গুৱাহাটী,১১ জুন: গুৱাহাটী উচ্চ ন্যায়ালয়ে যৌন নিৰ্যাতন অথবা এচিড আক্ৰমণৰ দৰে ঘটনাত ভুক্তভোগী কিশোৰী, যুৱতী অথবা মহিলাক ক্ষতিপূৰণ নিদিয়া সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবক জবাবিদিহি কৰে । যৌন নিৰ্যাতন অথবা এচিড আক্ৰমণৰ দৰে ঘটনাত ভুক্তভোগী কিশোৰী, যুৱতী অথবা মহিলাক ক্ষতিপূৰণ হিচাপে দিবলগীয়া প্ৰায় ৪৪ কোটি টকা আজিলৈকে মোকলাই নিদিলে ৰাজ্য চৰকাৰে ।
এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে সোমবাৰে গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ শুনানীত ৰাজ্যৰ মুখ্য সচিবক জবাবিদিহি কৰে । এই সন্দৰ্ভত অহা ১৬ জুলাইৰ ভিতৰত সৱিশেষ তথ্য ন্যায়ালয়ক শপতনামা হিচাপে দাখিল কৰাৰ বাবে উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰে । উল্লেখ্য যে অসম চৰকাৰে The Assam victim compensation scheme, 2012 ৰ অধীনত যৌন নিৰ্যাতন অথবা এচিড আক্ৰমণৰ দৰে ঘটনাত ভুক্তভোগী কিশোৰী, যুৱতী অথবা মহিলাক ক্ষতিপূৰণ দিব লাগে ।

দোষীয়ে শাস্তি লাভ কৰাৰ পিচত যৌন নিৰ্যাতন অথবা এচিড আক্ৰমণৰ দৰে ঘটনাত ভুক্তভোগী কিশোৰী, যুৱতী অথবা মহিলাক এই আঁচনিৰ অধীনত ক্ষতিপূৰণ হিচাপে এক লাখৰ পৰা আঢ়ৈ লাখ টকা পৰ্যন্ত প্ৰদান কৰিব লাগে । কিন্তু ২০১৫ চনৰ পৰা এই আঁচনিৰ অধীনত ৪৪ কোটি টকা এতিয়ালৈকে যৌন নিৰ্যাতন অথবা এচিড আক্ৰমণৰ দৰে ঘটনাত ভুক্তভোগী কিশোৰী, যুৱতী অথবা মহিলাক প্ৰদান কৰা নাই ।

২০১৫ চনৰ পৰা মাত্ৰ এই আঁচনিৰ অধীনত ৯ কোটি টকাহে মোকলাই দিছে । যাৰ বাবে অধিবক্তা সন্দীপ চমৰীয়াই এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা এখন ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ তৰিছিল । বিগত ৫ এপ্ৰিলত এই গোচৰটো শুনানী গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ভুক্তভোগীসকলৰ ক্ষতিপূৰণৰ নিদিষ্ট ধন মোকলাই দিয়াৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল ।

কিন্তু ৰাজ্য চৰকাৰে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ সুমন শ্যামৰ দুজনীয়া বিচাৰপীঠে ৰাজ্যৰ মুখ্য সচিবক জবাবিদিহি কৰে । এই সন্দৰ্ভত ভুক্তভোগীক কিদৰে ক্ষতিপূৰণৰ ধন মোকলাই দিব তাৰ এক সবিশেষ তথ্য অহা ১৬ জুলাইৰ ভিতৰত ন্যায়ালয়ক শপতনামা হিচাপে দাখিল কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে । এই গোচৰটোৰ পুনৰ শুনানীৰ দিন অহা ১৬ জুলাই নিৰ্ধাৰণ কৰা হৈছে ।