ETV Bharat / state

নৱনিযুক্ত সহকাৰী প্ৰৱক্তাসকলক পাঠ্যপুথিৰ লগত বন্ধুত্ব ৰাখিবলৈ পৰামৰ্শ শিক্ষামন্ত্রীৰ - New Education Policy

Malaviya Mission Teacher Training Programme : অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মালব্য মিছন শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত নৱনিযুক্ত সহকাৰী প্ৰৱক্তাসকলৰ প্ৰশিক্ষণ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু । প্ৰতিগৰাকী প্ৰৱক্তা বহুমুখী শিক্ষাৰ প্ৰতি ধাৱমান হৈ ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰীক বিকাশৰ প্ৰতি আগ্ৰহী হ’ব লাগিব বুলি মন্তব্য শিক্ষামন্ত্ৰীৰ ।

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 4:17 PM IST

RANOJ PEGU
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (X/@ranojpeguassam)

গুৱাহাটী, ২০ জুন : বৰ্তমান সময়ত নতুন শিক্ষানীতিৰ আধাৰত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাই এক ৰূপান্তৰৰ ফালে গতি কৰিছে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মালব্য মিছন শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ২৬০ গৰাকী নৱনিযুক্ত সহকাৰী প্ৰৱক্তাৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় ।

উক্ত অনুষ্ঠানত আজি প্ৰশিক্ষণৰ আৰম্ভণিতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত প্ৰতিগৰাকী নৱনিযুক্ত সহকাৰী অধ্যাপক আহি থকা দিনত শিক্ষা পদ্ধতিত ব্যৱহৃত বহুমুখী শিক্ষা ব্যৱস্থাৰ প্ৰতি ধাৱমান আৰু আগ্ৰহী হ’বলৈ আহ্বান জনায় ৷ প্ৰতিগৰাকী প্ৰৱক্তাক বহুমুখী শিক্ষাৰ প্ৰৱৰ্তনেৰে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ সমগ্ৰীক বিকাশৰ বাবে পদক্ষেপ ল’বলৈ পৰামৰ্শ প্ৰদান কৰে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে ।

লগতে পঢ়ক: নীট বিতৰ্কৰ মাজতে এইবাৰ বাতিল UGC-NET পৰীক্ষা

তদুপৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিগৰাকী প্ৰৱক্তাই কেৱল নিজৰ বিভাগতে সীমাবদ্ধ নাথাকি যাতে জ্ঞান আৰু কৌশলৰ প্ৰয়োগেৰে ছাত্ৰ-ছাত্ৰীসকলক সময়োপযোগী বিদ্যা প্ৰদান কৰে । তদুপৰি তেওঁ নৱনিযুক্ত সহকাৰী প্ৰবক্তাসকলক পাঠ্যপুথিৰ লগত বন্ধুত্ব ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰে ।

তেওঁ কয় যে বহুতো সময়ত কৰ্মসংস্থাপন পোৱাৰ পিচত এৰি অহা সময়ৰ পাঠ্যপুথিৰ লগত অচিনাকী হৈ পৰা দেখা যায় । শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান শিক্ষা বিভাগে সমগ্ৰ বিভাগটোকে এক নতুন ৰূপৰেখা দিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে । যাৰ ফলস্বৰূপে শিক্ষক-শিক্ষয়িত্ৰীসকলক নিৰন্তৰভাৱে দৈনন্দিন শিক্ষাপদ্ধতিৰ লগত পৰিচয় কৰি দিয়াৰ বাবে Continuous Teachers’ Training ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক: সময় মানি নচলিলে বিপদ : দুদিন ১৫ মিনিট পলম হ’লেই ছুটী কৰ্তন হ’ব বিদ্যালয়ৰ শিক্ষকৰ

তেওঁ প্ৰতিগৰাকী নৱনিযুক্ত সহকাৰী প্ৰৱক্তাক তেওঁলোকৰ আহি থকা দিনসমূহৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে ৷ আজিৰ এই অনুষ্ঠানত আদৰ্শ বিদ্যালয় সংগঠনৰ অধ্যক্ষ অধ্যাপক ননীগোপাল মহন্ত, উচ্চশিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, সঞ্চালক পমি বৰুৱা, এম এম টি চিৰ সঞ্চালক পাৰ্থপ্ৰতীম বৰুৱা উপস্থিত থাকে ।

লগতে পঢ়ক: নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰাচীন ভাৰতীয় প্ৰজ্ঞাৰ ওপৰত গুৰুত্ব দিছে- শিক্ষাবিদ শান্তিশ্ৰী ধূলিপুৰি পণ্ডিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.