ETV Bharat / state

কৃষকৰ দুৰ্গতি, কোনে দিব উচিত মূল্য ! - Farmers issue

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 7:26 PM IST

Farmers face difficulties : চৰকাৰে আঁচনি ৰূপায়ণ কৰেহে কৰে, কিন্তু এতিয়াও সমস্যাৰে জৰ্জৰতি ৰাজ্যৰ কৃষক ৷ কৃষকসকলে একপ্ৰকাৰ জোৰ-জবৰদস্তি কৰি মধ্যভোগীৰ হাতত পানীৰ দৰত দিব লগীয়া হৈছে উৎপাদিত ফচল । কি ক’লে কৃষকসকলে ?

Farmers face difficulties in Golaghat
কৃষকৰ দুৰ্গতি, কোনে দিব উচিত মূল্য ! (ETV BHARAT ASSAM)

গোলাঘাট, 6 মে’ : অসম এখন কৃষিপ্ৰধান ৰাজ্য ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও বহু লোকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন-যাপন কৰিছে ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে কৃষকসকলৰ হকে বহুতো আঁচনি হাতত লৈছে ৷ ইয়াৰে অন্যতম হৈছে কৃষকসকলে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰা ৷

ইয়াৰ মাজতে গোলাঘাট জিলাৰ বোকাখাতত এতিয়া বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈছে কৃষকসকল ৷ ভাল উৎপাদন কৰিও উচিত মূল্যৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ৰঙালাওৰ খেতিয়কসকল । বোকাখাতৰ মৰিয়াহোলাৰ চগুৰি চহলা, যোগনীয়া অঞ্চলৰ লোকসকলে ৰঙালাওৰ খেতিৰ ওপৰতেই নিৰ্ভৰ কৰি উপাৰ্জন কৰে ৷ অঞ্চলটোৰ লোকসকলে হাজাৰ হাজাৰ বিঘা মাটিত উৎপাদন কৰিছে বৃহৎ পৰিমাণৰ ৰঙালাও ।

16, 12, 14 চকীয়া বৃহৎ বৃহৎ ট্ৰাকত দিনে নিশাই অসমৰ পৰা বহিঃৰাজ্যলৈ ৰঙালাও ৰপ্তানি কৰা হৈছে ৷ এখন ট্ৰাকত গৈছে 25 ৰ পৰা 28 টন পৰ্যন্ত ৰঙালাও । কিন্তু কৃষকৰ অনুসৰি এইবাৰ উচিত দাম পোৱা নাই কৃষকে । বেয়া বতৰৰ বাবে মাটিতে ৰঙালাও গেলিবলৈ লোৱাত বাহিৰৰ বেপাৰীক মাতি আনি দিব লগা হৈছে ৰঙালাও । তথাপিও এতিয়া আন খেতিতকৈ ৰঙালাও লাভজনক খেতি ৷

ইফালে এই ৰঙালাও ক্ৰয় কৰা মৰিগাঁৱৰ বিক্ৰেতাজনৰ অনুসৰি, এতিয়ালৈকে এই অঞ্চলৰ পৰা প্ৰায় 40/45 ট্ৰাক ৰঙালাও নিয়া হৈছে । এইসমূহ কলকাতা, ওড়িশা, ত্ৰিপুৰা আদিলৈ ৰপ্তানি কৰা হৈছে ৷ আগন্তুক সময়ত এই অঞ্চলৰ পৰা আৰু 100 ট্ৰাক ৰঙালাও লৈ যাব বুলি কয় ইছলামে ।

উল্লেখ্য যে, ক'ভিড মহামাৰীৰ সময়ত বোকাখাতৰ পৰাই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰা হৈছিল ৰঙালাও ৷ কিন্তু ৰহস্যজনকভাৱে তাৰ পাচৰে বন্ধ হৈ পৰে ৰঙালাওৰ ৰপ্তানি ৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া কৃষকসকলে একপ্ৰকাৰ জোৰ-জবৰদস্তি কৰি মধ্যভোগীৰ হাতত পানীৰ দৰত দিব লগীয়া হৈছে উৎপাদিত ফচল ।

লগতে পঢ়ক: পিতা-পুত্ৰই নীৰৱেই চলাইছে দুগ্ধ বিপ্লৱ - Self Reliant Story

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.