ETV Bharat / state

আজি বিশ্ব ৰেডিঅ’ দিৱস: স্মৃতিৰ মণিকোঠাত এতিয়াও আপুনি নিশ্চয় খেদি ফুৰে আকাশবাণীৰ সেই অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 8:37 PM IST

World Radio Day: আজি বিশ্ব ৰেডিঅ’ দিৱস । ২০১২ চনৰ পৰা ১৩ ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব ৰেডিঅ’ দিৱস হিচাবে সমগ্ৰ বিশ্বজুৰি পালন কৰি অহা হৈছে ।

etv bharat special interview on World Radio Day 2024
বিশ্ব ৰেডিঅ’ দিৱস
অৱনী বৰাৰ মন্তব্য

গুৱাহাটী, 13 ফেব্ৰুৱাৰী : আপুনি শুনি আছে কল্পতৰু । স্মৃতিৰ মণিকোঠাত এতিয়াও আপুনি নিশ্চয় খেদি ফুৰে আকাশবাণী ৰেডিঅ’ৰ গীতিমালিকা, কল্পতৰু, অকণিৰ মেল আদি অনুষ্ঠানবোৰ । আকাশবাণী ৰেডিঅ’ক শিখৰলৈ নিয়া এটা অনুষ্ঠান আছিল অসীম কাজীৰ ফোন ইন কল্পতৰু অনুষ্ঠান । যাৰ বাবে অধিক আগ্ৰহেৰে বাট চাই ৰৈছিল শ্ৰোতাসকল ।

  • " class="align-text-top noRightClick twitterSection" data="">

সময়ৰ সোঁতত তথা যান্ত্ৰিকতাৰ মাজত যেন হেৰাই গৈছে এইবোৰ শব্দ । বৰ্তমান সময়ত এডভান্স টেকন’লজীৰ পৰিপ্ৰেক্ষিতত কিছু পৰিমাণে ৰেডিঅ’ৰ প্ৰাসংগিতা কমি আহিছে যদিও ৰেডিঅ’ৰ ভূমিকা আজিও সমাজৰ প্ৰতিটো স্তৰতেই আছে । শিক্ষামূলক অনুষ্ঠান, খেল, খবৰ, গান, নাটক আদি সকলো ৰেডিঅ’ৰ দ্বাৰাই প্ৰচাৰ কৰা হয় । আজি বিশ্ব ৰেডিঅ’’ দিৱস । এইবর্ষত "তথ্যযোগান, বিনোদন আৰু শিক্ষা" এই তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব দি এইবাৰৰ ৰেডিঅ’ দিৱস পালন কৰা হৈছে ।

২০১২ চনত ১৩ ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব ৰেডিঅ’ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ইউনেস্কই আৰু তেতিয়াৰে পৰা প্ৰতি বছৰে ১৩ ফেব্ৰুৱাৰীৰ দিনটোত বিশ্ব ৰেডিঅ’ দিৱস পালন কৰি অহা হৈছে । ১৯৭৪ চনৰ আজিৰ দিনটোতে জেনেভাত এখন ইন্টাৰনেছনেল ৰেডিঅ’ কনফাৰেন্স অনুষ্ঠিত হৈছিল ।

বৰ্তমান অসমত মুঠ ৭ টা ৰেডিঅ’ কেন্দ্ৰ আছে । তাৰোপৰি বহুকেইটা ৰেডিঅ’ ষ্টেচনো আছে । এই ষ্টেচনসমূহে আকাশবাণী গুৱাহাটীত সম্প্ৰচাৰ হোৱা অনুষ্ঠানসমূহ লোৱাৰ উপৰিও তেওঁলোকে নিজাববীয়াকৈও অনুষ্ঠান প্ৰচাৰ কৰে । ইফালে যান্ত্ৰিকতা আৰু প্ৰযুক্তিৰ উন্নয়নৰ লগতে সময়ৰ সোঁতত যেন হেৰাই গৈছে ৰেডিঅ’ৰ পূৰ্বৰ মাদকতা । এই সন্দৰ্ভত মন্তব্য কৰি আকাশবাণী বাণী গুৱাহাটীৰ প্ৰাক্তন বিষয়া অৱনী বৰাই মন্তব্য কৰি কয়, ‘এটা সময় আছিল । যেতিয়া টেলিভিছন প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল তেতিয়া সেই জনপ্ৰিয়তা কিছু হ্ৰাস পাইছিল । কিন্তু তেতিয়াও এচাম মানুহে ৰেডিঅ’ শুনিছিল । আগতে মানুহৰ একমাত্ৰ মাধ্যম আছিল ৰেডিঅ’। কিন্তু যেতিয়া টেলিভিছন আহিল তেতিয়া স্বাভাৱিকতে মানুহৰ আকৰ্ষণটো সেইফালে বৃদ্ধি হ’বলৈ ধৰিলে । কিন্তু FM অহাৰ লগে লগে বৰ্তমান ৰেডিঅ’ৰ সেই আগৰ জনপ্ৰিয়তাটো আকৌ বাঢ়িছে ।’

লগতে পঢ়ক : সৰস্বতী পূজাৰ দিনা কি কি ৰীতি-নীতি পালন কৰিব লাগে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.