অবৈধ লালিগুৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ অভিযানৰ পূৰ্বেই পলায়ণ অসাধু ব্যৱসায়ীৰ: বৃহৎ পৰিমাণৰ লালিগুৰ জব্দ (ETV Bharat)

আৰক্ষীয়ে এই অভিযানত ১৪ টিন লালিগুৰ জব্দ কৰে । উত্থাপিত অভিযোগ মতে, এখন ট্ৰাকত সৰবৰাহ কৰা এই বৃহৎ পৰিমাণৰ অবৈধ লালিগুৰ দুদিন পূৰ্বে মজুত কৰি স্থানীয় জেহেনীয়া গাঁও, দেওৰজা, কমাৰ চুক, পুলিবৰ, বৰাহীবাৰী অঞ্চলত বিতৰণ কৰি আহিছিল ।

কুশ বৰুৱা নামৰ অবৈধ লালিগুৰ ব্যৱসায়ীটোৱে দুদিন পূৰ্বে প্ৰায় ২০০ টিং লালিগুৰ মজুত কৰিছিল যদিও আজি আৰক্ষীয়ে মাত্ৰ ১৪ টিনহে জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত আমগুৰি আটাছু, টাই আহোম যুৱ পৰিষদ, আটছা, কৃষক মুক্তি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৃহৎ পৰিমাণৰ লালিগুৰ সৰবৰাহৰ বিষয়ে আৰক্ষী আৰু আবকাৰীক খবৰ দিয়াৰ পাচতো আৰক্ষী আৰু আবকাৰী বিভাগে নিৰ্দিষ্ট সময়ত অভিযান নচলোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

সোমবাৰে অবৈধ লালিগুৰ সৰবৰাহকাৰী কুশ বৰুৱাৰ বিৰুদ্ধে আটাছু, টাই আহোম যুৱ পৰিষদ আৰু আটছাই গৌৰীসাগৰ আৰক্ষীক এজাহাৰ দাখিল কৰিছে । উল্লেখ্য যে শিৱসাগৰ জিলাৰ আমগুৰিৰ ১৫খনকৈ গাঁৱত অবাধ হাৰত মৰাত্মক চুলাই আৰু অবৈধ লালিগুৰৰ সৰবৰাহ তথা প্ৰচলন হৈ থকাৰ পিছতো আৰক্ষী আৰু আবকাৰী বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

আমগুৰি নগৰৰ বিভিন্ন প্ৰান্তৰ লগতে দেওৰজা, চামগুৰি, জেহেনীয়া, হালোৱাটিং, দোপদৰ, বৰুৱাপুখুৰী কোঁৱৰ গাঁও, বৰছিলা, টিফুক আদি কৰি কিছু অঞ্চলত চুলাইৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে । এই চুলাই প্ৰস্তুত কৰিবলৈ লালিগুৰ যোগান ধৰি আহিছে আমগুৰিৰ বহুকেইটা অসাধু ব্যৱসায়ীয়ে ।

লগতে পঢ়ক:সৰ্থেবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক সৰবৰাহকাৰী - Ganja Seized In Sarthebari

আমগুৰিৰ সমীপৰ পুলিবৰৰ জনৈক ৰক্তিমৰ নেতৃত্বতো এই অবৈধ লালিগুৰৰ সৰবৰাহ হোৱাৰ অভিযোগ উঠিছে । এই ৰক্তিমৰ লগত দেওৰজাৰ কুশ বৰুৱাৰ ব্যৱসায়িক সংঘাট হোৱা বুলিও প্ৰচাৰিত হৈছে । এই অসাধু ব্যৱসায়ীয়ে অবৈধভাৱে জগুৱা আৰু ৫৫৫ নামৰ পেকেটত লালিগুড়ৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে । অভিযোগ অনুসৰি আমগুৰি আৰু হালোৱাটিং অঞ্চলত ১০ খনকৈ চাহ বাগিছাৰ লোকক লক্ষ্য কৰি লালিগুড়ৰ ৰমৰমীয়া ব্যৱসায় আহিছে ।

আমগুৰিৰ বিভিন্ন অঞ্চলত আমগুৰি আৰক্ষী আৰু হালোৱাটিঙ আৰক্ষীয়ে চুলাই ঘাটি ধ্বংস কৰি আহিছে যদিও যোৱা কেইমাহমান নিশ্চুপ হৈ ৰোৱাত চুলাই ঘাটি কাঠফুলাৰ দৰে বাঢ়িছে । আনহাতে, গৌৰীসাগৰ আৰক্ষীয়েও চুলাই ঘাটি উচ্ছেদ কৰাত ব্যৰ্থ হৈছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । আজি গৌৰীসাগৰ আৰক্ষীয়ে কুশ বৰুৱাৰ বাসগৃহত অভিযান চলাই লালিগুৰ জব্দ কৰে যদিও ব্য়ৱসায়ীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল ।

লগতে পঢ়ক:ডিব্ৰুগড়ত ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ - Drugs seized in Dibrugarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.