ETV Bharat / state

অসমীয়া ভাষা, জাতি আৰু সংস্কৃতি জীয়াই থাকিলেহে ৰাজনীতি থাকিব : উপেন্দ্ৰজিৎ শৰ্মা - ASSAM SAHITYA SABHA

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 1:49 PM IST

Executive Meeting of Nagaon District Sahitya Sabha : নগাঁও জিলা সাহিত্য সভাৰ চতুৰ্থ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাৰ ৷ অসমীয়া ভাষাৰ প্ৰচাৰ আৰু ব্যৱহাৰৰ ওপৰত চৰকাৰে চকু দিয়া উচিত বুলি মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীৰ ৷

ASSAM SAHITYA SABHA
নগাঁও জিলা সাহিত্য সভাৰ চতুৰ্থ কাৰ্যনিৰ্বাহক সভা (ETV Bharat Assam)

নগাঁও, 5 আগষ্ট : দেওবাৰে নগাঁৱৰ জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা নগাঁও জিলা সাহিত্য সভাৰ চতুৰ্থ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই ৷ জুৰীয়া শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক শৰ্মাই ৷

অসমীয়া ভাষাৰ ব্যৱহাৰৰ সন্দৰ্ভত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ মন্তব্য (ETV Bharat Assam)

বিশেষকৈ বৰাকৰ অন্তিমখন অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হোৱাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়ক: বিশিষ্ট লেখক-সাংবাদিক পবিত্ৰ বৰালৈ জয়ছিং হাঞ্চে বঁটা - Assam Sahitya Sabha

তেওঁ কয়, "এইটো এটা ৰাজনৈতিক কথা ৷ মই এজন শিক্ষক ৷ 40 বছৰকাল মই বিদ্যালয়ৰ পৰা মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ শিক্ষকতা কৰিছো ৷ সদায় বিদ্যালয় এখন বৰ্তি থাকিব তাৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে ৷ যদি বিদ্যালয় এখনত ছাত্ৰ-ছাত্ৰী নাথাকে, তেন্তে সেই বিদ্যালয়খন বন্ধ হ’ব ৷ যদি কোনো এটা বিষয় গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী নাথাকে, তেন্তে বিষয়টোৰ পাঠদান বন্ধ হ’ব ৷ গতিকে পৰ্যায়ক্ৰমে বৰাকত অসমীয়া বিষয় অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি আহিছে আৰু কমি অহাৰ ফলশ্ৰুতিস্বৰূপে তাত অসমীয়া বিষয়টো লাহে লাহে নোহোৱা হৈ পৰিছে" ৷

লগতে পঢ়ক: অসমীয়া জাতীয়তাবাদৰ কাঠামো সম্পূৰ্ণৰূপে ভাঙি পেলাইছে চৰকাৰে : আটাছু - ATASU PRESS MEET

তেওঁ কয়, "মই ধুবুৰীত থাকো ৷ ধুবুৰীত অসমীয়া ভাষাৰ পৰিসৰ বাঢ়িছে ৷ গতিকে আগৰ ধুবুৰীত থকা বাংলা ভাষাৰ বিদ্যালয়সমূহ বন্ধ হৈ অসমীয়া ভাষালৈ ৰূপান্তৰ ঘটিছে ৷ সেইটোও ক’ব লাগিব আমি ৷ গতিকে আমি এক সচেষ্ট দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব আৰু আমি সদায়ে কৈ আহিছো মাধ্যম কি হৈছে, সেয়া চাবলগীয়া নহয়, অসমীয়া ভাষাতে পঢ়িছে নে ইংৰাজী ভাষাতে পঢ়িছে নে বাংলাতে পঢ়িছে ৷’’

‘‘কিন্তু অসমৰ যিটো সংযোগী ভাষা যাক লিংগ ফাংগা বুলি কোৱা হৈছে, জাতি-জনগোষ্ঠী সকলোৰে সংযোগী ভাষা অসমীয়া ভাষাটো ইংৰাজী মাধ্যমৰে বিদ্যালয়ে হওঁক বা আন কিবায়ে হওঁক ব্যৱহাৰ কৰাটোত চৰকাৰে নজৰ দিয়াটো উচিত আৰু সকলোতে অসমীয়া ভাষাটো বাধ্যতামূলক কৰা উচিত ৷ ইয়াৰ জৰিয়তে আমাৰ সমন্বয়, সম্প্ৰীতিৰ বাৰ্তা বহন কৰিব ৷ মই সদায় এটা কথায়ে কৈ আহিছো, জাতি থাকিলেহে, ভাষা থাকিলেহে ৰাজনীতি থাকিব ৷ যদিহে মোৰ জাতি নাথাকে, ভাষা নাথাকে, সাংস্কৃতিক পৰম্পৰা নাথাকে, মই কাক লৈ ৰাজনীতি কৰিম ৷" তেওঁ কয় ৷

উল্লেখ্য যে, জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাত সাহিত্য সভাৰ জনগোষ্ঠীয় ইতিহাস প্ৰকল্পৰ আহ্বায়ক ড৹ বিপিন চন্দ্ৰ কলিতা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত কুমাৰ মহন্ত, সম্পাদক ৰেৱত কুমাৰ কুমাৰ হাজৰিকাকে ধৰি জিলা সাহিত্য সভা লগতে জুৰীয়া শাখা সাহিত্য সভাৰ সভাপতি ফজলুল হক মড়লৰ লগতে সকলো বিষয়ববীয়া, সদস্যসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: বিটিআৰত অসমীয়া ভাষাৰ প্ৰয়োগ সন্দৰ্ভত প্ৰমোদ বড়োক সাক্ষাৎ অসম সাহিত্য সভাৰ প্ৰতিনিধিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.