ধুবুৰী ,১ অক্টোবৰ: বুধবাৰে মহালয়াৰ আৰম্ভণিৰে সূচনা হ’ব দেৱীপক্ষৰ । এই দেৱীপক্ষতেই ধৰালৈ আগমন ঘটে দেৱী দুৰ্গাৰ । মহা আড়ম্বৰৰে উদযাপন কৰা হয় শক্তিৰ প্ৰতীক তথা দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পুজা ৷ অসমতো দুৰ্গা পুজাৰ আছে এক সুকীয়া ইতিহাস আৰু পৰম্পৰা ৷ প্ৰতিবছৰেই শাৰদীয় দুৰ্গোৎসৱৰ আয়োজনক লৈ সীমাহীন ব্যস্ততাই বিৰাজ কৰে শিশুৰ পৰা বৃদ্ধলৈ সকলো শ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত । স্বাভাৱিকতেই এইবাৰো একেই উচাহ সমাগত দুৰ্গোৎসৱকলৈ । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজকসকল ব্যস্ত সুচাৰুৰূপে পুজাৰ আয়োজনত ।
দুৰ্গোৎসৱলৈ মাত্ৰ এসপ্তাহ বাকী থকা অৱস্থাত অধিক ব্যস্ত হৈ পৰিছে মৃণ্ময় শিল্পীসকলো । দেৱী দুৰ্গাৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত শিল্পীসকলৰ এতিয়া যেন আহৰিয়েই নাই । তাৰ মাজতে ঠায়ে ঠায়ে বিভিন্ন শিল্পীসকলে কিছু ব্যতিক্ৰমী ধৰণে সাজি উলিয়াইছে দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি । যিয়ে শিল্পীৰ প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰাৰ উপৰি সমাজলৈ কঢ়িয়াব এক বিশেষ বাৰ্তা । তেনে এক শিল্পীৰ ব্যতিক্ৰমী প্ৰচেষ্টাই প্ৰাণ পাইছে ধুবুৰীত ।
শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোন কেইটামান দিন বাকী থকা মুহূৰ্তত ৰাজ্যৰ আন আন ঠাইৰ দৰে ধুবুৰী চহৰতো বিভিন্ন দুৰ্গা পূজাৰ কমিটীসমূহে ব্যাপক প্ৰস্তুতি চলাইছে । ঠিক একেদৰেই ব্যস্ত হৈ আছে এজন ব্যক্তি যাৰ পৰিচয় এক ব্যতিক্ৰমী শিল্পীৰ । নিজৰ সৃষ্টিশীল প্ৰতিভাৰে সদায় সকলোৰে দৃষ্টি আকৰ্ষণ কৰি অহা এই শিল্পীগৰাকীয়ে এইবাৰ এক অনন্য প্ৰয়াসেৰে সৃষ্টি কৰিছে দেৱী দুৰ্গাৰ আমি পূৰ্বে এক নেদেখা ৰূপৰ ।
এক অনবদ্য শিল্প প্ৰতিভাৰ গৰাকী এই ব্যক্তিজন হৈছে সঞ্জীৱ বসাক । এইবাৰ দুৰ্গা পুজা উপলক্ষে সঞ্জীৱ বসাকে সাজি উলিয়াইছে দুটাকৈ ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা । পৰিৱেশ সচেতনাৰ প্ৰতি লক্ষ্য ৰাখি আৰু সমাজক এই বাৰ্তা বিয়পাই দিয়াৰ উদ্দেশ্যৰে পৰিৱেশ অনুকূল দেৱী প্ৰতিমা নিৰ্মাণ কৰি উলিয়াইছে সঞ্জীৱ বসাকে ।
