ETV Bharat / state

অসম-নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ: দুজনক আটক - Anti Drugs operation - ANTI DRUGS OPERATION

Drugs seized: ড্ৰাগছৰ বিৰুদ্ধে এক অভিযানত যোৰহাট আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তৱৰ্তী তিতাবৰ ফুলবাৰীৰ পৰা প্ৰায় ১.৫০ কোটি টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট জব্দ কৰে । দুজন নগা লোকক আৰক্ষীয়ে আটক কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

Drugs seized
অসম-নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 8:53 AM IST

যোৰহাট,২০ আগষ্ট : যোৰহাট জিলাৰ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ সফল অভিযান । অভিযানত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক আটক কৰা বুলি জানিব পৰা গৈছে ।

অসম-নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ (ETV Bharat)

বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত দ্ৰুত হাৰত এইছআইভি সংক্ৰমণ হোৱাৰ মূল কাৰণ ড্ৰাগছৰ অবাধ প্ৰচলন বুলি শেহতীয়াকৈ যোৰহাটৰ এগৰাকী অতিৰিক্ত আয়ুক্তই স্বীকাৰ কৰিছিল । ফলস্বৰূপে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিছিল যোৰহাট প্ৰশাসনে । ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযানো তীব্ৰতৰ কৰি তুলিছে । তেনে এক অভিযানৰ মাজতে অসম-নাগালেণ্ড সীমান্তৱৰ্তী তিতাবৰ ফুলবাৰীৰ পৰা প্ৰায় ১.৫০ কোটি টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ।

যোৰহাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কৌশিক কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ফুলবাৰীৰ বজাৰৰ সমীপৰ এটা স্থানৰ পৰা এই ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় । চাবোনৰ বাকচ আৰু পলিথিনৰ বেগত লুকুৱাই থোৱা অৱস্থাত ড্ৰাগছ আৰু প্ৰায় ৫৯৯ টা নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে ।

দুই নগা লোকক আটক

এই ঘটনাত জড়িত নাগালেণ্ডৰ নিউচুৰি বস্তিৰ চুম্বেম আৰু আকাহটো বস্তিৰ খেট'বি নামৰ দুজন নগা লোককো আৰক্ষীয়ে আটক কৰিছে । ইতিমধ্যে দুই সৰবৰাহকাৰীক আৰক্ষীয়ে থানাত জেৰা অব্যাহত ৰাখিছে । অৱশ্যে তেওঁলোকে এই ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট ক'ৰ পৰা আনিছিল আৰু কোন ঠাইলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল সেই কথা জানিব পৰা হোৱা নাই ।

লক্ষণীয়ভাৱে অসম-নাগালেণ্ড সীমান্তত প্ৰায়ে এনেদৰে ড্ৰাগছ বা নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱা দেখা যায় । বহুতে সন্দেহ কৰা মতে সীমান্ত অঞ্চল এতিয়া ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে । এনে পৰিস্থিতিত স্থানীয় লোকসকল উদ্বিগ্ন হৈ পৰিছে । এই ক্ষেত্ৰত আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় লোকসকলে দাবী জনাইছে ।

লগতে পঢ়ক :অসমভূমিত নাগালেণ্ডৰ পেট্ৰ’ল পাম্প নিৰ্মাণ : দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত - Assam Nagaland border

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.