ETV Bharat / state

বাংলাদেশলৈ চোৰাংভাৱে ম’বাইল সৰবৰাহৰ অভিযোগত ব্যৱসায়ীক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 10:49 AM IST

Smuggling mobile phones : চোৰাংভাৱে বাংলাদেশলৈ নিয়া হয় চুৰি ম’বাইল ৷ এই ম’বাইল সৰবৰাহকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে এজন ব্যৱসায়ীক ৷ নাম ভৱেশ শর্মা ৷

বিনায়ক এনক্লেভত অভিযান
বিনায়ক এনক্লেভত অভিযান

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী : গুৱাহাটীৰ আঠগাঁৱৰ বিনায়ক এনক্লেভত আৰক্ষীৰ অভিযান । এই অভিযানত বাংলাদেশলৈ চোৰাংভাৱে ম’বাইল সৰবৰাহৰ অভিযোগত শনিবাৰে আৰক্ষীৰ অপৰাধ শাখাই আঠগাঁৱৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে । ধৃত ব্যৱসায়ীজনৰ নাম ভৱেশ শর্মা বুলি অপৰাধ শাখাৰ এটা সূত্ৰই জানিবলৈ দিছে ।

আৰক্ষীৰ এই সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, আঠগাঁৱৰ বিনায়ক এনক্লেভত থকা এই ব্যৱসায়ীজনে দীর্ঘদিনৰ পৰা চোৰাংভাৱে ম’বাইল সৰবৰাহৰ বেহাত জড়িত হৈ আছিল । এই কথা গোপন সূত্ৰৰ পৰা অৱগত হোৱাৰ পিচতে শনিবাৰে অপৰাধ শাখাৰ এটা দলে বিনায়ক এনক্লেভত অভিযান চলায় ।

Guwahati Businessman arrested for smuggling mobile phones to Bangladesh
বিনায়ক এনক্লেভত অভিযান

এই অভিযানত আৰক্ষীয়ে ব্যৱসায়ীজনৰ ঘৰৰ পৰা বহু আপত্তিজনক সামগ্ৰীও জব্দ কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে । একে সময়তে পল্টনবজাৰৰ নৱাল চাহানী নামৰ কুৰিয়াৰ ছাৰ্ভিচত জব্দ হোবা ১৮৫ টা চুৰি ম’বাইল সৰবৰাহত এই ব্যৱসায়ীজন জড়িত থকাৰ অভিযোগ উঠিছে ।

ধৃত ব্যৱসায়ীজনে চোৰাংভাৱে এই ম'বাইল বাংলাদেশলৈ সৰবৰাহৰ যো-জা চলোৱাৰ সময়তে পল্টন বজাৰ আৰক্ষীয়ে জব্দ কৰে । ঘটনা সন্দর্ভত উক্ত কুৰিয়াৰ ছাৰ্ভিচৰ গৰাকী-কর্মচাৰীক অপৰাধ শাখাই সোধ-পোছ চলাই থকা বুলিও সূত্ৰটোত প্ৰকাশ কৰে ৷

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দেশৰ চুৰি ম’বাইলৰ বিশাল সাম্ৰাজ্যৰ লগত জড়িত ধৃত শৰ্মা । বাংলাদেশলৈ সৰবৰাহ হয় দেশৰ বিভিন্ন প্ৰান্তৰ চুৰি ম’বাইল । এই সৰবৰাহকাণ্ডৰ লগত জড়িত দিল্লীৰ এটা হাইপ্ৰ'ফাইল চক্ৰ । এই নেক্সাছটোত বহু নামী-দামী ব্যৱসায় জড়িত থকাৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে ।

কুৰিয়াৰ চাৰ্ভিচৰ জৰিয়তে চক্ৰটোৱে সৰবৰাহ কৰে চুৰি ম’বাইল । আৰক্ষীৰ সূত্ৰই উল্লেখ কৰা অনুসৰি, চুৰি ম’বাইলৰ লাখ লাখ টকা আদান-প্ৰদান হয় হাৱালাৰ জৰিয়তে ।

উল্লেখ্য যে, পল্টন বজাৰ থানাত ২৬/২০২৪ নম্বৰত ৰুজু হোৱা গোচৰ শীৰ্ষ আৰক্ষীৰ তত্বাৱধানত ক্ৰাইম ব্ৰাঞ্চে তদন্ত কৰিছে ।

লগতে পঢ়ক : ডাম্পাৰৰ দৌৰাত্ম্য; উদিয়ানাত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত আহত দুই বাইক আৰোহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.