ETV Bharat / state

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সচিবালয় নিৰ্মাণৰ বাবে তৎপৰ হিমন্ত বিশ্ব শৰ্মা - CM Secretariat in Dibrugarh

CM Himanta in Dibrugarh: ডিব্ৰুগড়ত প্ৰস্তাৱিত মুখ্যমন্ত্ৰী সচিবালয় নিৰ্মাণ সন্দৰ্ভত পৰ্যালোচনা বৈঠক ৷ বৈঠকত অংশগ্ৰহণৰ বাবে ইতিমধ্যে উপস্থিত মুখ্যমন্ত্ৰী ৷

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 6:32 PM IST

MINI SECRETARIAT DIBRUGARH
মুখ্যমন্ত্ৰী সচিবালয় নিৰ্মাণৰ বাবে তৎপৰ চৰকাৰ (ETV BHARAT ASSAM)

মৰাণ, 14 জুন : লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পাচত শুকুৰবাৰে প্ৰথমবাৰলৈ ডিব্ৰুগড় ভ্ৰমণলৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ কেবাটাও কাৰ্যসূচী লৈ আজি বিয়লি ডিব্ৰুগড় বিমানবন্দৰ উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীগৰাকীক বিমানবন্দৰত উষ্ম আদৰণি জনালে ডিব্ৰুগড় জিলাৰ কেবাজনো বিধায়ক, মন্ত্ৰী আৰু বিজেপিৰ নেতা-কৰ্মীয়ে ৷

ডিব্ৰুগড়ত উপস্থিত মুখ্যমন্ত্ৰী (ETV BHARAT ASSAM)

ইফালে বিমানবন্দৰত উপস্থিত হৈ ডিব্ৰুগড়ত প্ৰস্তাৱিত মুখ্যমন্ত্ৰী সচিবালয় নিৰ্মাণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড় বিমানবন্দৰতে আলোচনা ৷ এই আলোচনাত মন্ত্ৰী বিমল বড়া, মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক বিনোদ হাজৰিকা, প্ৰশান্ত ফুকন, প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাই অংশগ্ৰহণ কৰে ৷ যোৱা বৰ্ষত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে ৰাজ্য চৰকাৰৰ কাম-কাজ অধিক গতিশীল কৰিবলৈ ডিব্ৰুগড়ত নিৰ্মাণ কৰা হ’ব মুখ্যমন্ত্ৰী সচিবালয় ৷ এতিয়া সেই সিদ্ধান্তক বাস্তৱ ৰূপ দিবলৈ তৎপৰ হৈ পৰা পৰলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক : আপোনাৰ চুৰি হোৱা ম'বাইলটো ঘূৰাই পোৱা নাই নেকি ? আহক মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ - Guwahati City Police

ডিব্ৰুগড় বিমানবন্দৰৰ পৰা নামৰূপত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্ধিয়ালৈ জলসম্পদ বিভাগৰ অতিথিশালাত অনুষ্ঠিত হ'ব এই সম্পৰ্কত পৰ্যালোচনা সভা ৷ এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী সচিবালয় নিৰ্মাণ কৰিব বিচৰা কাৰ্যত বিধায়ক প্ৰশান্ত ফুকনে আদৰণি জনায় ৷

বিধায়কগৰাকীয়ে কয় যে, এই সন্দৰ্ভত ইতিমধ্যে পূৰ্ণ গতিত চলিছে যাৱতীয় কামকাজ ৷ সন্ধিয়ালৈ অনুষ্ঠিত হ'বলগীয়া পৰ্যালোচনা সভাত মুখ্যমন্ত্ৰীৰ সৈতে কেবাগৰাকীও মন্ত্ৰী-বিধায়ক আৰু শীৰ্ষ আমোলা-বিষয়াই অংশগ্ৰহণ কৰিব বুলি বিধায়ক ফুকনে মন্তব্য কৰে ৷ লগতে আজিৰ সভাত ল’বলগীয়া সিদ্ধান্ত ভৱিষ্যতে দ্ৰুতগতিত কাৰ্যকৰী কৰা হ’ব বুলিও কয় বিধায়গৰাকীয়ে ৷

লগতে পঢ়ক : ২০২৬ ত অসমত কংগ্ৰেছৰ নেতৃত্বতেই হ'ব চৰকাৰ: প্ৰদ্যুৎ বৰদলৈ - Nagaon MP Pradyut Bordoloi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.