ETV Bharat / state

জৰাজীৰ্ণ জুপুৰীত চৰকাৰী বিদ্যালয় : অভাৱৰ অভাৱ নাই জোনাইৰ এখন বিদ্যালয়ত - Government school in Assam

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 4:03 PM IST

Poor condition school in Jonai : ভগা বাঁহৰ বেৰাৰ মাজত এখন বিদ্যালয় ৷ পাঁচটা শ্ৰেণী, শিক্ষক দুগৰাকী ৷ বৰষুণ দিলে পাঠদান স্তব্ধ হৈ পৰে ৷ দুটা শ্ৰেণীক পাঠদান কৰিলে ৰৈ থাকিবলগীয়া হয় বাকীকেইটা শ্ৰেণী ৷ নাই ৰান্ধনীগৃহও ৷

Poor condition school in Jonai
চৰকাৰী বিদ্যালয়ৰ পুতৌলগা অৱস্থা (ETV Bharat Assam)

জোনাই, ৩১ জুলাই : এক আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’ব বিদ্যালয়সমূহৰ পাঠদান ৷ গৰমবন্ধ শেষ হোৱাৰ লগে লগে বিদ্যালয়সমূহ চাফ-চিকুণ কৰি পুনৰ পাঠদানৰ বাবে সাজু কৰি তুলিছে শিক্ষকসকলে ৷ কিন্তু জোনাইৰ এখন চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাই প্ৰতিফলিত কৰিছে চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি ৷

এটা জৰাজীৰ্ণ জুপুৰিত বছৰ বছৰ ধৰি পাঠদান অব্যাহত ৰখা হৈছে ৷ বিদ্যালয়খন হ’ল জোনাইৰ ২নং বেৰামাজগাঁও প্ৰাথমিক বিদ্যালয় ৷ ২০১৩ চনতে চৰকাৰী হোৱা বিদ্যালয়খনৰ দুৰৱস্থা চাই অভিভাৱকে কেনেকৈ নিজৰ সন্তানক বিদ্যালয়লৈ পঠিয়াব তাক লৈও চিন্তা কৰিবলগীয়া হৈছে ৷

এটা সৰু ভগা-চিগা বাহঁৰ বেৰাৰে আৱৰা, দুখনমান ডেস্ক-বেঞ্চ, এখন ভগা বেক্ল ব’ৰ্ড লৈ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান অব্যাহত ৰখা হৈছে ৷ বিদ্যালখনত ৩৪ গৰাকী শিক্ষাৰ্থী থকাৰ বিপৰীতে শিক্ষক আছে দুগৰাকী ৷ তদুপৰি বিদ্যালয়খনত থকা অংগনৱাড়ী কেন্দ্ৰতো আছে ১৪-১৫ গৰাকীমান শিশু ৷ এটা শ্ৰেণীৰ পাঠদান কৰিলে বাকী চাৰিটা শ্ৰেণী ৰৈ থাকিবলগীয়া হয় শ্ৰেণীকোঠাৰ অভাৱত ৷ আনহাতে বেঞ্চৰ নাটনিৰ ফলত মাটিত বস্তা পাৰিও বহুৱাবলগীয়া হয় ছাত্ৰ-ছাত্ৰীক ৷

বিদ্যালয়খনত নাই ৰান্ধনীগৃহও ৷ এখন চালি দি ৰান্ধিবলগীয়া হৈছে মধ্যাহ্ন ভোজনৰ আহাৰ ৷ খাদ্য সামগ্ৰী ৰাখিবলগীয়া হয় শৌচাগাৰতে ৷ ইফালে বৰষুণ দিলে বিদ্যালয়খন বন্ধ ৰাখিবলগীয়া হয় বুলি জানিবলৈ দিছে শিক্ষকসকলে ৷

জনপ্ৰতিনিধিসকলক বিদ্যালয়খনৰ দুৰৱস্থাৰ কথা জনাই অহা হৈছে যদিও আজিকোপতি বিষয়টো গুৰুত্ব দিয়া নহ’ল ৷ বিষয়টো জনোৱা হৈছিল সাংসদ প্ৰদান বৰুৱাকো ৷ তথাপিও দুৰৱস্থাৰ মাজতেই আছে বিদ্যালয়খন ৷ মুঠৰ ওপৰত জোনাইৰ এই চৰকাৰী প্ৰাথমিক বিদ্যালখনে উদঙাই দিছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ ৷

লগতে পঢ়ক : ২০২৫ বৰ্ষৰ গুণোৎসৱত ইউনিফৰ্মৰ নম্বৰো সংযোজিত হ’ব: শিক্ষামন্ত্ৰী

লগতে পঢ়ক : শিক্ষকৰ হেমাহিৰ বাবেই বন্ধ হোৱাৰ দিশে এখন চৰকাৰী বিদ্যালয় !

লগতে পঢ়ক : আধুনিক আন্তঃগাঁথনিৰে ৰাজ্যত নিৰ্মাণ হৈ আছে ৫০০ বিদ্যালয় : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.