ETV Bharat / state

লক্ষ্য ২০২৬ চনৰ নিৰ্বাচন ! মাৰ্ঘেৰিটাৰ মন্ত্ৰিত্ব, তেলীক সভাপতি পতাৰ সমীকৰণ - Assam CM Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 10:17 PM IST

Assam BJP Strategy : গৌৰৱ গগৈৰ উত্থান ৰুধিবলৈকে পবিত্ৰ মাৰ্ঘেৰিটাক কেন্দ্ৰীয় মন্ত্ৰিত্ব ! বিজেপিৰ ৰাজ্যিক সভাপতি হ’ব নেকি ৰামেশ্বৰ তেলী ? ২০২৬ চনৰ সমীকৰণে কি কয় ?

Assam BJP Strategy
পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰামেশ্বৰ তেলী (ETV Bharat Assam)

গুৱাহাটী, ১০ জুন : মোদী 3.0 চৰকাৰৰ কেবিনেটত অসমৰ পৰা স্থান লাভ কৰিলে দুজনকৈ সাংসদে । সকলোৱে পূৰ্বানুমান কৰাৰ দৰেই সৰ্বানন্দ সোণোৱালে মোদী মন্ত্ৰীসভাত কেবিনেট মৰ্যাদাৰে স্থান লাভ কৰিলে । ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাৰে সকলোকে আচৰিত কৰি স্থান লাভ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই । কিন্তু কাৰোৰে পূৰ্বানুমান নাছিল যে ৰাজ্যসভাৰ সাংসদ, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই স্থান লাভ কৰিব মোদীৰ মন্ত্ৰীসভাত ।

কেন্দ্ৰীয় মন্ত্ৰিত্বৰ বাছনিলৈ নাহিল বিজেপিৰ অসমৰ দুই মিত্ৰ দল অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ সাংসদ ৷ তাৰ বিপৰীতে বিজেপিৰেই দুজনকৈ সাংসদে স্থান লভিলে মোদী মন্ত্ৰীসভাত । এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্ত্ৰিত্ব লাভক লৈ অসম বিজেপিৰ ৰাজনীতিৰ বিভিন্ন সমীকৰণ চৰ্চালৈ আহিছে । ২০২৬ৰ অসমৰ বিধানসভা নিৰ্বাচনক লৈয়ো চৰ্চালৈ আহিছে বিভিন্ন প্ৰসংগ ৷

উদ্ৰেক ঘটিছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ

  1. উজনি অসমত কংগ্ৰেছৰ গৌৰৱ গগৈৰ ৰাজনৈতিক উত্থানক ৰুধিবলৈ পবিত্ৰ মাৰ্ঘেৰিটাক কেন্দ্ৰীয় মন্ত্ৰিত্ব দিয়া হ’ল নেকি ?
  2. কেন্দ্ৰত নিজৰ শিবিৰৰ এজন বিশ্বস্ত প্ৰতিনিধিৰ প্ৰয়োজন বাবেও নিজৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাক কেন্দ্ৰীয় মন্ত্ৰিত্বৰ বাবে প্ৰক্ষেপ কৰিলে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?
  3. মোদীৰ নতুন মন্ত্ৰীসভাত অসমৰ চাহ জনগোষ্ঠীৰ এগৰাকীও প্ৰতিনিধি অন্তৰ্ভুক্ত নহ’ল কিয় ?
  4. কেন্দ্ৰীয় মন্ত্ৰিত্বৰ পৰা বঞ্চিত হোৱা চাহ জনগোষ্ঠীৰ সন্তুষ্টিৰ বাবে নিযুক্তি দিয়া হ’ব নেকি জনগোষ্ঠীটোৰ পৰা অসম ৰাজ্যিক সভাপতি ?

বিশ্লেষণ ১ : গৌৰৱৰ জয়যাত্ৰাই বাট মুকলি কৰিলে পৱিত্ৰ মাৰ্ঘেৰিটাৰ ?

