ETV Bharat / state

নিশা ১ বজাত ক’ৰ পৰা আহিল প্ৰলয়ংকৰী বান ? মুহূৰ্ততে হুৱাদুৱা - Assam Flood 2024

Flood in Dhemaji : বান-চকুলো একাকাৰ ধেমাজিবাসীৰ । দুদিন পানী কমাৰ পাচতে পুনৰ মাজনিশা প্ৰলয়ংকৰী বানৰ তাণ্ডৱ ধেমাজিৰ বিস্তীৰ্ণ অঞ্চলত । বুধবাৰে নিশা প্ৰায় ১ বজাত হঠাৎ অহা বানত ক্ষতিগ্ৰস্ত বহুকেইটা পৰিয়াল ।

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 7:44 PM IST

Flood scare again in Dhemaji in midnight, many families affected
মাজনিশা প্ৰলয়ংকৰী বানৰ তাণ্ডৱ (ETV Bharat Assam)

ধেমাজি,১১ জুলাই: বানে কোঙা কৰা ধেমাজিবাসীৰ দুখ-দুৰ্দশাৰ যেন অন্তই পৰিব খোজা নাই । বিগত দুদিনত বানৰ প্ৰকোপ কিছু কমিছিল যদি বুধবাৰে নিশা পুনৰ জলপ্ৰলয়ৰ সন্মুখীন ধেমাজিৰ বিস্তীৰ্ণ অঞ্চলৰ ৰাইজ । বুধবাৰে নিশা প্ৰায় ১ বজাত হঠাতে অহা প্ৰলংকৰী বানত অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল ধেমাজি মৰিঢল আৰু লক্ষীপথাৰ পঞ্চায়তৰ বৃহত্তৰ অঞ্চলবাসী ৷

মাজনিশা অহা বানৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ বয়-বস্তু ঘৰতে এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলে ভুক্তভোগী ৰাইজে । বানৰ সোঁত ইমানেই প্ৰবল আছিল যে কেঁচা ঘৰ, কেঁচা পথৰ উপৰিও পকী গড়কাপ্তানী পথো খান্দি বিধ্বস্ত কৰে । জানিব পৰা মতে অৰুণাচলৰ পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বুধবাৰে নিশা ১ বজাত আচম্বিতে ৰাই আৰু বালিচৰী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত বৃহত্তৰ লক্ষীপথাৰ অঞ্চলৰ প্ৰায় ১০ খন গাঁও আৰু মৰিঢল পঞ্চায়তৰো ৩/৪খন গাঁও, মুঠ ১৫ খনৰো অধিক গাঁও জলমগ্ন হয় ৷

এই বানে মৰিঢল পৰা লক্ষীপথাৰ হৈ হাতীপৰালৈ যোৱা গড়কাপ্তানী পথটো ৫ টা স্থানত ছিগাৰ ফলত যাতায়ত ব্যাহত হৈ পৰে ৷ ২ নং কৈৱৰ্ত্ত গাঁও, বৰাজান কছাৰী গাঁও, লক্ষীপথাৰ কাঠনি, পদ্মপুৰ, বৰুৱা লালুং, মৰিঢল বালিগাঁও, হাঁহচোৰা,নাহৰণীকে আদি কৰি প্ৰায় ১৫ খনৰো অধিক গাঁও বানৰ কবলত পৰি বেয়াকৈ ক্ষতিগ্ৰস্ত হয় ৷ ইপিনে যোৱা নিশা কথমপি প্ৰাণৰক্ষা পৰা বহুকেইটা ক্ষতিগ্ৰস্ত পৰিয়ালে এই ভয়ংকৰ বানৰ তাণ্ডৱক লৈ আজিও শংকিত হৈ আছে ।

ইতিমধ্যে SDRF বাহিনীয়ে বানাক্ৰান্ত বহু লোকক উদ্ধাৰ কৰি বৃহস্পতিবাৰে দিনৰ দহ বজাত মৰিঢল মহাবিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰে ৷ এই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা মৰিঢল হাঁহচৰা, লক্ষীপথাৰ কৈৱৰ্ত্ত গাঁৱৰ ১৮৪ টা বানাক্ৰান্ত পৰিয়ালকো শিবিৰলৈ স্থানান্তৰ কৰা হয় ৷

লগতে পঢ়ক: বান বিধ্বস্ত ধেমাজিত নাৱেৰে গৈ আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ স্বাস্থ্য পৰীক্ষা চিকিৎসক-নাৰ্ছৰ - Assam Flood 2024

ধেমাজিত এতিয়াও জলমগ্ন ১৪০ খন গাঁও : কেন্দ্ৰক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ - Assam Flood 2024

শীঘ্ৰেই ধেমাজিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’ব তিনিটাকৈ কালভাৰ্ট - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.