ETV Bharat / state

১৫ ডিচেম্বৰৰ পূর্বে গুৱাহাটীৰ প্ৰতিখন চিটিবাছে সলাব বৰণ - COLOUR OF GUWAHATI CITY BUS

চিটিবাছসমূহত অহা ১৫ ডিচেম্বৰৰ পূর্বে এই সাংকেতিক চিহ্ন ব্যৱহাৰ কৰিবলৈ নির্দেশ । ব্যক্তিগতৰ লগতে এ এছ টি চিৰ বাছতো সাংকেতিক ৰং ব্যৱহাৰ কৰিব লাগিব ।

colour of Guwahati city bus
সলনি হ'ব মহানগৰীৰ চিটিবাছৰ ৰং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 6, 2024, 8:56 PM IST

গুৱাহাটী : যোৱা বছৰৰ আৰম্ভণিতে গুৱাহাটী স্মাৰ্ট চিটীৰ অধীনত গুৱাহাটীত সেউজীয়া বাছৰ চলাচল আৰম্ভ কৰাৰ পিচতে এই বছৰৰ আৰম্ভণিৰে পৰা গুৱাহাটীত চলাচল কৰা সকলো ব্যক্তিগত আৰু চৰকাৰী চিটীবাছত বিশেষ ৰং দি চলাচল কৰিব লাগিব । ইতিমধ্যে এই সন্দৰ্ভত পৰিবহণ বিভাগে নিৰ্দেশনা জাৰি কৰিছে ।

গুৱাহাটী মহানগৰীত চলাচল কৰা প্ৰতিখন যাত্রীবাহী চিটিবাছত সাংকেতিক চিহ্ন হিচাপে থাকিব সুকীয়া ৰং । চিটিবাছসমূহৰ দিশ নির্দেশনা হিচাপে অহা ১৫ ডিচেম্বৰৰ পূর্বে এই সাংকেতিক চিহ্ন ব্যৱহাৰ কৰিবলৈ নির্দেশ দিছে আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীয়ে । যাত্রীৰ সুবিধার্থে ব্যক্তিগত চিটিবাছৰ লগতে এ এছ টি চিৰ বাছতো এই সাংকেতিক ৰং ব্যৱহাৰ কৰিব লাগিব ।

colour of Guwahati city bus
গুৱাহাটীৰ ব্যক্তিগত চিটিবাছ (ETV Bharat Assam)

কি বাছত থাকিব কি ৰং

আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীয়ে দিয়া নিৰ্দেশ অনুসৰি, চন্দ্ৰপুৰৰ পৰা ধাৰাপুৰলৈ চলাচল কৰা চিটিবাছসমূহৰ ওপৰৰ ফালে থাকিব আকাশী নীলা ৰং আৰু তলৰ ফালে থাকিব নীলা ৰং । ইয়াৰ লগতে বশিষ্ঠ মন্দিৰ-ধাৰাপুৰ পথত চলাচল কৰা বাছৰ ওপৰফালে কমলা ৰং আৰু তলৰফালে নীলা ৰং থাকিব । নটবমা-ধাৰাপুৰলৈ চলা বাছৰ ওপৰফালে হালধীয়া, তলৰ ফালে নীলা, চার্চফিল্ড-কামাখ্যালৈ চলাচল কৰা বাছৰ ওপৰফালে গ্রে' ৰং আৰু তলৰ ফালে মেৰুণ ৰং আৰু আই এছ বি টি-পল্টনবজাৰলৈ চলাচল কৰা বাছৰ ওপৰ ফালে ক'লা-বগা ৰং, তলৰ ফালে ৰঙা-বগা ৰং থাকিব ।

