ETV Bharat / state

আজি লৃগাং, পঃৰ আপঙৰ সোৱাদ ল'বলৈ সাজু নে আপুনি ? - Traditional wine of Misings

Making of traditional liquer: আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং । লৃগাং বুলি ক'লেই মনলৈ চাই মদ অৰ্থাৎ পঃৰ আপঙৰ নাম । কিদৰে তৈয়াৰ কৰা হয় চাই মদ অৰ্থাৎ পঃৰ আপং । জানিবলৈ চাওক এই প্ৰতিবেদন ।

How to make the traditional wine of the Mising
পঃৰ আপঙৰ সোৱাদ ল'বলৈ সাজু নে আপুনি ?
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 2:00 PM IST

মিচিংসকলৰ পৰম্পৰাগত সুৰা

জোনাই, ১৪ ফেব্ৰুৱাৰী: লঠঙা বিৰিখত জ্বলিছে তেজীৰঙা জুই । এজাক পছোৱাই সেউজী পাতক গৈছে চুই । ধৰালৈ নামিছে ফাগুন । আজি পহিলা ফাগুন । বিৰিখৰ সেউজীয়া আঁচল খহাই প্ৰেমৰ বতৰা লৈ সংগোপনে নামিছে বাউলী ফাগুন । মনবোৰ উৰিছে চিলা হৈ । চঞ্চলা ফাগুনে সানিছে মায়াময় আবিৰ । এইবাৰ ফাগুন বিশেষ ।

আজি আলি আয়ে লৃগাং । উৎসৱৰ বতৰা বিলোৱা ফাগুনৰ প্ৰথম দিনটোতে অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলে উদযাপন কৰিছে কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং । লৃগাং বুলি ক'লেই মনলৈ ছাই মদ ৷ অৰ্থাৎ পঃৰ আপঙৰ নাম ।

আপুনি ছাই মদ বা পঃৰ আপঙৰ সোৱাদ লৈছেনে ? পঃৰ আপং কেনেকৈ তৈয়াৰ হয় জানেনে ? অসমৰ মানুহৰ বাবে আপং এক চিনাকী নাম । অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীত ইয়াৰ নাম, বনোৱা পদ্ধতি বেলেগ বেলেগ যদিও অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়ে চাউলৰ পৰাই আপং তৈয়াৰ কৰে । কিন্তু ইয়াৰ ভিতৰত মিচিং জনগোষ্ঠীৰ মহিলাসকলে তৈয়াৰ কৰা আপং অৰ্থাৎ চাই মদ সুকীয়া । মিচিং জনগোষ্ঠীসকলে দুই ধৰণৰ আপং চাউলৰ পৰা তৈয়াৰ কৰে ।

বগা মদ অৰ্থাৎ নগিন আপং আৰু আনটো হ'ল চাই মদ অৰ্থাৎ পঃৰ আপং । মিচিং জনগোষ্ঠীৰ লোকসকলে দুইবিধ পনীয়াই ব্যৱহাৰ কৰে যদিও মিচিং সমাজৰ ধৰ্মীয় ৰীতি-নীতি, পূজা-পাৰ্বন, মৃতকৰ কাজ আদিত পঃৰ আপং অৰ্থাৎ ছাই মদৰ ভূমিকা অধিক । একপ্ৰকাৰ ক'বলৈ গ'লে পঃৰ আপঙৰ অবিহনে মিচিং সমাজৰ বিভিন্ন সকাম-নিকাম আদি আধৰুৱা হৈ পৰে ।

আপঙ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় এবিধ বিশেষ দ্ৰৱ্য । যাক মিচিং ভাষাত অপব বুলি কোৱা হয় । এই অপব চাউলৰ পৰায়ে তৈয়াৰ কৰা হয় । এই দ্ৰৱ্য বিধত প্ৰায় ২০-৩০ বিধ বিভিন্ন জঙ্ঘলীৰ পাত, মুঢ়া, ডাল আদি মিচিং মহিলাসকলে বুটলি আনি শুকুৱাই ঢেকীত কোমল চাউলৰ লগত খুন্দি তৈয়াৰ কৰে ।

ইয়াৰ পিচতে দ্ৰৱ্যবিধ মিচিং মহিলাসকলে লাডু আকাৰত হাতেৰে বনোৱাৰ পিচত কলহ অথবা বায়ু চলাচল কৰিব নোৱাৰা কোনো শুকান পাত্ৰ বা বাঁহৰ টোম বনাই কল পাট বা কৌ-পাতেৰে পুনৰ বায়ু চলাচল কৰিব নোৱাৰাকৈ ৰাখি থয় । অপব অৰ্থাৎ মদৰ এই দ্ৰৱ্যক তৈয়াৰ কৰাৰ লগে লগে ব্যৱহাৰ নকৰে ।

দ্ৰৱ্যবিধ বনোৱাৰ প্ৰায় ১৫-২০ দিনৰ পিচৰ পৰাহে মদ বনাবলৈ দ্ৰব্যবিধ ব্যৱহাৰ কৰে । ৰন্ধা চাউলৰ পৰিমাণ চায় এই দ্ৰৱ্য অৰ্থাৎ অপব দিয়া হয় । কঠাল পাত, বিলহঙনী, ৰামনাম, ৰিকম, জমলাখুটি, ডেলিপকা, আঙনি, তেজপাত, মহানিম পাতকে ধৰি বিভিন্ন বন ঔষধিৰে তৈয়াৰ কৰা এবিধ ঔষধ যাৰ নাম অপব ।

ছাই মদ অৰ্থাৎ পঃৰ আপং তৈয়াৰ কৰাৰ প্ৰায় এমাহৰ পিচতে খাব পাৰি । অৱশ্যে বতৰ ভিত্তিত পকীবলৈ সময়ৰ কিছু হীন দেৰী হয় । ঠাণ্ডা দিনৰ বিপৰীতে গৰমৰ দিনত কম সময়ৰ ভিতৰতে খাবলৈ সক্ষম হয় চাই মদ । পঃৰ আপঙৰ আছে বহু উপকাৰিতা ।

ছাই মদৰ বহু উপকাৰিতাৰ বিষয়ে অতীজৰে পৰা মিছিং সমাজত চলি আহিছে যদিও ইয়াৰ কিছু অপকাৰিতাৰ কথা নুই কৰিব নোৱাৰি । বিশেষকৈ চাই মদ অৰ্থাৎ পঃৰ আপং নিয়মীয়াকৈ সেৱন কৰিলে প্ৰস্ৰাৱ পাইখানা আদি নিয়মীয়া হয় বুলি বিশ্বাস কৰে । অৱশ্যে গেছৰ সমস্যা থাকিলে চাই মদ খাব নালাগে ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত টিংখাঙত চাহ শ্ৰমিকৰ গৃহত নিশা কটালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.