লোকসভা নিৰ্বাচনত এইবাৰ যোৰহাটত সৰ্বশক্তি প্ৰয়োগ কৰি তপন কুমাৰ গগৈৰ হৈ ৰণত নমা বিজেপিৰ সকলো ৰণনীতি ওফৰাই পেলাই গৌৰৱ গগৈয়ে লাভ কৰা জয়ে বিজেপিৰ ১১ খন আসনৰ জয়কো ম্লান কৰি পেলালে ৷ গৌৰৱৰ এই জয় ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে এক লক্ষণীয় বিষয় হিচাপে পৰিগণিত হৈছে ৷ লগতে বিজেপিৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে ৷

লক্ষণীয়ভাৱে অসমৰ প্ৰায় ৫০ লাখ আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পৰাকৈ উজনি অসমত গৌৰৱ গগৈৰ বিকল্প হিচাপে কোনো এজন নেতা নাই বিজেপিৰ । যোৰহাট লোকসভা সমষ্টিত এইবাৰৰ নিৰ্বাচনত সমষ্টিটোৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিৰ ভিতৰত প্ৰায় ৯ টাতেই আহোম জনগোষ্ঠীৰ ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে উল্লেখ কৰিছে ।

সমগ্ৰ উজনি অসমত বৃহৎসংখ্যক বিধানসভা সমষ্টিত আহোম জনগোষ্ঠীয় ভোটাৰে বিশেষ ভূমিকা পালন কৰে । সেয়ে ২০২৬ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আহোম জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাৰ মোদী মন্ত্ৰীসভাত অভিষেক ঘটিল বুলি চৰ্চিত হৈছে ৷

বিশ্লেষণ ২ : দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত প্ৰতিনিধি পৱিত্ৰ মাৰ্ঘেৰিটা

এন ডি এৰ বিশাল মিত্ৰজোঁটৰ বাবে মন্ত্ৰিত্বৰ ভাগ-বতৰাত বিস্তৰ অসুবিধাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তাৰ মাজতে অসমৰ বিজেপিৰ পৰা কোনে মন্ত্ৰিত্ব লাভ কৰিব সেয়াও আছিল এক ডাঙৰ অংকয়ে । সৰ্বানন্দ সোণোৱালৰ স্থান লাভ আছিল প্ৰত্যাশিত আৰু অৱশ্যম্ভাৱী ৷

অসমৰ পৰা বিজেপিৰ আনজন কেন্দ্ৰীয় মন্ত্ৰী কোন হ’ব ? চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা, কেইবাবাৰৰো সাংসদ কামাখ্যা প্ৰসাদ তাছা, দিলীপ শইকীয়া, নতুন সাংসদ পৰিমল শুক্লবৈদ্য আদিৰ নাম চৰ্চিত হৈছিল । সৰ্বানন্দ সোণোৱাল নিজে জ্যেষ্ঠ মন্ত্ৰীৰূপে কেবিনেটত থকাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ শিবিৰৰ এজন কেন্দ্ৰীয় মন্ত্ৰী থকাটোও প্ৰয়োজনীয় হৈ পৰিছিল । সেয়ে পবিত্ৰ মাৰ্ঘেৰিটায়েই মুখ্যমন্ত্ৰী শিবিৰৰ তেনে উপযুক্ত ব্যক্তিৰূপে বিবেচিত হোৱাটোও চৰ্চালৈ আহিছে ৷

বিশ্লেষণ ৩ : চাহ জনগোষ্ঠীৰ প্ৰতিনিধি

এইবাৰৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰু মোদী মন্ত্ৰীসভাত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি বঞ্চিত হোৱা দেখা গ’ল । প্ৰথম, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’ল ডিব্ৰুগড়ত ৷ লগতে ৰাজ্যসভাৰ পৰা আনি লোকসভাত প্ৰাৰ্থিত্ব দিয়া হ’ল কামাখ্যা প্ৰসাদ তাছাক । আনহাতে, তেজপুৰৰ প্ৰাক্তন সাংসদ পল্লৱলোচন দাসো আঁতৰি থাকিল লোকসভা নিৰ্বাচনৰ পৰা ।

Assam BJP Strategy
মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে ৰামেশ্বৰ তেলী (ETV Bharat Assam)

গতিকে এই সময়ত সংসদত অসমৰ পৰা একমাত্ৰ তাছাই হ’ল চাহ জনগোষ্ঠীৰ প্ৰতিনিধি । কিন্তু কেইবাবাৰৰো সাংসদ কামাখ্যা প্ৰসাদ তাছা বাছনিত নুঠিল কেন্দ্ৰীয় মন্ত্ৰিত্বৰ বাবে । কাজেই লোকসভা নিৰ্বাচনোত্তৰকালত কেন্দ্ৰীয় মন্ত্ৰিত্ব নাপালে অসমৰ এই জনগোষ্ঠীটোৰ একমাত্ৰ সংসদৰ প্ৰতিনিধিজনে ।

