ETV Bharat / state

অমিত শ্বাহে ৰাজ্যৰ বানাক্ৰান্তক অপমান কৰিছে : অখিল গগৈ - Assam floods 2024

Akhil Gogoi on Amit Shah comments : অসমৰ বানাক্ৰান্ত ৰাইজক অপমান কৰিছে গৃহ মন্ত্ৰী অমিত শ্বাহে । এই মন্তব্য বিধায়ক অখিল গগৈৰ । অসমক বানমুক্ত কৰিবলৈ অসম বিধানসভাৰ বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰো দাবী অখিল গগৈৰ ।

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 9:35 PM IST

Akhil Gogoi on Amit Shah Comments
অমিত শ্বাহক তীব্ৰ সমালোচনা অখিল গগৈৰ (ETV Bharat Assam)

ডিব্ৰুগড়, ২৪ জুন : ৰাজ্যৰ কেইবাখনো জিলা বৰ্তমান বানৰ কবলত । বানৰ কবলত পৰা জিলাসমূহত বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে । আনহাতে, ৰাজ্য চৰকাৰে বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে যদিও এই বৰ্ষৰ বান পৰিস্থিতিত কেইবাজনো ব্যক্তিয়ে মৃত্যুক আঁকোৱালি ল'বলগা হৈছে ।

অমিত শ্বাহৰ মন্তব্য সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

উল্লেখ্য, প্ৰতিবছৰে অসমত হোৱা ভয়াৱহ বান পৰিস্থিতিৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অসমৰ দল-সংগঠন আৰু ৰাইজে দাবী জনাই আহিছে । কিন্তু অসমৰ ভয়াৱহ বান সমস্যা সমাধানক লৈ কোনো এখন চৰকাৰে বিশেষ সদিচ্ছা আজি পৰ্যন্ত দেখুওৱা নাই । ইয়াৰ মাজতে অসমৰ বান সমস্যাক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

সংবাদ মাধ্যমত প্ৰকাশিত অনুসৰি, এদিন পূৰ্বে দিল্লীত অসমৰ বান পৰিস্থিতিক লৈ অনুষ্ঠিত পৰ্যালোচনা সভাত অসমৰ বান সমস্যা নোহোৱা কৰাৰ এক অদ্ভূত সমাধান সূত্ৰ দিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে । তাত তেওঁ মন্তব্য কৰিছিল যে ৫০ টা বৃহৎ পুখুৰী খান্দি ব্ৰহ্মপুত্ৰৰ পানী বোৱাই নিলে অসমৰ বান সমস্যাৰ সমাধান হ'ব ।

কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাচতেই জাঙুৰ খাই উঠিছে বিধায়ক অখিল গগৈ । এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সোমবাৰে বিয়লি চৰাইদেউৰ সোণাৰিত অখিল গগৈয়ে কয়, "গৃহ মন্ত্ৰী অমিত শ্বাহে অসমৰ বানাক্ৰান্ত ৰাইজক অপমান কৰিছে । অমিত শ্বাহে নিজেই ঘোষণা কৰিছিল বিজেপিক ভোট দিয়ক অসম বানমুক্ত হ'ব । কিন্তু বানমুক্ত অসমৰ কথা কোৱা বিজেপি চৰকাৰে অসমক বানমুক্ত কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ।"

আনহাতে, বানমুক্ত অসমৰ কথা কৈ বিজেপি চৰকাৰে যে মিছা প্ৰতিশ্ৰুতি দিছিল, সেই কথা এতিয়া প্ৰমাণ হৈছে বুলি কয় বিধায়ক অখিল গগৈয়ে । "অসমৰ বান সমস্যাক লৈ কোনো চিন্তা নাই, অসমক লৈ কেন্দ্ৰীয় চৰকাৰ যে চিন্তিত নহয় এই কথাৰ দ্বাৰা তাকে প্ৰমাণ কৰিছে ।" বিধায়কগৰাকীয়ে এই মন্তব্য কৰে । লগতে অসমক বানমুক্ত কৰিবলৈ অসম বিধানসভাত বিশেষ অধিবেশন অনুষ্ঠিত কৰিবলৈও দাবী জনাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

লগতে পঢ়ক :বান নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূবত সৃষ্টি কৰিব লাগে বৃহৎ পুখুৰী: পৰ্যালোচনা বৈঠকত অমিত শ্বাহৰ পৰামৰ্শ - HM Amit Shah

লগতে পঢ়ক :বানৰ কবলত ১২ খন জিলাৰ তিনি লাখ লোক : মৃত্যুৰ সংখ্যা ২৯ গৰাকীলৈ বৃদ্ধি - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.