ETV Bharat / state

এটুপি খোৱাপানীৰ বাবে ধেমাজিত বন্যাৰ্তৰ হাহাকাৰ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 5:37 PM IST

Flood in Dhemaji: বিগত কেবাবছৰ ধৰি ৰাই নদীয়ে লালুঙত চলাই আহিছে তাণ্ডৱ ৷ ৰাই নদীৰ পানীয়ে বিচ্ছিন্ন কৰি পেলাইছে জলজীৱন আঁচনিৰ পাইপৰ সংযোগ ৷ বিশুদ্ধ খোৱাপানীৰ লগতে শৌচাগাৰ-প্ৰস্ৰাৱগাৰৰ সমস্যাত ভুগিছে বন্যাৰ্তই ৷

flood hits vast areas of Dhemaji revenue circle in dhemaji
ধেমাজিত বন্যাৰ্তৰ হাহাকাৰ (ETV Bharat Assam)

ধেমাজি, 21 জুলাই: ৰাজ্যৰ সৰ্বত্ৰে বৰ্তমানেও অব্যাহত বানৰ বিভীষিকা ৷ উজনিৰ পৰা নামনিলৈ আহাৰমহীয়া বানত ককবকাইছে সৰ্বসাধাৰণে ৷ জনাঞ্চল-বনাঞ্চল সকলোতে এতিয়া কেৱল পানী আৰু পানী ৷ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ঘৰ-বাৰী, কৃষিভূমিৰ লগতে বিস্তীৰ্ণ অঞ্চল ৷ ইয়াৰ মাজতে ধেমাজি জিলাৰ বিভিন্ন অঞ্চলতো বানে লৈছে কাল ৰূপ ৷

এটুপি খোৱাপানীৰ বাবে ধেমাজিত বন্যাৰ্তৰ হাহাকাৰ (ETV Bharat Assam)

এটুপি খোৱাপানী, শৌচাগাৰ-প্ৰস্ৰাৱগাৰ বিচাৰি হাহাকাৰ লাগিছে বন্যাৰ্তৰ মাজত । ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ 2 নং বৰুৱা লালুঙত বন্যাৰ্তৰ দুখে কুলাই-পাচিয়ে নধৰা হৈছে ৷ লালুঙৰ ৰাই নদীৰ পানীয়ে বিচ্ছিন্ন কৰি পেলাইছে জলজীৱন আঁচনিৰ পাইপৰ সংযোগ ৷

জুলাই মাহত অহা ৰাই নদীৰ পানীয়ে গাওঁখনৰ পঞ্চাশৰো অধিক পৰিয়ালৰ ঘৰ-বাৰী পথাৰ নিমিষতে প্লাৱিত কৰি পেলাইছে ৷ মুহূৰ্ততে গাওঁখনৰ পকী ঘৰ, অৰ্ধ পকী ঘৰ আৰু কেঁচা ঘৰ সকলোতে পানী সোমাই ঘৰৰ ভিতৰত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিৱেশৰ ৷ সমান্তৰালভাবে, বানত ডুব গৈছে শৌচাগাৰ-প্ৰস্ৰাৱগাৰ, কুঁৱা, ঘৰুৱা মটৰ সংযোগী পানীৰ পাইপ, জলজীৱন আঁচনিৰ ঘৰুৱা সংযোগী আৰু পথত সংযোগ হোৱা পানী পাইপ সকলো ৷

ইপিনে, চৰকাৰে কেৱল বান সাহায্যৰ নামত চাউল, দালি, নিমখ কিছু বিতৰণ কৰিয়েই দায়িত্ব সামৰিছে বুলি বন্যাৰ্তই ক্ষোভ প্ৰকাশ কৰিছে ৷ বন্যাৰ্তক সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰত ধেমাজি জিলা প্ৰশাসনে সম্পূৰ্ণ নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি আহিছে বুলিও সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে বানাক্ৰান্তই ।

বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা লালুং গাঁৱৰ ৰাইজৰ দুখ-দুৰ্দশাৰ প্ৰতি জনপ্ৰতিনিধি-মন্ত্ৰীয়ে প্ৰয়োজনীয় গুৰুত্ব নিদিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: ধেমাজিত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰণোজ পেগুৰ : বানাক্ৰান্তৰ ক্ষোভৰ উদগীৰণ - Assam Flood 2024

নিশা ১ বজাত ক’ৰ পৰা আহিল প্ৰলয়ংকৰী বান ? মুহূৰ্ততে হুৱাদুৱা - Assam Flood 2024

বান বিধ্বস্ত ধেমাজিত নাৱেৰে গৈ আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ স্বাস্থ্য পৰীক্ষা চিকিৎসক-নাৰ্ছৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.