স্বাভাৱিকতে প্ৰশ্ন হয় যে চাহ জনগোষ্ঠীৰ প্ৰায় ৭০ লক্ষাধিক জনতাক এইদৰে অসন্তুষ্ট কৰি ৰাখিবনে বিজেপিয়ে ? সমুখত পঞ্চায়ত আৰু অসম বিধানসভা নিৰ্বাচন । গতিকে যিদৰে আহোম জনগোষ্ঠীয় লোকসকলকো অসন্তুষ্ট কৰিব নোখোজে, একেদৰে চাহ জনগোষ্ঠীৰ জনতাকো অসন্তুষ্ট কৰিব নুখুজিব বিজেপিয়ে । স্বাভাৱিকতেই তাৰ বাবে বিজেপিৰ হাতত আছে আন এক পদক্ষেপ । তাৰ বাবে পঢ়ক তলৰ ৪ নম্বৰ বিশ্লেষণটো ।

বিশ্লেষণ ৪ : ৰামেশ্বৰ তেলী হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে আগষ্ট মাহত মন্ত্রীসভাৰ সাল-সলনি ঘটোৱা হ’ব ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত স্থান লাভ কৰিব বুলি চৰ্চালৈ আহিছে । ভৱেশ কলিতাই যদি অসম চৰকাৰৰ মন্ত্ৰিত্ব লাভ কৰে, তেন্তে তেতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি হ’ব কোন ?

লোকসভা নিৰ্বাচনৰ পিছত এতিয়া অসমত হ’বলগীয়া পৰৱৰ্তী দুটা নিৰ্বাচন হ’ল পঞ্চায়ত আৰু ২০২৬ৰ অসম বিধানসভা নির্বাচন ৷ তাৰ আগতেই উজনি অসমৰ পৰা এজন নেতাক ৰাজ্যিক বিজেপিৰ সভাপতিৰূপে গেৰুৱা দলটোৱে নিযুক্তি দিব পাৰে বুলি ব্যাপক চৰ্চা চলিছে ৷ উজনি অসমৰ চাহ জনগোষ্ঠীয় এজন নেতা নাইবা আহোম জনগোষ্ঠীৰ এজন নেতাক সভাপতি পাতিব পাৰে বুলি চর্চা চলিছে । চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে এইবাৰ লোকসভা নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত ৰামেশ্বৰ তেলীক বিজেপিয়ে ৰাজ্যিক সভাপতি পাতিব বুলি দলটোৰ ভিতৰুৱা খবৰ ৷

Assam BJP Strategy
বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু পূৰ্বৰ মুখ্যমন্ত্ৰীৰ সৈতে ৰামেশ্বৰ তেলী (ETV Bharat Assam)

আনহাতে, ডিব্রুগড় লোকসভা সমষ্টিত তেলীৰ পৰিৱৰ্তে সর্বানন্দ সোণোৱালক প্রার্থিত্ব দিয়াৰ পিছত সোণোৱালৰ ৰাজ্যসভাৰ আসনখনত তেলীক বিজেপিয়ে নিৰ্বাচিত কৰিব বুলি বিজেপিৰ ভিতৰচ’ৰাৰ তথ্য । ৰাজ্যসভালৈ পঠিওৱাৰ সমান্তৰালভাৱে ৰাজ্যিক সভাপতিৰূপে ৰামেশ্বৰ তেলীৰ নাম চৰ্চিত হৈছে । কিন্তু সৰ্বানন্দ সোণোৱাল শিবিৰৰ নেতা বুলি পৰিচিত ৰামেশ্বৰ তেলীক সভাপতি পতাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমীকৰণে সমৰ্থন কৰে নে নকৰে তাৰ বাবে কৰিব লাগিব কিছদিন অপেক্ষা ।

লগতে পঢ়ক :যোৰহাট লোকসভা সমষ্টিত চক্ৰবেহু ৰচনাত কি ভুল কৰিলে বিজেপিয়ে ? - LS polls 2024 results

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.