ETV Bharat / state

গোলাঘাটত আৰক্ষীয়ে জ্বলালে ৫৪ লাখ টকাৰ নিচাযুক্ত সামগ্ৰী

Police destroys drugs : গোলাঘাটত আৰক্ষীয়ে জ্বলালে বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ৷ প্ৰায় 54 লক্ষাধিক টকাৰ নিচাজাতীয় সামগ্ৰী দাহ কৰে গোলাঘাট আৰক্ষীয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 5:39 PM IST

Police destroys drugs
আৰক্ষীয়ে জ্বলালে বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী
৫৪ লাখ টকাৰ নিচাযুক্ত সামগ্ৰী দাহ

গোলাঘাট, 23 ফেব্ৰুৱাৰী : গোলাঘাটত আৰক্ষীয়ে দাহ কৰিলে বুজন পৰিমাণৰ নিচা জাতীয় সামগ্ৰী ৷ জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীয়ে জব্দ কৰা নিচা জাতীয় সামগ্ৰী সমূহ আদালতৰ নিৰ্দেশত দাহ কৰা হয় ৷ গোলাঘাটৰ পুলিবৰ স্থিত আৰক্ষী নিৱেশত দাহ কৰা হয় এই নিচা জাতীয় সামগ্ৰী সমূহ ৷

আৰক্ষীয়ে জনোৱা অনুসৰি 164.55 গ্ৰাম হেৰ'ইন, 87.91 গ্ৰাম মৰফিন, 6 কেজি 352 গ্ৰাম গাঞ্জা আদালতৰ নিৰ্দেশ অনুসৰি দাহ কৰা হয় ৷ দাহ কৰা নিচাযুক্ত সামগ্ৰী সমূহৰ বজাৰৰ মূল্য প্ৰায় 54 লাখ টকা হ'ব বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণ্ময় দাসৰ উপস্থিতিত নিচাযুক্ত সামগ্ৰী সমূহ দাহ কৰা হয় ৷ গোলাঘাট District Drugs Disposol কমিটিৰ সিদ্ধান্ত মৰ্মে জিলাখনৰ বিভিন্ন থানাত জব্দ হৈ থকা নিচাযুক্ত সামগ্ৰীসমূহ দাহ কৰা হয় ৷

উল্লেখ্য যে, বিভিন্ন সময়ত অসম-নাগালেণ্ড সীমান্ত অঞ্চলেৰ সৰবৰাহকাৰীয়ে বিভিন্ন উপায়েৰে সৰবৰাহ কৰে এই মাৰাত্মক নিচাযুক্ত সামগ্ৰী সমূহ ৷ সময়ে সময়ে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই বিভিন্ন নিচা জাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে সৰবৰাহকাৰীকো আটক কৰে যদিও পুনৰ ন ন কৌশল অৱলম্বন কৰি সৰবৰাহকাৰীয়ে অব্যাহত ৰাখে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৷

এই মাৰাত্মক নিচাযুক্ত সামগ্ৰী সেৱন কৰি যুৱ প্ৰজন্মৰ বহুতে শাৰীৰিক-মানসিকভাৱে পংগু হোৱাৰ লগতে মৃত্যু মুখতো পৰিছে ৷ ইয়াৰ উপৰিও কেই মাহ মানৰ পূৰ্বে অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ ফলত এজন আৰক্ষী জোৱানৰ মৃত্যু হৈছিল ৷ আৰক্ষী জনোৱা মতে পূৰ্বৰ তুলনাত গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে এই মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন ৷ লগে লগে আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে জিলাখনত অব্যাহত ৰাখিছে কঠোৰ অভিযান ৷

লগতে পঢ়ক : আৰক্ষীৰ গুলীত হুইল চেয়াৰত বহিল ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.