সঞ্জীৱ বসাকৰ নিৰ্মিত দুৰ্গা প্ৰতিমাক লৈ ধুবুৰীত চলিছে চৰ্চা । কাৰণ বসাকে সাজি উলিয়াইছে বুতাম আৰু পেলনীয়া কাৰ্বন ক'পাৰেৰে নিৰ্মিত দুৰ্গা প্ৰতিমা ৷ হয় আপুনি ঠিকেই শুনিছে ৷ আপোনাৰ মোৰ দৈনন্দিন জীৱনত বৰ বিশেষ কামত নহা এই সামগ্ৰীসমূহেৰেই সঞ্জীৱ বসাকে সাজিছে দশভূজাক । পেছাত এগৰাকী চৰকাৰী কৰ্মচাৰী তথা শিল্পী সঞ্জীৱে এইবাৰ বুতাম আৰু কাৰ্বন কপাৰেৰে পৃথকে পৃথকে দুটিকৈ দুৰ্গা প্ৰতিমা সাজি উলিয়াইছে ।
বুটামেৰে নিৰ্মাণ কৰি উলিওৱা দুৰ্গা প্ৰতিমাভাগ সাজি উলিয়াবলৈ সঞ্জীৱ বসাকৰ সময় খৰচ হৈছে প্ৰায় তিনিমাহ । আনহাতে কাৰ্বন ক'পাৰেৰে সাজি উলিওৱা দুৰ্গা প্ৰতিমাভাগ নিৰ্মাণ কৰি উলিয়াবলৈ তেওঁৰ সময় লাগিছে প্ৰায় ৯ মাহ । অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ পৰিদৰ্শক হিচাপে কৰ্মৰত সঞ্জীৱ বসাকৰ ঘৰ হৈছে ধুবুৰী চহৰৰ ৩ নং ৱাৰ্ডত । চৰকাৰী কাম-কাজৰ ব্যস্ততাৰ মাজতো বসাকে ঘৰলৈ আহি প্ৰতি নিশা ৯ বজাৰ পৰা তেওঁৰ এই সৃষ্টিশীল কাম-কাজসমূহ কৰি গৈছে ।
কেৱল এয়াই নহয়, ইয়াৰ পূৰ্বেও সঞ্জীৱ বসাকে দিয়াচলাইৰ কাঠি, প্লাষ্টিকৰ পেলনীয়া বটল, প্লাষ্টিকৰ চামুচ, থাৰ্ম'কল, কেপচুল আৰু টেবলেট আদি বিভিন্ন পেলনীয়া সামগ্ৰীৰে দুৰ্গা প্ৰতিমা বনাই বিভিন্ন দল-সংগঠনৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে ইণ্ডিয়ান বুক ৰেকৰ্ডছ, আছাম বুক অব ৰেকৰ্ডছে তেওঁৰ শিল্প-কৰ্মৰ ভূয়সী প্ৰশংসা কৰি বসাকক সন্মানিত কৰিছিল ।
এইবেলিও দুৰ্গা পূজাত তেওঁৰ বুটামৰ দ্বাৰা নিৰ্মাণ কৰা দুৰ্গা প্ৰতিমা আৰু কাৰ্বন ক'পাৰেৰে নিৰ্মাণ কৰা দুৰ্গা প্ৰতিমা দুভাগ ধুবুৰীৰ দুখন কৈ দুৰ্গা পূজা কমিটীত স্থান লাভ কৰিব বুলি জনাই শিল্পীগৰাকীয়ে । লগতে বসাকে কয় “সমাজক প্ৰদুষণমুক্ত কৰাৰ এটা মূল উদ্দেশ্য হাতত লৈ বুটামেৰে এই মূৰ্তি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো । ৰাইজে বুজি পাব লাগে যে যিদৰে ইমানবোৰ বুটাম লগ লগাই এটা মূৰ্তি বনাব পৰা গৈছে সেই একেদৰে সকলো মানুহ একেলগ হ’লে আমাৰ চৌপাশ প্ৰদূষণমুক্ত হোৱাৰ ১০০% সম্ভাৱনা আছে ।”