ETV Bharat / state

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশালৰ সৈতে একেলগে থাকিব চুমী-তাৰ্কিক-অম্লান - Sumi Borah controversy

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 7:18 PM IST

Sumi Borah sent to jail: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ’ল চুমী-তাৰ্কিক-অম্লান ৷ ইফালে চুমীৰ বৌৱেক জিংকি মিলিৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷

Sumi-Tarkik Borah
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশালৰ সৈতে একেলগে থাকিব চুমী-তাৰ্কিক-অম্লান (ETV Bharat Assam)

ডিব্ৰুগড়, ১৭ ছেপ্টেম্বৰ: অৱশেষত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ'ল অনলাইন ট্ৰেডিঙকাণ্ডৰ অভিযুক্ত চুমী বৰা, তাৰ্কিক বৰা আৰু অম্লান বৰা ৷ ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে মঙলবাৰে তিনি অভিযুক্তক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ ইফালে চুমীৰ বৌৱেক জিংকি মিলিৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

আদালতৰ শুনানীৰ সন্দৰ্ভত কি ক’লে অম্লানৰ অধিবক্তাই:

অম্লানৰ অধিবক্তাই এই সন্দৰ্ভত কয়, "ডিব্ৰুগড় আৰক্ষীয়ে মঙলবাৰে তেওঁলোকৰ জিম্মাৰ ম্যাদ সমাপ্ত হোৱাত চুমী বৰা, তাৰ্কিক বৰা আৰু অম্লান বৰাক ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰে ৷ ডিব্ৰুগড় আৰক্ষীয়ে পুনৰ তিনিও অভিযুক্তক নিজৰ জিম্মাত নিবিচৰাত আদালতে আটাইকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।"

লগতে পঢ়ক: বহুত সাহস কৰি মই আত্মসমৰ্পণ কৰিবলৈ ওলাইছো: চুমী বৰা - Sumi Borah Ready to Surrender

চুমী আৰু তাৰ্কিকৰ জামিন আবেদনৰ শুনানী গ্ৰহণ আদালতৰ:

"চুমী আৰু তাৰ্কিকৰ সংশ্লিষ্ট অধিবক্তাই আজি তেওঁলোকৰ জামিনৰ বাবে ডিব্ৰুগড়ত আবেদন কৰিছে ৷ সেই আবেদন ইতিমধ্যে বিচাৰাধীন হৈ আছে ৷ তেওঁলোকৰ জামিন গ্ৰাহ্য হ’ব নে অগ্ৰাহ্য হ’ব আজি তাৰ ফলাফল ওলাব ৷ অৱশ্যে অম্লানৰ জামিন আবেদনৰ শুনানী আজি গ্ৰহণ কৰা হোৱা নাই ৷" অম্লানৰ অধিবক্তাই কয় ৷

চুমীৰ বৌৱেক জিংকি মিলিৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ

ইফালে চুমীৰ বৌৱেক জিংকি মিলিৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ২৫০০০ টকা বণ্ডৰ বিনিময়ত আদালতে তেওঁৰ জামিন আবেদন মঞ্জুৰ কৰে বুলি অম্লানৰ অধিবক্তাই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: চুমীৰ দেওৰেক ধৰা পৰিল, বতাহত মিলি গ'ল নেকি তাৰ্কিকসহ নাচনী চুমী ! - Assam trading scam

অনলাইন ট্ৰেডিঙত জড়িত থকা অভিযোগত আটক কৰা হৈছিল বিশাল-চুমী-তাৰ্কিক-অম্লান

উল্লেখ্য় যে, অনলাইন ট্ৰেডিঙত জড়িত থকা অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে ২ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক আটক কৰিছিল । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ডিব্ৰুগড় সদৰ থানাত 352/24 কেছ ৰেজিষ্টাৰ কৰি Section 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Actৰ অধীনত বিশাল ফুকনক ইতিমধ্যে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।

বিশাল ফুকনক আটক কৰা দিনৰে পৰা আত্মগোপন কৰি থকা বিশালৰ সহযোগী হিচাপে চিহ্নিত হোৱা চুমী বৰা আৰু তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাই প্ৰায় দহ দিনৰ পাছত আৰক্ষীৰ STFৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ ইফালে চুমী আৰু তাৰ্কিকে আত্মসমপৰ্ণ কৰা এদিন পূৰ্বে বিহাৰৰ পৰা আটক কৰা হৈছিল তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক ।

লগতে পঢ়ক: লক আপৰ পৰা নিশাই কিয় চিকিৎসালয়লৈ নিয়া হ’ল চুমী-তাৰ্কিকক ? - Assam Trading Scam

ট্ৰেডিং কেলেংকাৰী; ভুৱা প্ৰচাৰৰ বলি হ'ল নেকি জ্যেষ্ঠ চিকিৎসক ? - Assam Trading Scam

লক্-আপৰ ভিতৰত শোৱাৰ সুন্দৰ ব্যৱস্থা ! চুমী-তাৰ্কিক প্ৰসংগত বিস্ফোৰক অভিযোগ - Assam Trading Scam

লোকচক্ষুৰ পৰা আঁতৰি 7 দিনে ক’ত আছিল তাৰ্কিক বৰা-চুমী বৰা ! - Sumi Tarkik latest news

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.