ETV Bharat / state

আবিৰৰ ৰঙেৰে ৰঙীন মহানগৰীৰ আকাশ-বতাহ - Holi 2024 - HOLI 2024

Holi 2024: অবিৰৰ ৰঙেৰে ৰঙীন হ'ল ৰাজ্যবাসী । মহানগৰীতো দেখা গ'ল একেই দৃশ্য । ঠায়ে ঠায়ে হোলীৰ আনন্দ বিলীন হ'ল মহানগৰবাসী । লাচিত নগৰত বিজেপিৰ দলীয় কৰ্মীৰ সৈতে হোলী খেলিলে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে ।

Holi 2024
আবিৰৰ ৰঙেৰে ৰঙীন মহানগৰীৰ আকাশ-বতাহ
author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 5:22 PM IST

আবিৰৰ ৰঙেৰে ৰঙীন মহানগৰীৰ আকাশ-বতাহ

গুৱাহাটী, ২৫ মাৰ্চ: আজি ৰঙৰ উৎসৱ ফাকুৱা । অবিৰৰ ৰঙেৰে ৰঙীন হ'ল ৰাজ্যবাসী । হোলী গীতেৰে গুঞ্জৰিত ৰাজ্যৰ আকাশ-বতাহ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো দেখা গ'ল একেই দৃশ্য । হাতত ফাকু আৰু ফিছকাৰী লৈ সকলো ব্যস্ত হৈ পৰিল ৰঙৰ উৎসৱ উদযাপন কৰাত । মহানগৰীৰ ভিন্ন প্ৰান্তৰৰ লগতে ফাঁচীবজাৰতো প্ৰতি বছৰৰ দৰে এইবর্ষও অনুষ্ঠিত হ'ল হোলীৰ DJ উৎসৱ । ফাঁচীবজাৰৰ আকাশে-বতাহে কেৱল ৰঙীন ফাকু, তাৰ মাজে মাজে DJ ৰ ছন্দ । DJ ৰ ছন্দ আৰু অবিৰৰ ৰঙত মতলীয়া হ'ল মহানগৰী একাংশ যুৱক-যুৱতী ।

ফাঁচীবজাৰৰ সমান্তৰালকৈ মহানগৰীৰ অন্য প্ৰান্তসমূহতো দেখা গ’ল একেই দৃশ্য । ঠায়ে ঠায়ে হোলীৰ আনন্দত বিলীন হ'ল মহানগৰবাসী । কটন বিশ্ববিদ্যালয়, সন্দিকৈ কলেজ, বি বৰুৱা কলেজ আদিকে ধৰি বহুকেইখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আৱাসত দেখা গ'ল হোলীৰ আনন্দ । ঘৰৰ পৰা দূৰত থাকি আৱাসীসকলৰ লগত হোলী উদযাপন কৰিলে ছাত্ৰ-ছাত্ৰীসকলে । ইফালে লাচিত নগৰত দলীয় কৰ্মীৰ সৈতে হোলী খেলিলে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে । হোলীৰ আনন্দ মাজত ফাকুৱাৰ ৰঙৰ দৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক, সকলোৰে মাজত আনন্দ বিয়পি পৰক তাৰে কামনা কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷

ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰতো এইবাৰ পাঁচদিনীয়াকৈ আয়োজন কৰা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ দৌল উৎসৱ । দৌল উৎসৱৰ বাবে সজাই-পৰাই তোলা হৈছে মন্দিৰ চৌহদ । উল্লেখ্য যে, ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পূৰ্বৰে পৰাই ফাকুৱা উদযাপন কৰি আহিছে । এই ফাকুৱা বিভিন্ন ঠাই বিশেষে হোলী, ফল্গুৎসৱ, দৌলোৎসৱ, মদনোৎসৱ আদি নামেৰেও জনা যায় ।

লগতে পঢ়ক: ৰঙৰ উৎসৱত মতলীয়া অসমবাসী - HOLI festival celebrated in Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.