তদুপৰি, বোন্দাৰ পৰা ধাৰাপুৰলৈ চলাচল কৰা বাছৰ ওপৰ ফালে নীলা-বগা, তলৰ ফালে নীলা, খানাপাৰাৰ পৰা ধাৰাপুৰলৈ চলাচল কৰা বাছৰ ওপৰ ফালে বগা, তলৰ ফালে নীলা ৰঙ থাকিব । ১৭ নম্বৰ খানাপাৰা পথত চলাচল কৰা বাছৰ ওপৰ আৰু তলৰ ফালে ৰঙা ৰং, বিমানবন্দৰৰ পৰা পল্টনবজাৰলৈ ৯ নম্বৰ পথত চলাচল কৰা বাছৰ ওপৰ ফালে জলফাই ৰং, তলৰ ফালে ৰঙা-বগা ৰং আৰু ৫৪ নম্বৰ ধাৰাপুৰ পথত চলাচল কৰা বাছৰ ওপৰ আৰু তলত থাকিব নীলা ৰং ।

colour of Guwahati city bus
ASTC চিটিবাছ (ETV Bharat Assam)

কিয় দিয়া হৈছে এই ৰং

এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা পৰিবহণ প্ৰাধিকৰণৰ আঞ্চলিক পৰিবহণ বিষয়া তামছিন আফতাফে কয়, "গুৱাহাটীত চিটিবাছত নিৰ্দিষ্ট ৰং দিয়াটো বাধ্যতামূলক কৰা হৈছে । যাত্ৰীৰ সুবিধাৰ বাবে এই ব্যৱস্থা কৰা হৈছে ।‌ লগতে এই‌ ব্যৱস্থা থাকিলে নিয়ম ভংগকাৰী‌ বাছৰ ক্ষেত্ৰত পৰিবহণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰাত সুবিধা হ'ব ।"

তেওঁ কয়, ‘‘গুৱাহাটীত বৰ্তমান ব্যক্তিগত চিটিবাছ ২৫০ খন, সেউজীয়া ইলেকট্ৰিক বাছ ২০০ খন আৰু চি এন জি বাছ ১০০ খন‌ মুঠ ৫৫০ খন বাছ চলাচল কৰি আছে । এই সকলো বাছতে এই ৰং প্ৰয়োগ কৰিব‌ লাগিব । যিবোৰ বাছে নকৰে আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব ।’’

চিটিবাছ ইউনিয়নৰ মতামত

এই সন্দৰ্ভত গুৱাহাটী চিটিবাছ ইউনিয়নৰ সম্পাদক ধীৰাজ দাসে কয়, ‘‘এই ধৰণৰ ব্যৱস্থাৰ ফলত চিটিবাছৰ পথ চিহ্নিত কৰিব নোৱৰা মানুহৰ বাবে বেছি সুবিধা হ'ব । বিশেষকৈ নিৰক্ষৰ যাত্ৰীৰ বাবে এই সুবিধা ‌হ'ব । গুৱাহাটীত আমাৰ ২৫০ খনমান চিটিবাছ আছে । আমি ইতিমধ্যে একাংশ চিটিবাছত কৰিছোঁ । বাকীবোৰতো নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিম । বাকী চৰকাৰী ‌বাছৰ ক্ষেত্ৰত আমি নাজানো ।’’

colour of Guwahati city bus
পৰিবহণ বিভাগৰ জাননী (ETV Bharat Assam)

এই‌ সন্দৰ্ভত গুৱাহাটী চিটিবাছ ইউনিয়নৰ সভাপতি প্ৰদীপ দাসে কয়, "ৰাজ্য চৰকাৰে কাৰ্যত গুৱাহাটী মহানগৰীক সঠিকৰূপত স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাত ব্যৰ্থতা প্ৰদৰ্শন কৰিলেও স্মাৰ্ট চিটীৰ নামত গুৱাহাটী মহানগৰীত ৰাজ্য চৰকাৰে কিছুমান চমক সৃষ্টিৰ কাম কৰিছে । বাছত ৰং দিয়াটো অন্য এক চমক সৃষ্টি বুলি ক'ব পাৰি ।"

লগতে পঢ়ক :ৰাজ্যৰ ৪৪০৯৪ খন বিদ্যালয়ত তিনিটা পৰ্যায়ত হ’ব গুণোৎসৱ; ম'বাইল এপ'-প'ৰ্টেল মুকলি
লগতে পঢ়ক :মিছন বসুন্ধৰা ৩.০ লৈ সঁহাৰি নাই ৰাইজৰ: এতিয়ালৈকে মাত্র প‍াঁচ সহস্ৰাধিক আবেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.