গুৱাহাটী, ১৯ মাৰ্চ: দক্ষিণ মধ্য এছিয়াৰ ৰিজনেল চিটিবোৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে চিহ্নিত হৈছে গুৱাহাটী মহানগৰী । আনহাতে প্ৰথম স্থানত আছে বিহাৰৰ বেগুচৰাই চহৰ । IQAir এ প্ৰকাশ কৰা ‘World Air Quality Report 2023’ ত এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে । গুৱাহাটী চহৰখনতে নিৰ্মাণ কাৰ্যকলাপ বৃদ্ধিৰ হোৱাৰ লগতে ৰাজপথত অধিক সংখ্যক বাহন চলাচল, ধূলি প্ৰদূষণ বৃদ্ধিৰ ফলত প্ৰদূষণ বৃদ্ধি পাইছে ।
- " class="align-text-top noRightClick twitterSection" data="">
দক্ষিণ মধ্য এছিয়াৰ দেশ ভাৰত, বাংলাদেশ, কাজাখাস্তান, মালদ্বীপ, নেপাল, পাকিস্তান, শ্ৰীলংকা, উজবেকিস্তান, তাজিকিস্তান, কিৰ্গিস্তানৰ ভিতৰত সৰ্বাধিক প্ৰদূষিত চহৰৰ ভিতৰত দ্বিতীয় স্থানত আছে গুৱাহাটী ।

আনহাতে বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত ৰিজনেল কেপিটেল চিটি হিচাপে চিহ্নিত হৈছে নতুন দিল্লী । দ্বিতীয় স্থানত আছে বাংলাদেশৰ ৰাজধানী ঢাকা । IQAir এ প্ৰকাশ কৰা ‘World Air Quality Report 2023’ ৰ তথ্যমতে, সৰ্বাধিক প্ৰদূষিত দেশৰ ভিতৰত তৃতীয় দেশ হিচাপে ভাৰত চিহ্নিত হৈছে । সৰ্বাধিক প্ৰদূষিত দেশৰ ভিতৰত প্ৰথম স্থানত আছে বাংলাদেশ আৰু দ্বিতীয় স্থানত আছে পাকিস্তান ।

দক্ষিণ মধ্য এছিয়াৰ ৰিজনেল চিটিবোৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰলৈ চিহ্নিত হোৱা গুৱাহাটী মহানগৰীৰ প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব । কিয়নো মহানগৰীৰ বায়ু প্ৰদূষণ বৈজ্ঞানিক পদ্ধতিৰে ৰোধৰ বাবে প্ৰদূষণ নিয়ন্ত্রণ পৰিষদ, জিলা প্রশাসন, বন বিভাগ, পৰিবহন বিভাগ, গৃহ আৰু নগৰ উন্নয়ন বিভাগ, খাদ্য আৰু যোগান বিভাগ, উদ্যোগ বিভাগ, লোক নির্মাণ বিভাগ, জি এম চি আৰু জি এম ডি এ আদি বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ।
লগতে পঢ়ক: সাৱধান মহানগৰবাসী ! ক্ৰমাৎ বেয়ালৈ গতি কৰিছে গুৱাহাটীৰ বায়ু প্ৰদূষণ সূচাংক