ETV Bharat / state

হাতী-মানুহৰ সংঘাতত কিমান হাতী আৰু কিমান মানুহে হেৰুৱাইছে প্ৰাণ ? - MAN ELEPHANT CONFLICT

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 7:29 PM IST

Death in Man-Elephant conflict : হাতী-মানুহৰ সংঘাত অসমৰ দীর্ঘদিনীয়া সমস্যা ৷ আজি পৰ্যন্ত এই সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হোৱা নাই কোনো চৰকাৰী অথবা বেচৰকাৰী পক্ষই । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুনৰ আৰম্ভ হৈছে হাতী-মানুহৰ সংঘাত । এই সংঘাতৰ ফলত বিগত সময়ত ৰাজ্যৰ কিমানগৰাকী মানুহৰ লগতে কিমান হাতীৰ মৃত্যু হৈছে ? এই সন্দৰ্ভত ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Death in Man-Elephant conflict
অসমত হাতী-মানুহৰ সংঘাতত মৃত্যুৰ সংখ্যা (ETV Bharat Assam)

নগাঁও, 26 জুন : ৰাজ্যত হাতী-মানুহৰ সংঘাত কোনো নতুন কথা নহয় । সময়ে সময়ে ভয়ংকৰ ৰূপ লোৱা অসমৰ হাতী-মানুহৰ সংঘাতে ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত স্থান লাভ কৰাই নহয়, অসমৰ হাতী-মানুহৰ সংঘাতক লৈ নিৰ্মাণ হৈছে তথ্যচিত্ৰ, চলচ্চিত্ৰও ।

বনৰীয়া হাতীৰ সৈতে সংঘাতত লিপ্ত নহ’বলৈ বহু সময়ত বহু বেচৰকাৰী সংস্থাই সজাগতা সৃষ্টিৰ উদ্দেশ্যেও গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ । কিন্তু আজিও যেন বিভিন্ন এলেকাৰ বহুলোক এইক্ষেত্ৰত সজাগ হোৱা নাই । যাৰ ফলত আজিও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে হাতী-মানুহৰ সংঘাত ।

অৱশ্যে বহু সময়ত খাদ্যৰ অভাৱত হাহাকাৰ কৰি অৰণ্য এৰি জনবসতিপূৰ্ণ এলেকাত প্ৰৱেশ কৰি মানুহৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰি আহিছে বনৰীয়া হাতীয়ে । এই হাতী-মানুহৰ সংঘাতৰ ফলত বছৰ বছৰ ধৰি মানুহৰ লগতে বনৰীয়া হাতীও মৃত্যুমুখত পৰিছে ।

কিন্তু বিগত সময়ত অসমৰ হাতী-মানুহৰ সংঘাতৰ ফলত ৰাজ্যৰ কিমানগৰাকী লোকৰ মৃত্যু হৈছে অথবা কিমান হাতীৰ মৃত্যু হৈছে জানো আহক বিতং তথ্য ।

লগতে পঢ়ক: তিনিচুকীয়াৰ ব্ৰহ্মজানত বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু

হাতীৰ মৃত্যু :

বিশেষ সূত্ৰে লাভ কৰা এক তথ্য অনুসৰি বিগত 2001 চনৰ পৰা 2022 চনলৈকে বিভিন্ন কাৰণত 1,330 টা বনৰীয়া হাতীৰ মৃত্যু হৈছে ৷ ইয়াৰে 2013 চনত 107 টা হাতীৰ মৃত্যু হোৱাৰ লগতে 2014 চনত 92 টা, 2016 চনত 97 টা হাতীৰ মৃত্যু হোৱাৰ উপৰিও প্ৰায় প্ৰতি বছৰেই বিভিন্ন কাৰণত বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।

2001 চনৰ পৰা 2022 চনৰ ভিতৰত মৃত্যু হোৱা মুঠ 1330 টা হাতীৰ 509 টা হাতীৰ প্ৰাকৃতিক কাৰণত মৃত্যু হৈছে । আনহাতে 202 টা বৈদ্যুতিক কাৰণত, 102 টা হাতীৰ ৰে’ল দুৰ্ঘটনাত, 65 টা হাতীৰ বিষাক্ত দ্ৰব্য সেৱনৰ ফলত মৃত্যু হয় । আনকি 40 টাকৈ হাতীৰ চোৰাং চিকাৰীৰ কৱলত পৰি মৃত্যু হোৱাৰ লগতে 16 টাকৈ হাতী গৰমৰ বাবে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: শুই থাকোতেই হাতীয়ে ভাঙি থৈ গ’ল ঘৰটো, বিপদত মৰিয়নীৰ এটা পৰিয়াল

মানুহৰ মৃত্যুৰ সংখ্যা :

2011 চনৰ পৰা 2023 চনলৈ হাতী-মানুহৰ সংঘাত সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি উক্ত সময়ছোৱাত আগষ্ট মাহৰ ভিতৰত অসমত হোৱা হাতী-মানুহৰ সংঘাতৰ ফলত 949 গৰাকী লোকৰ মৃত্যু হৈছে । প্ৰাপ্ত তথ্য অনুসৰি 2022 চনত হাতী-মানুহৰ সংঘাতৰ ফলত 73 গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ।

একেদৰে 2023 চনৰ আগষ্ট মাহপৰ্যন্ত 45 গৰাকী লোকৰ মৃত্যু হৈছিল হাতী-মানুহৰ সংঘাতৰ ফলত । সেই সময়ত ওদালগুৰি জিলাত সৰ্বাধিক 115 গৰাকী লোকৰ মৃত্যু হৈছিল হাতী-মানুহৰ সংঘাতত ৷ ইয়াৰে শোণিতপুৰত 103 গৰাকী, গোৱালপাৰাত 74 গৰাকী আৰু দৰং জিলাত 51 গৰাকী লোকৰ মৃত্যু হৈছিল হাতী-মানুহৰ সংঘাতৰ ফলত ৷

শেহতীয়াকৈ নগাঁও-কাৰ্বি আংলং সীমান্ত আৰু নুমুলীগড় আদি অঞ্চলত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত হাতীবন্ধু নামৰ বেচৰকাৰী সংস্থাটোৱে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: ভেৰগাঁৱত বন্যহস্তীৰ আক্ৰমণত এজনে হেৰুৱালে প্ৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.