মৰাণ : ডিব্ৰুগড় চহৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই বছৰ বছৰ ধৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । যাৰ বাবে শংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল । দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সমস্যাৰ সৃষ্টি কৰি আহিছিল যদিও খহনীয়া প্ৰতিৰোধ কৰাত ব্যৰ্থ জলসম্পদ বিভাগ । ৰাজ্য চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে কোটি কোটি টকা অনুমোদন দিছে যদিও ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈয়ে আছে । ডিব্ৰুগড় চহৰৰ মোহনাঘাট, কয়লাঘাটকে ধৰি বগীবিললৈকে সৃষ্টি হোৱা খহনীয়াই কেৱল বাৰিষাতেই নহয় খৰালিৰ সময়তো লৈ গৈছে বহু পৰিয়ালৰ ঘৰ, কৃষিভূমি ।
ভয়ংকৰ খহনীয়া প্ৰতিৰোধৰ বাবে কোটি কোটি টকা খৰচ কৰি জিঅ' বেগৰ কাম কৰিছিল যদিও জিঅ' বেগ আঁচনিয়ে ৰোধ কৰিব পৰা নাই ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়াৱহতা । এই বৰ্ষত ডিব্ৰুগড়ৰ মাইজানত তীব্ৰ গৰাখহনীয়াত উছন হৈছে এটাৰ পাছত আন এটা পৰিয়ালৰ বাসগৃহ । ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত মাইজান মথলাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত বহু পৰিয়ালৰ বাসগৃহৰ লগতে কৃষিভূমি নিঃশেষ হৈছে । তাৰ মাজতে খহনীয়া স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল'লে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ।
খহনীয়া অঞ্চল পৰিদৰ্শন পীযুষ হাজৰীকাৰ
ডিব্ৰুগড় জিলাৰ বিধায়কসকলে মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱা কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাক আদৰণি জনায় । মন্ত্ৰীগৰাকীয়ে বিমানবন্দৰৰ পৰা পোনে পোনে মাইজান অঞ্চলৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ ৰাওনা হয় । মাইজান মথলাত উপস্থিত হৈ নাৱেৰে খহনীয়া পৰিৰ্দশন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । মাইজান মথলাৰ পৰা ডিব্ৰুগড় পাঁচআলিলৈকে খহনীয়া পৰিৰ্দশন কৰি স্থায়ী সমাধানৰ বাবে ৩৭৮ কোটি টকা ডিব্ৰুগড় সমষ্টিৰ বাবে অনুমোদন দিয়াৰ কথা অৱগত কৰিলে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীৰ সৈতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, খোৱাঙৰ বিধায়ক চক্ৰধৰ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, কাৰ্যবাহী অভিযন্তাৰ লগতে বিষয়াসকল উপস্থিত থাকে ।
খহনীয়া প্ৰতিৰোধৰ বাবে ৩৭৮ কোটি টকা অনুমোদন
ডিব্ৰুগড়ৰ খহনীয়াৰ কৱলত পৰা স্থান পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয়,"৩৭৮ কোটি টকা কেৱল ডিব্ৰুগড় সমষ্টিৰ বাবে অনুমোদন কৰা হৈছে । যোৱাবাৰ অলপ কাম হৈছিল যদিও মূল কাম এতিয়াৰে পৰা হ'ব । ডিব্ৰুগড় চহৰখন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ লগতে অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ । এই চহৰ বচোৱাৰ বাবে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অতি তৎপৰ । সেয়ে এটা বছৰতে ৩৭৮ কোটি টকাৰ অনুমোদন দিছো ।"
বান প্ৰতিৰোধ সন্দৰ্ভত তেওঁ কয়,"গ্ৰীণউড চাহ বাগিচাত ১৩ কিঃমিঃ দীঘল আৰু প্ৰায় ডেৰশ মিটাৰ বহল এটা পুখুৰী খনন কৰি ভৱিষ্যতে পানী সংৰক্ষণ কৰিব পাৰি নেকি তাকো পৰিদৰ্শন কৰিলো । উক্ত স্থানটো চৰকাৰী ভূমি গতিকে জলাশয় কৰিব পাৰিলে ডিব্ৰুগড়ৰ পানী গৈ তাত পৰিব । এইবাৰ ডিব্ৰুগড়ত সৃষ্টি হোৱা খহনীয়াৰ স্থায়ী সমাধানৰ বাবে কাম কৰা হ'ব । মাইজানৰ যি খহনীয়াৰ ভয়াৱহতা তাক ৰোধ কৰিবলৈ ৪৫ কোটি লাগিব, তাক অনুমোদন দিবলৈ চেষ্টা কৰিম ।"
লগতে পঢ়ক :আম্লিকতা বৃদ্ধিয়ে চাহৰ গুণাগুণ হ্ৰাস কৰিছে: ভূমি বিজ্ঞানী ড৹ জিণ্টু দত্ত